ETV Bharat / bharat

Brij Bhushan case: ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে থকা অভিযোগৰ ওপৰত ৰাউজ এভিনিউ আদালতত বিতৰ্ক - ব্ৰীজ ভূষণ

বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে থকা অভিযোগৰ ওপৰত বুধবাৰে বিতৰ্ক আৰম্ভ হয় । গোচৰটোৰ তৰ্ক 10 আৰু 11 আগষ্টত অব্যাহত থাকিব । ব্ৰীজ ভূষণৰ অধিবক্তা ৰাজীৱ মোহনে দিল্লী আৰক্ষীয়ে অভিযোগপত্ৰত কৰা অভিযোগক মিছা আৰু ষড়যন্ত্ৰমূলক বুলি অভিহিত কৰিছিল ।

Brij Bhushan case
Brij Bhushan case
author img

By

Published : Aug 9, 2023, 5:52 PM IST

নেশ্যনেল ডেস্ক, 9 আগষ্ট: যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ভাৰতীয় কুস্তি ফেডাৰেচনৰ (WFI) সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে থকা গোচৰৰ ওপৰত ৰাউজ এভিনিউ আদালতত বুধবাৰে বিতৰ্ক হয় । ইফালে, ব্ৰীজ ভূষণৰ অধিবক্তা ৰাজীৱ মোহনে অভিযোগপত্ৰখনত দিল্লী আৰক্ষীয়ে উত্থাপন কৰা অভিযোগক মিছা আৰু ষড়যন্ত্ৰমূলক বুলি অভিহিত কৰে ।

Brij Bhushan case
আদালতত উপস্থিত হোৱাৰ সময়ত ব্ৰীজ ভূষণ শৰণ সিং

তেওঁ কয় যে নাবালক মহিলা মল্লযোদ্ধাগৰাকীয়ে যিদৰে তাইৰ অভিযোগ মিছা বুলি প্ৰত্যাহাৰ কৰিছিল, ঠিক একেদৰে এই ছয়গৰাকী মহিলা মল্লযোদ্ধাৰ অভিযোগো মিছা ৷

অধিবক্তাগৰাকীয়ে ব্ৰীজ ভূষণৰ সপক্ষে বহুতো যুক্তি উপস্থাপন কৰে ৷ শুনানিৰ সময়ত আদালতত উপস্থিত থাকে ব্ৰীজ ভূষণ ৷ এই সময়ছোৱাত, আদালতৰ বাহিৰত আৰু ভিতৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হয় ৷ দিল্লী আৰক্ষীৰ হৈ চৰকাৰী অধিবক্তা অতুল শ্ৰীবাস্তৱে কয় যে অভিযোগপত্ৰখনত উত্থাপিত অভিযোগ সন্দৰ্ভত সাক্ষী আৰু প্ৰমাণ আছে । গোচৰটোৰ ওপৰত বিতৰ্ক 10 আৰু 11 আগষ্টত অব্যাহত থাকিব ৷

উল্লেখ্য যে 3 আগষ্টত, আদালতে অভিযোগপত্ৰৰ ওপৰত বিতৰ্ক কৰিবলৈ 9 ৰ পৰা 11 আগষ্টলৈ সময় দিছিল ৷ ইয়াৰ পূৰ্বে 28 জুলাইত আদালতে ব্ৰীজ ভূষণক ব্যক্তিগত উপস্থিতিৰ পৰা এদিনৰ বাবে ৰেহাই প্ৰদান কৰিছিল । ইয়াৰ পিচত, ব্ৰীজ ভূষণ শৰণ সিং আৰু ডব্লিউএফআইৰ প্ৰাক্তন সহকাৰী সচিব বিনোদ তোমাৰ অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (এচিএমএম) হৰজিৎ সিং জছপালৰ আদালতত হাজিৰ হয় । অধিবক্তা ৰাজীৱ মোহন ব্ৰীজ ভূষণৰ হৈ উপস্থিত হৈছিল । ইফালে, আদালতে 9, 10 আৰু 11 আগষ্টক অভিযোগৰ ওপৰত তৰ্কৰ তাৰিখ হিচাপে নিৰ্ধাৰণ কৰে ৷

অধিবক্তা ৰাজীৱ মোহনে কয় যে দিল্লী আৰক্ষীৰ পৰা প্ৰাপ্ত নথিপত্ৰ আৰু অভিযোগপত্ৰৰ সত্যাসত্য নিৰূপণ সম্পূৰ্ণ হৈছে ৷ এতিয়া তেওঁ কিছুমান নথিপত্ৰৰ উন্নত প্ৰতিলিপি বিচাৰিছে, কিন্তু তেওঁ আশংকা কৰিছে অনুসন্ধানকাৰী বিষয়াৰ (IO) পৰা শিথিল প্ৰতিলিপি লাভ কৰিব পাৰে ৷ ইয়াৰ পূৰ্বে, 20 জুলাইত হাজিৰ হোৱাৰ পিচত, আদালতে দুয়োজন অভিযুক্তক নিয়মীয়া জামিন প্ৰদান কৰিছিল ।

15 জুনত দিল্লী আৰক্ষীয়ে ব্ৰীজ ভূষণ আৰু বিনোদ তোমাৰৰ বিৰুদ্ধে ৰাউজ এভিনিউ আদালতত এক হাজাৰতকৈও অধিক পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰে । অভিযোগপত্ৰখনত তোমাৰৰ বিৰুদ্ধে ধাৰা 354 (মহিলাগৰাকীক তেওঁৰ শালীনতা নষ্ট কৰাৰ উদ্দেশ্যৰে আক্ৰমণ কৰা বা অপৰাধমূলক বল প্ৰয়োগ), 354A (যৌন নিৰ্যাতন), 354D (অনুসৰণ) আৰু তোমাৰৰ বিৰুদ্ধে আইপিচি ধাৰা 109 (প্ৰৰোচনা),354, 354A আৰু 506 (অপৰাধমূলক ভাবুকি)ৰ অধীনত অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছিল ।

অভিযোগপত্ৰখনত প্ৰায় 200 জন সাক্ষীৰ বিবৃতি অন্তৰ্ভুক্ত আছে বুলি জানিব পৰা গৈছে । ছয়গৰাকী মল্লযোদ্ধাৰ দ্বাৰা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি দিল্লীৰ কনট প্লেচ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছিল ।

লগতে পঢ়ক: Rahul Gandhis Flying Kiss : সংসদত ৰাহুল গান্ধীৰ 'ফ্লায়িং কিছ'ত আপত্তি স্মৃতি ইৰাণীৰ; শোভা কাৰান্দলাজৰ অধ্যক্ষক অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.