ETV Bharat / bharat

Operation against Maoist: ছত্তীশগড়ত মাওবাদী বিৰোধী অভিযান; ৫ মাওবাদী আহত - Maoist surrenders in Chhattisgarh

ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ (Clashes between Maoist and DRG)। সংঘৰ্ষত ৪-৫ মাওবাদী আহত হোৱাৰ খবৰ পোৱা গৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান আৰম্ভ ।

Operation against Maoist
ছত্তীশগড়ত মাওবাদী বিৰোধী অভিযান
author img

By

Published : Apr 21, 2023, 5:54 PM IST

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল : ছত্তীশগড়ত মাওবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । তাৰ মাজতে আকৌ মাওবাদীৰ বিৰুদ্ধে ঠায়ে ঠায়ে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে (Operation against Maoist in Chhattisgarh)। চুকমা জিলাত শুকুৰবাৰে মাওবাদী আৰু জিলা ৰিজাৰ্ভ গ্ৰুপৰ (ডিআৰজি) জোৱানসকলৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় (Clashes between Maoist and DRG)।

চুকমাৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাই কোৱা মতে এই সংঘৰ্ষত ৪ৰ পৰা ৫ জন মাওবাদী আহত হয় (Maoist injured in Chhattisgarh during clash)। অৱশ্যে নিৰাপত্তা কৰ্মীসকলৰ কোনো ক্ষতি হোৱা নাই বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

ইয়াৰ পূৰ্বে ১৩ এপ্ৰিলত ছত্তীশগড়ৰ বিদ্ৰোহী প্ৰভাৱিত চুকমা জিলাত আৰক্ষীৰ সন্মুখত ৪ জনকৈ মাওবাদী কেডাৰে আত্মসমৰ্পণ কৰিছিল (Maoist surrenders in Chhattisgarh)। আৰক্ষীৰ মতে, ছত্তীশগড় চৰকাৰৰ আত্মসমৰ্পণ-তথা-পুনৰ্সংস্থাপন নীতি আৰু জিলা আৰক্ষীৰ অভিযান 'পুনা নাৰকম'ৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পাছতে কেডাৰসকলে মাওবাদী আন্দোলন ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে ।

আত্মসমৰ্পণ কৰা মাওবাদীসকল মুচাকি দেৱা (কমাণ্ডাৰ), মুচাকি যোগা (উপ-কমাণ্ডাৰ), মুচাকি হুঙ্গা (সদস্য) আৰু চোমাৰু (সদস্য) বুলি চিনাক্ত কৰা হৈছে । এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে কমাণ্ডাৰ দেৱাৰ বিৰুদ্ধে ১ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰা হৈছিল । বিষয়াগৰাকীয়ে জনোৱা মতে আত্মসমৰ্পণকাৰী মাওবাদী কেইজন চুকমা-দান্তেৱাড়া সীমান্ত অঞ্চলত সক্ৰিয় আছিল ।

বিষয়াজনে লগতে কয় যে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) ২২৬ তম বেটেলিয়নৰ চোৰাংচোৱা কোষে মাওবাদীৰ আত্মসমৰ্পণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ছত্তীশগড় চৰকাৰৰ আত্মসমৰ্পণ আৰু পুনঃৰ্সংস্থাপন নীতি অনুসৰি তেওঁলোকক প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ'ব । উল্লেখ্য যে চৰকাৰৰ এই ধৰণৰ নীতিৰ বাবে শেহতীয়াকৈ বহু মাওবাদীয়ে আত্মসমৰ্পণ কৰাৰ লগতে মূলসুঁতিলৈ উভতি আহিছে । অৱশ্যে তাৰ মাজতে কোনো কোনো স্থানত এতিয়াও মাওবাদীসকল সক্ৰিয় হৈ থকা দেখা গৈছে ।

লগতে পঢ়ক :Firing in Saket court: অধিবক্তাৰ পোছাকত অহা দুৰ্বৃত্তই গুলীয়ালে মহিলাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.