ETV Bharat / bharat

উত্তৰ প্ৰদেশত সেনা জোৱানক হত্যা অচিনাকী দুৰ্বত্তৰ - ধুমানগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মহেন্দ্ৰ নগৰৰ বাসিন্দা

উত্তৰ প্ৰদেশৰ ধুমানগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মহেন্দ্ৰ নগৰৰ বাসিন্দা ৩৮ বছৰীয়া সেনা জোৱান আশুতোষ কুমাৰক অচিনাক্ত দুৰ্বত্তৰ হত্যা ।

উত্তৰ প্ৰদেশত সেনা জোৱানক হত্যা অচিনাকী দুৰ্বত্তৰ

author img

By

Published : Feb 14, 2021, 5:03 PM IST

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা । অচিনাক্ত দুৰ্বত্তই হত্যা কৰিলে এগৰাকী সেনা জোৱানক । ৰাজ্যখনৰ ধুমানগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মহেন্দ্ৰ নগৰৰ বাসিন্দা ৩৮ বছৰীয়া সেনা জোৱান আশুতোষ কুমাৰ সিঙে ছুটি লৈ নিজ গৃহলৈ অহাৰ সময়তে হত্যাৰ বলি হ'বলগীয়া হয় ।

ৰাজ্যখনৰ নিম চৰাই এলেকাত সেনাগৰাকীৰ বাহনত উদ্ধাৰ হয় মৃতদেহ । মূৰত প্ৰচণ্ড আঘাতৰ চিন পৰিলক্ষিত হয় । ঘটনাটো সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ সৈতে এগৰাকী মহিলা আৰু অচিনাক্ত লোক উপস্থিত থকাত তেওঁলোকৰ বিৰুদ্ধে প্ৰাথমিক তদন্ত অব্যাহত ৰাখে । সম্প্ৰতি আটাইকেইগৰাকী আৰক্ষীৰ জিম্মাত । ইফালে মহিলাগৰাকীৰ অভিযোগ, তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল যাৰবাবে উক্ত ঘটনাতো সংঘটিত সময়ত নিহত সেনাগৰাকীৰ বাহনৰ কাষত উপস্থিত আছিল ।

সেনাগৰাকীৰ পৰিয়লৰ লোকে আৰক্ষীক জনোৱা অনুসৰি, শনিবাৰে নিশা তেওঁ কোনো কামৰ উদ্দেশ্যে ঘৰৰ পৰা বাহিৰলৈ গৈছিল । তাৰ ঠিক কেইমূহূৰ্তমান পিছতেই আশুতোষৰ পত্নীলৈ এগৰাকী মহিলাই আশুতোষৰ অৱস্থা অতি সংকটজনক বুলি ফোনযোগে জনাইছিল । লগে লগে পৰিয়ালৰ লোকে উক্ত ঘটনাস্থলীত উপস্থিত হৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে আশুতোষক মৃত ঘোষণা কৰে ।

লগতে মহিলাগৰাকীয়ে ভুক্তভোগীৰ পৰিয়ালক জনোৱা অনুসৰি, আশুতোষৰে মিলি ভূমি সংক্ৰান্তীয় এক ঘটনাৰ বাবে ভূমিৰ এটা প্লট পৰীক্ষা কৰিবলৈ গৈছিল । কিন্তু হঠাতে তেওঁলোকক কোনো অচিনাক্ত লোকে বাট আগভেটি ধৰাত দুয়ো পক্ষই মাজত তৰ্কা-তৰ্কিত লিপ্ত হয় আৰু তাৰ পাছতেই সেনাগাৰীক ইটাৰে নিৰ্বিচাৰ আক্ৰমণ কৰি হত্যা কৰে দুৰ্বৃত্তই ।

ইফালে আশুতোষৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত তেওঁকো স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । সমগ্ৰ ঘটনা সন্দৰ্ভত আশুতোষৰ পৰিয়ালৰ লোকে মহিলাগৰাকীৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ।

উল্লেখ্য যে, আশুতোষ কুমাৰ ভাৰতীয় সেনাৰ হাবিলদাৰ আছিল । জম্মু-কাশ্মীৰৰ উধামপুৰত কৰ্তব্যত নিয়োজিত আছিল সেনাগৰাকী । কেইসপ্তাহ পূৰ্বে ছুটি লৈ ঘৰলৈ আহিছিল আশুতোষ ।

লগতে পঢ়ক:ভাৰতত নতুনকৈ COVID ১৯ ত আক্ৰান্ত ১২,১৯৪ জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.