ETV Bharat / bharat

Kuki villagers evacuated : মণিপুৰত ৩২৮ গৰাকী কুকি নাগৰিকক উদ্ধাৰ সেনাৰ - 328 Kuki villagers safely evacuated

মণিপুৰত সাধাৰণ নাগৰিকক উদ্ধাৰৰ বাবে সেনা আৰু অসম ৰাইফলছে প্ৰচেষ্টা অব্যাহত ৰাখিছে (Kuki villagers safely evacuated)। ৩২৮ গৰাকী কুকি লোকক চুগনুৰ পৰা চাজিক টাম্পাকলৈ সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে । ২০০০ মেইটেই নাগৰিকক চেৰুৰ পৰা প্ৰতিৰক্ষাৰ পাংগালতাবি ৰিলিফ কেম্পলৈ স্থানান্তৰ ।

Kuki villagers evacuated
৩২৮ কুকি নাগৰিকক উদ্ধাৰ সেনাৰ
author img

By

Published : May 29, 2023, 8:16 PM IST

তেজপুৰ, ২৯ মে': মণিপুৰৰ কেইবাটাও স্থানত নতুন কৈ সংঘৰ্ষ আৰম্ভ হৈছে (Manipur violence)। তাৰ মাজতে ভাৰতীয় সেনাই বিভিন্ন স্থানত নাগৰিকসকলৰ সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে । মানৱবিহীন বিমান, মাইন প্ৰটেক্টেড বাহনৰ সৈতে বিশেষ অভিযান চলাইছে সেনাই । অভিযানৰ জৰিয়তে সেনাই বৃহৎ সংখ্যক লোকক উদ্ধাৰ কৰিছে (Army rescued many people in Manipur)।

২৮ মে'ত হোৱা হিংসাত্মক সংঘৰ্ষত কাকচিং জিলাৰ চুগনু আৰু চেৰৌ গাঁৱত বহু লোক প্ৰভাৱিত হৈছে লগতে বহু সামগ্ৰীও ধ্বংস কৰা হৈছে । নিৰাপত্তা বাহিনীৰ নিৰীক্ষণত মণিপুৰৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ লোকসকলক সুৰক্ষিতভাৱে ৰখা হৈছিল ।

Kuki villagers evacuated
৩২৮ কুকি নাগৰিকক উদ্ধাৰ সেনাৰ

আৰক্ষী, ৰাজ্যিক প্ৰশাসন আৰু বিভিন্ন সংগঠনৰ সৈতে সমন্বয় কৰি সেনা আৰু অসম ৰাইফলছে অভিযানৰ জৰিয়তে প্ৰায় ২০০০ মেইটেই নাগৰিকক চেৰুৰ পৰা প্ৰতিৰক্ষাৰ পাংগালতাবি ৰিলিফ কেম্পলৈ স্থানান্তৰ কৰা হৈছে । অসম ৰাইফলছৰ সুৰক্ষাত বাহনেৰে তেওঁলোকক স্থানান্তৰ কৰা হৈছে । স্থানান্তৰৰ সময়ত মানৱ বিহীন বিমানেৰে বাহনসমূহ নিৰীক্ষণ কৰা হৈছে ।

প্ৰয়োজন হোৱা লোকসকলক চিকিৎসকে স্বাস্থ্য পৰীক্ষাও কৰিছে । একেদৰে, প্ৰায় ৩২৮ গৰাকী কুকি লোকক চুগনুৰ পৰা চাজিক টাম্পাকলৈ সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে (328 Kuki villagers safely evacuated)।

ইফালে, আন এক অভিযানৰ সময়ত সেনাই ২২ টা দুৰ্বৃত্তক অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামগ্ৰীৰ সৈতে আটক কৰিছে (Miscreants apprehended in Manipur)। অভিযানত ৫ টা ১২ ব'ৰ ডবল বেৰেল ৰাইফল, তিনিটা ছিংগল বেৰেল ৰাইফল, এটা স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ আৰু এটা মাজল লোডেড অস্ত্ৰ উদ্ধাৰ কৰা হয় । সেনাৰ এনে দ্ৰুত পদক্ষেপে বহু লোকৰ জীৱন ৰক্ষা কৰাৰ লগতে অগ্নিসংযোগৰ দৰে ঘটনা প্ৰতিহত কৰিবলৈ সক্ষম হৈছে । অস্ত্ৰ-শস্ত্ৰসহ দুৰ্বৃত্ত কেইটাক পৰৱৰ্তী সময়ত মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰা হয় ।

উল্লেখ্য যে ইতিমধ্যে সেনা আৰু অসম ৰাইফলছে বিভিন্ন স্থানত হিংসা প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । লগতে সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :Manipur violence : মণিপুৰৰ পৰিস্থিতিৰ অধিক অৱনতি, ৰাষ্ট্ৰপতিক সাক্ষাতৰ ঘোষণা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.