নিউজ ডেস্ক, 14 ফেব্ৰুৱাৰী: অৰুণাচল প্ৰদেশৰ দিবাং ভেলি জিলাত সূত্ৰপাত হোৱা জুই নিৰ্বাপনত সহযোগ কৰিছে ভাৰতীয় সেনাৰ স্পিয়েৰ কৰ্পছ বাহিনীয়ে ৷ অৰুণাচলৰ দিবাং ভেলি জিলাৰ আনিনি অঞ্চলত সংঘটিত বনজুই নিয়ন্ত্ৰণ কৰাত সেনা বাহিনীয়ে অৰুণাচলৰ অসামৰিক প্ৰশাসনক সহযোগ কৰিছে বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি, 11 ফেব্ৰুৱাৰীৰ আবেলি দিবাং ভেলি জিলাৰ আনিনি অঞ্চলৰ কয়লাবস্তিত বনজুইৰ সূত্ৰপাত হয় আৰু নিমিষতে জুইয়ে পাহাৰৰ পাৰ্শ্বৱতী অঞ্চল সমূহ আগুৰি ধৰে ৷
ঘটনা সংঘটিত হোৱাৰ পাছতে জুই নিৰ্বাপনৰ বাবে তাৎক্ষণিকভাৱে তিনিটাকৈ দল মোতায়ন কৰা হয় বুলি জানিব পৰা গৈছে ৷ প্ৰায় 11 ঘন্টাৰ নিৰৱছিন্ন প্ৰচেষ্টাৰ অন্তত সেনা আৰু স্থানীয় প্ৰশাসনে মিলি জুই নিয়ন্ত্ৰণ কৰাত সফলতা লাভ কৰে ৷
উল্লেখ্য যে, সেনাৰ সু সংগঠিত আৰু সময়োপযোগী সঁহাৰিৰ ফলতে বহু জীৱন আৰু সম্পত্তি এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ৷
অঞ্চলটোক আসন্ন বিপদৰ পৰা ৰক্ষা কৰাত সহযোগ কৰাৰ বাবে স্থানীয় অসামৰিক প্ৰশাসনৰ বিষয়ববীয়া সকলে ভাৰতীয় সেনাৰ প্ৰচেষ্টাক ধন্যবাদ জনায় ৷