ETV Bharat / bharat

গণতন্ত্ৰ দিৱসৰ বাবে সাজু হোৱা 150 সেনা জোৱানৰ দেহত কোভিড - Delhi

আগন্তুক গণতন্ত্ৰ দিৱসৰ বাবে প্ৰস্তুতি তুংগত কৰি তোলা হৈছে যদিও শেহতীয়াকৈ অহা এটি খবৰে সকলোকে হচকিত কৰি তুলিছে ৷ গণতন্ত্ৰ দিৱসৰ পেৰেডত ভাগ ল’বৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত থিতাপি লোৱা সেনাৰ 150 গৰাকী জোৱান কোভিড সংক্ৰমিত হৈছে ৷

গণতন্ত্ৰ দিৱসৰ বাবে সাজু হোৱা 150 সেনা জোৱানৰ দেহত কোভিড

author img

By

Published : Dec 27, 2020, 3:50 PM IST

নিউজ ডেস্ক, 27 ডিচেম্বৰ : গণতন্ত্ৰ দিৱসৰ লগতে স্থলসেনা দিৱসৰ পেৰেডত ভাগ ল’বৰ বাবে নতুন দিল্লীত উপস্থিত হোৱা সেনাৰ 150 গৰাকী জোৱানৰ দেহত ধৰা পৰিছে কোভিড-19 ৷ স্থলসেনাৰ বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা সেনাৰ জোৱানসকলক বিশেষ পদ্ধতিৰে পৰীক্ষণ কৰা হৈছিল আৰু এই পৰীক্ষণৰ সময়তে তেওঁলোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰে ৷ নৱেম্বৰৰ শেষৰ পৰাই প্ৰায় 2,000ৰো অধিক সৈনিকে গণতন্ত্ৰ দিৱস আৰু স্থলসেনা দিৱসৰ পেৰেডত ভাগ ল’বৰ বাবে ৰে’ল, বিমান, বাছ তথা অন্যান্য পৰিবহণ ব্যৱস্থাৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত উপস্থিত হৈছিল ৷

পৰৱৰ্তী সময়ত হোৱা কোভিড-19 পৰীক্ষণৰ পিচত যিসকলৰ ফলাফল নিগেটিভ আহিছে তেওঁলোকক সুৰক্ষিত বৰ্গত ৰখা হৈছে বুলি স্থলসেনাৰ সূত্ৰই জনাইছে ৷ আনহাতে সংক্ৰমিত হোৱা 150 জোৱানৰ দেহত কোনো পূৰ্বলক্ষণ দেখা পোৱা নাছিল আৰু সেয়েহে তেওঁলোক ঠিক হোৱাৰ পিচত পেৰেডত ভাগ ল’ব পাৰিব ৷

ইতিমধ্যেই ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত আগন্তুক গণতন্ত্ৰ দিৱসৰ বাবে পেৰেডৰ ৰিহাৰ্ছেল আৰম্ভ কৰিছে ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে ৷

লগতে পঢ়ক : সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.