ETV Bharat / state

অৰুণাচলীয়ে আৰু দখল কৰিব নোৱাৰে অসমৰ ভূমি; কিয় ক'লে জোনাইৰ বিধায়কে ? - Assam Arunachal border dispute

Arunachali aggression : জোনাইৰ সীমান্তত উত্তেজনা । অসমৰ ভূমিত অৰুণাচলী দুৰ্বৃত্তই প্ৰৱেশ কৰি তাণ্ডৱ চলালে । চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান ভুক্তভোগীৰ ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Arunachali aggression
অৰুণাচলীৰ আগ্ৰাসন (ETV Bharat)

জোনাই, ৬ অক্টোবৰ : চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ ভূমি বিবাদ দীৰ্ঘদিনীয়া । বিগত দিনত এই সমস্যা সমাধানৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ তথা সিদ্ধান্ত গ্ৰহণ কৰিছে । অসমৰ মুখ্যমন্ত্ৰীয়ে চুবুৰীয়া ৰাজ্যৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈ দীৰ্ঘদিনীয়া এই সমস্যা মীমাংসা কৰাও দেখা গৈছে । কিন্তু এতিয়াও সীমান্ত অঞ্চলত উত্তেজনা অব্যাহত আছে । প্ৰায় প্ৰতিদিনে বিভিন্ন স্থানৰ পৰা নগা, অৰুণাচলী আৰু মেঘালয়ৰ লোকৰ আগ্ৰাসনৰ খবৰ পোহৰলৈ আহি আছে ।

তেনে সময়ত ধেমাজি জিলাৰ জোনাইৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ ঘটনা । অৰুণাচলী দুৰ্বৃত্তই অঞ্চলটোত তাণ্ডৱ চলাইছে । ১৫০ৰ পৰা ২০০ জনীয়া অৰুণাচলী দুৰ্বৃত্তৰ এটা দলে অসমৰ ভূমিত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ উপদ্ৰৱ চলাইছে । অসমৰ ভূমিত থকা প্ৰায় শতাধিক সৰু-বৰ গছ কাটি থৈ গ'ল অৰুণাচলী দুৰ্বৃত্তই । কেৱল এয়াই নহয় দৰিদ্ৰ কৃষকৰ খেতিও নষ্ট কৰি থৈ গ'ল দুৰ্বৃত্তৰ দলটোৱে । এই অভিযোগ অঞ্চলটোৰ স্থানীয় লোক তথা কৃষকৰ ।

অৰুণাচলীৰ আগ্ৰাসন (ETV Bharat)

অৰুণাচলী দুৰ্বৃত্তৰ উপদ্ৰৱ

স্থানীয় লোকসকলে অভিযোগ কৰা মতে শনিবাৰে অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে হাতে হাতে বন্দুক, চোকা অস্ত্ৰ, গছ কটা সঁজুলি আদি লৈ অসমৰ ভূমিত প্ৰৱেশ কৰিছিল । তাৰ পিচত এফালৰ পৰা কাটি গ'ল শিমলু, বগৰী, নিমগছকে ধৰি বহু মূল্যৱান গছ-গছনি । কেৱল এয়াই নহয় অভিযোগ অনুসৰি ৩০ বিঘাৰো অধিক ভূমিত কৰা তিল খেতিও নষ্টি কৰি থৈ যায় দুৰ্বৃত্তৰ দলটোৱে । এনে পৰিস্থিতিত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে সীমান্ত অঞ্চলটোৰ লোকসকল । ঘটনাৰ পিছতে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়াত জোনাই ৰাজহ চক্ৰ বিষয়াকে ধৰি এটা আৰক্ষীৰ দলে আহি পৰিস্থিতিৰ বুজ লয় । জানিব পৰা মতে ঘটনা সন্দৰ্ভত অঞ্চলটোৰ ভুক্তভোগী লোকসকলে এজাহাৰো দাখিল কৰিছে ।

নিন্দনীয় ঘটনা

এই ঘটনাক বিভিন্ন দল-সংগঠনে তীব্ৰ নিন্দা কৰিছে । সদৌ অসম ট্ৰাইবেল সংঘৰ জোনাই জিলা সমিতিৰ সম্পাদক দীপক দলেয়ে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অৰুণাচলীসকলে ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে । সেয়েহে সমগ্ৰ ঘটনাটো সন্দৰ্ভত তেওঁ অসম তথা অৰুণাচল প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব

ইফালে অৰুণাচলীৰ উপদ্ৰৱ বিষয়টোত জোনাইৰ বিধায়ক ভূৱন পেগুৱেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয়, "অসমে অৰুণাচল প্ৰশাসনৰ সৈতে যোগাযোগ কৰি বিষয়টো মীমাংসা কৰাৰ বাবে আগবাঢ়ি যাম । মই ভাবো এতিয়া আগৰ দৰে ব্যৱস্থা নাই । দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি চুক্তি কৰিছে । ইতিমধ্যে ডিজিটেলী সকলো হৈ গৈছে সেয়ে অৰুণাচলী দুৰ্বৃত্তই অসমৰ মাটি দখল কৰি আকৌ সীমান্তত খেলিমেলি কৰিব পৰা ব্যৱস্থা নাই । এইটোক লৈ আশংকা নাই । কিন্তু দুৰ্বৃত্তই যি কৰিছে আইনগতভাৱে আমাৰ চৰকাৰে তেওঁলোকৰ প্ৰশাসনৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণ কৰিব ।"

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে অসমৰ এইখন ইতিহাস প্ৰসিদ্ধ চহৰলৈ - EROSION OF BRAHMAPUTRA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.