ETV Bharat / bharat

অযোধ্যাৰ ৰাম মন্দিৰৰ মূৰ্তিৰ খনিকৰ জামালুদ্দিন

Artist Jamaluddin and his son created Ram Idol : বহু বাদ-বিবাদৰ অন্তত 22 জানুৱাৰীত অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ ৷ এই মন্দিৰত ৰামৰ মূৰ্তি নিৰ্মাণৰ প্ৰসংগত চৰ্চালৈ আহিছে জামালুদ্দিন আৰু তেওঁৰ পুত্ৰ বিট্টু নামৰ দুই ব্যক্তিৰ কথা ৷ কিন্তু কিয় ? অযোধ্যাৰ ৰাম মন্দিৰৰ লগত কি সম্পৰ্ক আছে জামালুদ্দিন আৰু বিট্টুৰ ? সবিশেষ এই প্ৰতিবেদনত...

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 9:01 PM IST

Artist Jamaluddin and his son created Ram Idol
ৰাম মন্দিৰৰ মূৰ্তিৰ খনিকৰ
ৰাম মন্দিৰৰ মূৰ্তিৰ খনিকৰ কোন ?

নিউজ ডেস্ক, 19 ডিচেম্বৰ : কোনে কয় জাতে-পাতে মিলিলেহে ধৰ্ম মিলে ? কোনে কয় ধৰ্মই প্ৰেম-ভাতৃত্ববোধৰ মাজত প্ৰাচীৰ গঢ়ে ? ভুল ! একেবাৰেই ভুল এই ধাৰণা ৷ ধৰ্ম কেতিয়াও মানুহৰ মন, বিশ্বাস, আস্থা আৰু প্ৰেমৰ মাপকাঠি নহয় ৷ হ'ব নোৱাৰে ৷ কথাটো প্ৰমাণ কৰিলে জামালুদ্দিন আৰু তেওঁৰ পুত্ৰ বিট্টুৱে ৷

আপুনি হয়তো জামালুদ্দিনক চিনি নাপাব ৷ বিট্টুকো ৷ চিনি নাপাবৰে কথা ৷ এই পিতা-পুত্ৰ কোনো বিখ্যাত লোক নহয় ৷ কিন্তু শেহতীয়াকৈ জামালুদ্দিন আৰু তেওঁৰ পুত্ৰ বিট্টুক বহুতেই চিনি পাবলৈ আৰম্ভ কৰিছে ৷ কিয় জানেনে ? 22 জানুৱাৰীত অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰাম মন্দিৰৰ ৷

900 কোটি টকা ব্যয়েৰে হ’ব এই ৰাম মন্দিৰ ৷ তাকে লৈ দেশ এতিয়া ওখল-মাখল ৷ কিন্তু অযোধ্যাত প্ৰতিষ্ঠা হ'বলগীয়া সেই ৰামৰ বিগ্ৰহ সাজি উলিওৱা মানুহজনৰ নাম শুনিলে হয়তো আপুনি আচৰিতেই হ'ব ৷ শিল্পী জামালুদ্দিনে সাজি উলিয়াইছে অযোধ্যাৰ ৰামৰ মূৰ্তি ৷ পিতৃক এইক্ষেত্ৰত হাতে-কামে সহায় কৰিছে পুত্ৰ বিট্টুৱে ৷

দুই মুছলমান পিতা-পুত্ৰই সাজি উলিওৱা ৰামৰ বিগ্ৰহ বহিব ৰাম মন্দিৰৰ বেদীত ৷ জামালুদ্দিনৰ ঘৰ পশ্চিম বংগৰ উত্তৰ 24 পৰগনাত ৷ পেছাত জামালুদ্দিন এজন মূৰ্তি নিৰ্মাণ কৰা খনিকৰ ৷ পুত্ৰ বিট্টুও ৷ জামালুদ্দিনক যেতিয়া এই বিষয়ে সাংবাদিকে প্ৰশ্ন কৰিছিল তেতিয়া তেওঁ কি উত্তৰ দিছিল জানেনে ? জামালুদ্দিনে কৈছিল- ধৰ্ম মানুহৰ ব্যক্তিগত বিষয় ৷ আমি শিল্পী ৷ আৰু শিল্পীয়ে কেতিয়াও ধৰ্মৰ বাচ-বিচাৰ নকৰে ৷

যি সময়ত দেশত ধৰ্মৰ ভেদাভেদক লৈ সততে জাত-পাতৰ ৰাজনীতি চলি থকা দেখা গৈছে, তেনে সময়তে শিল্পী জামালুদ্দিন আৰু বিট্টুৰ এই কৰ্মই বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷ পিতা-পুত্ৰ দুই শিল্পীৰ এই কৰ্ম সঁচাই প্ৰশংসনীয় ৷

লগতে পঢ়ক : কোন দলৰ চৰকাৰে দেশক লুণ্ঠন কৰিছে সেয়া জনতাই দেখিছে : ৰাম মাধৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.