ETV Bharat / bharat

ৰাজদ্ৰোহ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন অৰুণ চৌৰীৰ

ৰাজদ্ৰোহ হৈছে এক ঔপনিৱেশিক আইন যাক ভাৰতত ব্ৰিটিছসকলৰ দ্বাৰা ভিন্ন মতক দমন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল । ভাৰত স্বাধীন হোৱাৰ পিছত, এই আইনখনক ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক)ৰ দ্বাৰা নিশ্চিত বাক স্বাধীনতা আৰু মত প্ৰকাশৰ মৌলিক অধিকাৰৰ উলংঘন বুলি প্ৰত্যাহ্বান জনোৱা হৈছিল ।

author img

By

Published : Jul 15, 2021, 9:09 PM IST

Arun Shourie
ৰাজদ্ৰোহ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন অৰুণ শৌৰীৰ

নেশ্যনেল ডেস্ক, ১৫ জুলাই : ৰাজদ্ৰোহৰ সৈতে সম্পৰ্কিত ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ১২৪(এ)ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ চৌৰী (Arun Shourie) । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে ৰাজদ্ৰোহৰ এই অভিযোগক সংবিধানৰ ১৪ আৰু ১৯(১)(ক) অনুচ্ছেদৰ অধীনত মৌলিক অধিকাৰৰ উলংঘন বুলি অভিহিত কৰে । চৌৰীয়ে দাখিল কৰা আবেদনখনত উল্লেখ থকা বিষয়বোৰ পঢ়ি অধিবক্তা প্ৰশান্ত ভূষণে কয় যে, ৰাজদ্ৰোহ হৈছে এক ঔপনিৱেশিক আইন যাক ভাৰতত ব্ৰিটিছসকলৰ দ্বাৰা ভিন্নমতক দমন কৰিবলৈ স্পষ্টভাৱে ব্যৱহাৰ কৰা হৈছিল । ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত, এই আইনখনক কেদাৰ নাথ সিং বনাম বিহাৰ ৰাজ্য, ১৯৬২ Supl (২) এছচিআৰ ৭৬৯-ত ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক)ৰ দ্বাৰা নিশ্চিত বাক স্বাধীনতা আৰু মত প্ৰকাশৰ মৌলিক অধিকাৰৰ উলংঘন বুলি প্ৰত্যাহ্বান জনোৱা হৈছিল ।

চৌৰীয়ে লগতে অভিযোগ কৰে যে, কেদাৰ নাথত উল্লেখ থকা ইয়াৰ নীতিবোৰ বেছিভাগেই সাধাৰণ নাগৰিক আৰু আৰক্ষীয়ে নাজানে আৰু সেয়েহে বাক আৰু মত প্ৰকাশৰ স্বাধীনতা প্ৰয়োগ কৰা লোকসকলৰ বিৰুদ্ধে ইয়াক অত্যন্ত অপব্যৱহাৰ কৰা হয় । ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা নেতৃত্বাধীন বিচাৰপীঠে ইতিমধ্যে দেশদ্ৰোহক প্ৰত্যাহ্বান জনোৱা বিষয়টোত হস্তক্ষেপ কৰে ৷ বৃহস্পতিবাৰে ইয়াৰ ওপৰত মন্তব্য প্ৰদান কৰে যে ই এক ঔপনিৱেশিক আইন আৰু ইয়াক মহাত্মা গান্ধী আৰু বাল গংগাধৰ তিলকৰ দৰে স্বাধীনতা সংগ্ৰামীসকলক দমন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল ।

স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ইয়াৰ প্ৰয়োজন আছে নেকি বুলিও বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে । মুখ্য ন্যায়াধীশে লগতে কয় যে চৰকাৰে শেহতীয়াকৈ কেইবাটাও আইন বাতিল কৰিছে । ভাৰতৰ এটৰ্নি-জেনেৰেল কে কে বেণুগোপালক এই বিষয়টো কিয় চোৱা নাই বুলিও মুখ্য ন্যায়ধীশে প্ৰশ্ন কৰে । ইতিমধ্যে আদালতে এই বিষয়ত কেন্দ্ৰক এক জাননীও জাৰি কৰিছে ।

লগতে পঢ়ক :বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বৈঠকৰ আহ্বান ভেংকায়া নাইডুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.