ETV Bharat / bharat

অসম-মিজোৰাম সীমান্তত উত্তেজনা

অসম-মিজোৰাম সীমান্তৰ বৈৰাবি আৰু ঘ্ৰামুৰা অঞ্চলত তীব্ৰ সংঘাত দুয়োখন ৰাজ্য়ৰ ৰাইজৰ মাজত । দুই পক্ষৰ সংঘাতৰ ফলত গুৰুতৰভাৱে আহত কেইবাজনো লোক ।

author img

By

Published : Feb 10, 2021, 9:09 PM IST

অসম-মিজোৰাম সীমান্তত উত্তেজনা
অসম-মিজোৰাম সীমান্তত উত্তেজনা

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী: অসম-মিজোৰাম সীমান্তত পুনৰ এক তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । ৯ ফেব্ৰুৱাৰীত দিনৰ প্ৰায় ৩ মান বজাত সীমান্তত প্ৰথমে সংঘৰ্ষৰ সূত্ৰপাত হৈছিল । বৈৰাবি আৰক্ষী চকীৰ অন্তৰ্গত অসম মিজোৰাম সীমান্তত একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰিছিল মিজোৰাম চৰকাৰৰ দুগৰাকীকৈ বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীক । অৱশ্য়ে সৌভাগ্য়ক্ৰমে ভুক্তভোগী উত্তৰ বৈৰাবিৰ ভিচিএম এইচ বনলালৰোভা আৰু পি এণ্ড ই কৰ্মচাৰী এইচ ভানলালনেলাৰ ঘটনাত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে ।

অসম-মিজোৰাম সীমান্তত উত্তেজনা

ইফালে এই ঘটনাৰ পিছত পুনৰ নিশা ঘ্ৰামুৰাত একাংশ দুৰ্বৃত্তই মিছন চৌহদত বলপূৰ্বকভাৱে প্ৰৱেশ কৰে আৰু তাত থকা মিজো বিদ্য়ালয়ৰ প্ৰধান শিক্ষকৰ ঘৰত আক্ৰমণ কৰে । দলটোৱে প্ৰধান শিক্ষক এইচ ভানলাডিকাৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ পত্নী ,পুত্ৰ আৰু কন্য়াক আক্ৰমণ কৰে । ঘটনাত প্ৰধান শিক্ষকগৰাকীৰ লগতে পৰিয়ালৰ সদস্য়সকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । দুৰ্বৃত্তৰ দলটোৱে প্ৰধান শিক্ষক এইচ ভানলাডিকাৰ বাহন জ্বলাই দিয়াৰ লগতে ঘৰৰ সা-সামগ্ৰী ভাঙি লণ্ড ভণ্ড কৰে ।

অসম-মিজোৰাম সীমান্তত উত্তেজনা
অসম-মিজোৰাম সীমান্তত উত্তেজনা

জানিব পৰা মতে আঘাটপ্ৰাপ্ত আটাইকেইগৰাকীকে পুৱাই আইজলৰ দুৰ্টংলাত থকা চাইনোড হাস্পতালত ভৰ্তি কৰোৱা হয় । এই ঘটনাৰ পিছতে এতিয়া তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত ।

লগতে পঢ়ক:মূল্য়বৃদ্ধিৰ প্ৰতিবাদত ৭ ঘন্টীয়া ওড়িশা বন্ধৰ আহ্বান কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.