ETV Bharat / bharat

ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য দিল্লী চৰকাৰৰ

দিল্লীত ক'ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে দিল্লী চৰকাৰে । এই দুৰ্ভগীয়া পৰিয়ালসমূহলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে সামাজিক সুৰক্ষা আঁচনি গ্ৰহণ কৰাৰ লগতে আৰু এটা পৰ্টেল মুকলি কৰিছে দিল্লী চৰকাৰে । 'মুখ্যমন্ত্ৰী ক'ভিড-১৯ পৰিয়াল আৰ্থিক সহায় যোজনা'ৰ অধীনত, মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰতিজন লোকৰ পৰিয়াললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব । আনহাতে, মৃত ব্যক্তিজন ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী হ'লে প্ৰতি মাহে অতিৰিক্তভাৱে ২,৫০০ টকা প্ৰদান কৰা হ'ব ।

author img

By

Published : Jul 6, 2021, 7:06 PM IST

rvind Kejriwal launched a social security scheme to provide financial assistance for families of Covid victims
ক'ভিড আক্ৰান্তৰ পৰিয়াললৈ আৰ্থিক সাহায্য দিল্লী চৰকাৰৰ

নেশ্যনেল ডেস্ক, ৬ জুলাই: মহামাৰীসৃষ্ট সংকটৰ সময়তো বহু দুৰ্ভগীয়া পৰিয়াললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে দিল্লী চৰকাৰৰ এক সিদ্ধান্তই । ক'ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে । এই উদ্দেশ্যে মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সামাজিক সুৰক্ষা আঁচনিৰ শুভাৰম্ভণি কৰাৰ লগতে আৰু এটা পৰ্টেল মুকলি কৰে । 'মুখ্যমন্ত্ৰী ক'ভিড-১৯ পৰিয়াল আৰ্থিক সহায় যোজনা'ৰ অধীনত, মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰতিজন লোকৰ পৰিয়াললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব ।

আনহাতে, মৃত ব্যক্তিজন ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী হ'লে প্ৰতি মাহে অতিৰিক্তভাৱে ২,৫০০ টকা প্ৰদান কৰা হ'ব । ভাৰ্চুৱেল সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে, দিল্লীক কৰ'ণা ভাইৰাছৰ চাৰিটা ঢৌৱে জোকাৰি গৈছে । চতুৰ্থটো ঢৌৱে প্ৰায় প্ৰতিটো পৰিয়ালক প্ৰভাৱিত কৰিছিল আৰু বহুতো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰি কয় যে, এই সংকটৰ কালত বহু শিশু অনাথ হৈছে, বহু পৰিয়ালে তেওঁলোকৰ একমাত্ৰ উপাৰ্জনকাৰীজনক হেৰুৱাইছে ।

এই ক্ষেত্ৰত দায়িত্বশীল চৰকাৰ হিচাপে দিল্লী চৰকাৰে এই আঁচনি ধাৰণা গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে, মঙলবাৰে মুকলি কৰা পৰ্টেলৰ জৰিয়তে এনে দুৰ্ভগীয়া পৰিয়ালসমূহে আৰ্থিক সাহায্যৰ বাবে আবেদন কৰিব পাৰিব । লগতে চৰকাৰৰ প্ৰতিনিধিয়েও এনে পৰিয়ালবোৰৰ ওচৰলৈ যাব আৰু আবেদনসমূহ পূৰণ কৰিব বুলিও তেওঁ মন্তব্য কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই ক্ষেত্ৰত কোনো নথি হেৰুৱালেও ভুক্তভোগী পৰিয়ালৰ দাবী অগ্ৰাহ্য নকৰে প্ৰতিনিধিসকলে । বৰঞ্চ প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ প্ৰয়াস কৰিব । তেওঁ লগতে প্ৰতিনিধিসকলক স্পষ্ট কৰি দিয়ে যে, তেওঁলোকে যাতে আবেদনৰ অধিক পৰীক্ষা নকৰে । যদি পৰিয়ালবোৰৰ কোনো নথিপত্ৰৰ অভাৱ হয় তেন্তে উক্ত নথি লাভ কৰাত চৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে । কেৱল সকলোৱে সাহায্য লাভ কৰাতো নিশ্চিত কৰিব লাগিব তেওঁ স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক:দেশৰ 9 খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.