ETV Bharat / bharat

Mizoram Election : পুৱা ১১ বজালৈকে মিজোৰামত ২৬.৪৩% ভোটদান সম্পন্ন - মিজোৰাম বিধানসভা নিৰ্বাচন

আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । ১৬ গৰাকী মহিলাকে ধৰি ৪০ খন আসনৰ বাবে ১৭৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । ৰাজ্যৰ আঠ লাখৰো অধিক ভোটাৰে আজি নিজৰ অধিকাৰ সাব্যস্ত কৰিব ।

Mizoram Election
আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 12:41 PM IST

নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ : আজি পুৱাৰে পৰা আৰম্ভ হৈছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱাৰে পৰা আৰম্ভ হোৱা মিজোৰামৰ ৪০ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৪ বজালৈ চলিব । পুৱাৰে পৰা মিজোৰামৰ ভোটকেন্দ্ৰসমূহত ভোটাৰে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

মিজোৰাম বিধানসভা নিৰ্বাচনত ৰাইজে উৎসাহেৰে অংশগ্ৰহণ কৰিছে । পুৱা ৯ বজালৈকে ১২.৮০ শতাংশ, পুৱা ১০ বজাত ১৭.২৫ শতাংশ আৰু পুৱা ১১ বজালৈকে মিজোৰামত ২৬.৪৩% ভোটদান সম্পন্ন হৈছে ৷ তথ্য অনুসৰি, মিজোৰাম বিধানসভাৰ বাবে ভোটদানৰ পূৰ্বে ম্যানমাৰৰ সৈতে ৫১০ কিলোমিটাৰ দৈৰ্ঘৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু বাংলাদেশৰ সৈতে ৩১৮ কিলোমিটাৰ দৈৰ্ঘৰ সীমান্ত ছীল কৰা হৈছে ।

মিজোৰামৰ ১২৭৬ টা ভোটকেন্দ্ৰৰ ভিতৰত ১৪৯ টা দূৰৱৰ্তী ভোটকেন্দ্ৰ, আনহাতে, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ প্ৰায় ৩০ টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ বুলি ঘোষণা কৰা হৈছে । ৰাজ্যজুৰি মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন কৰিবলৈ বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে এই নিৰ্বাচনৰ বাবে ৭,২০০ জোৱান নিয়োগ কৰা হৈছে ।

সকলোৰে জ্ঞাত যে, শাসকীয় মিজো নেশ্যনেল ফ্ৰণ্ট (এম এন এফ), মূল বিৰোধী দল জোৰাম পিপলছ মুভমেণ্ট (জেড পি এম) আৰু কংগ্ৰেছে আটাইকেইখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ভাৰতীয় জনতা পাৰ্টীয়ে ২৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে আম আদমী পাৰ্টীয়ে চাৰিখন বিধানসভা আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ইয়াৰ উপৰিও ২৭ জন নিৰ্দলীয় প্ৰাৰ্থীও আছে ।

ইফালে পুৱাই মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ২০২৩ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে আইজল উত্তৰ-দ্বিতীয় বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ উপস্থিত হৈছিল ৷ কিন্তু ইভিএম মেচিনৰ বিসংগতি হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ভোট নিদিয়াকৈ উভতি আহিবলগীয়াত পৰে ।

লগতে পঢ়ক : Mizoram Assembly Election 2023 : ইভিএমৰ বিসংগতি, ভোট দিব নোৱাৰিলে মুখ্যমন্ত্ৰী জোৰামথাংগাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.