ETV Bharat / state

কৰ্মব্যস্ততাৰ পাছতো নিশা পূজা মণ্ডপ নিৰ্মাণত ব্ৰতী হোজাইৰ স্থানীয় যুৱক - Hojai Unique Puja Pandal

Durga Puja 2024: স্থানীয় যুৱক আৰু ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ কৰা হৈছে লংকাৰ ১ নং শ্যামবাৰীৰ দুৰ্গা পূজা মণ্ডপ ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Durga Puja 2024
বহিঃৰাজ্যৰ শিল্পী নহয় পূজা মণ্ডপ নিৰ্মাণত ব্ৰতী হোজাইৰ স্থানীয় যুৱক (ETV Bharat)

হোজাই,৭ অক্টোবৰ : দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী আছে । ৰাজ্যৰ চৌদিশে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতিও চলিছে । শিল্পীসকলে প্ৰতিমাত অন্তিম পৰশ দিছে । ইফালে পূজা মণ্ডপসমূহো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্যত বহু ব্যতিক্ৰমী পূজা মণ্ডপ দেখিবলৈ পোৱা গৈছে । বহিঃৰাজ্যৰ শিল্পীসকলক মাতি আনি লাখ লাখ টকা খৰচ কৰি আকৰ্ষণীয় পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে ।

ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ পূজা মণ্ডপ

অৱশ্যে তাৰ মাজতে ব্যতিক্ৰম হোজাইৰ লংকাৰ এটা পূজা মণ্ডপ । বহিঃৰাজ্যৰ শিল্পী নহয়, লংকা শ্যামবাৰী গাঁৱৰ ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ কৰা হৈছে দুৰ্গা পূজাৰ মণ্ডপ । নিশাৰ ভাগত পূজাৰ মণ্ডপ নিৰ্মাণত ব্যস্ত গাঁওখনৰ যুৱক আৰু একাংশ লোক । কিয়নো দিনত তেওঁলোকে পূজা মণ্ডপৰ কাম কৰিব নোৱাৰে । কোনোবাজন যদি ব্যৱসায়ৰ লগত জড়িত, কোনোৱে আকৌ দিনত কৰ্মস্থলীলৈ যায় । দিনৰ কৰ্মব্যস্ততাৰ বাবে যুৱকসকলে সময় দিব নোৱাৰে । সেয়ে নিশা আহি সকলো পূজা মণ্ডপ নিৰ্মাণত জড়িত হৈ পৰে ।

উল্লেখ্য যে ৫০ বছৰ অতিক্ৰম কৰা ১ নং শ্যামবাৰী দুৰ্গা পূজা কমিটীয়ে প্ৰতি বছৰে ৰাইজৰ বাবে নতুন আৰ্হিত নিৰ্মাণ কৰে পূজা মণ্ডপ । এইবাৰ বিহাৰৰ এটি বিখ্যাত কালী মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ । লগতে ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ আধাৰত এক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে । এই পূজা মণ্ডপে বিগত বছৰসমূহত জিলাখনৰ ৰাইজক আকৰ্ষণ কৰা লগতে জিলা তথা লংকা পৌৰসভাৰ ফালৰ পৰা বহুবাৰ শ্ৰেষ্ঠ পূজা মণ্ডপ হিচাপে সন্মান লাভ কৰিবলৈও সক্ষম হৈছে ।

লগতে পঢ়ক :দুৰ্গা প্ৰতিমা দান কৰি মজিব আলীয়ে দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন - Communal harmony in Durga Puja

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.