কোকৰাঝাৰ ২০ এপ্ৰিল : প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল গুজৰাটৰ ভাদগাম বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানী (Jignesh Mevani arrested for controversial tweet against PM) । ১৯ এপ্ৰিলত অসমৰ কোকৰাঝাৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ২০ এপ্ৰিলৰ নিশা অসম আৰক্ষীয়ে গুজৰাটৰ কংগ্ৰেছী বিধায়কজনক গ্ৰেপ্তাৰ কৰে ।
![Jignesh Mevani Brought to Kokrajhar P S](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-02-kjr-jigneshmevanibroughttokokrajharps-vis-byte-photo-10044_21042022165726_2104f_1650540446_240.jpg)
উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে বিধায়কগৰাকীক গুজৰাটৰ পালনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতে গুৱাহাটীলৈ আকাশীপথেৰে আৰু তাৰপিছত গুৱাহাটীৰ পৰা স্থলপথেৰে কোকৰাঝাৰ সদৰ থানাত হাজিৰ কৰোৱায় । ইফালে, গুজৰাটৰ ভোটগাম বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক জিগনেশ মেৱানীক কোকৰাঝাৰ সদৰ থানাত হাজিৰ কৰোৱাৰ পিছতে কংগ্ৰেছৰ একাংশ কৰ্মীয়ে হাতে হাতে বেনাৰ ফেষ্টুন লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।
![Jignesh Mevani Brought to Kokrajhar P S](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-02-kjr-jigneshmevanibroughttokokrajharps-vis-byte-photo-10044_21042022165711_2104f_1650540431_533.jpg)
ইফালে, জিলা কংগ্ৰেছৰ সভাপতি গৰ্জন মুছাহাৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম আৰক্ষীৰ আন কোনো কাম নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰে । সাধাৰণ এটা টুইটৰ বাবে বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা প্ৰকাশ কৰি বিনাচৰ্তে মুক্তি দিবলৈ দাবী উত্থাপন কৰে জিলা কংগ্ৰেছৰ সভাপতি গৰ্জন মুছাহাৰীয়ে । ইপিনে বিধায়ক জিগনেশ মেৱানীক কোকৰাঝাৰ সদৰ থানালৈ অনাৰ পিছতেই কংগ্ৰেছ কৰ্মীসকলে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে (Congress workers protest) ।
উল্লেখ্য যে, ১৮ এপ্ৰিলত প্ৰধানমন্ত্ৰীক সাঙুৰি বিৰ্তকিত মন্তব্য কৰাৰ পিছতে বিধায়কগৰাকীৰ বিৰুদ্ধে বিটিআৰৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য তথা ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ বিজেপিৰ পাৰিষদ অৰূপ কুমাৰ দে’য়ে যোৱা ১৯ এপ্ৰিলত কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷ তেওঁৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে বিধায়ক জিগনেশ মেৱানীৰ বিৰুদ্ধে এক গোচৰ(নং ১৫৩/২০২২) পঞ্জীয়ন কৰিছিল ।
ভাৰতীয় দণ্ডবিধি আইনৰ 120(B)/153(A) /295(A)/504/505/(1)(B)(C)(2)R/N SEC 66 IT ACT ধাৰা অনুসৰি পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিতে কোকৰাঝাৰ আৰক্ষীয়ে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰে । গুজৰাটলৈ যোৱা অসম আৰক্ষীৰ দলটোৰ নেতৃত্ব প্ৰদান কৰি কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে বিধায়কগৰাকীক লৈ আজি কোকৰাঝাৰ সদৰ থানাত উপস্থিত হয় ৷
লগতে পঢ়ক : ৰাজনৈতিক চক্ৰান্তৰ বলি হ'ল নেকি গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানী ?