ETV Bharat / bharat

Margadarsi case : মাৰ্গদৰ্শী গোচৰত একাউণ্ট ফ্ৰীজ; চৰকাৰ-আৰক্ষীৰ আপীল খাৰিজ অন্ধ্ৰ উচ্চ ন্যায়ালয়ৰ

অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে স্পষ্ট কৰি দিছে যে মাৰ্গদৰ্শী চিটফাণ্ড গোচৰত একক ন্যায়াধীশে প্ৰদান কৰা অন্তৰ্ৱৰ্তীকালীন আদেশসমূহ ফৌজদাৰী আইনৰ ধাৰাৰ অধীনত আপীলযোগ্য নহয় । আদালতে চৰকাৰ আৰু আৰক্ষীক একক ন্যায়াধীশৰ সন্মুখত গোচৰবোৰত কাউণ্টাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । আশা কৰা হৈছে যে একক ন্যায়াধীশে যিমান সম্ভৱ সোনকালে মুখ্য গোচৰবোৰৰ শুনানি গ্ৰহণ কৰিব ।

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 2:17 PM IST

মাৰ্গদৰ্শী গোচৰত একাউণ্ট ফ্ৰীজ
Margadarsi case

নিউজ ডেস্ক, ২১ অক্টোবৰ : অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে প্ৰদান কৰা আদেশৰ বিৰুদ্ধে অন্ধ্ৰপ্ৰদেশ ৰাজ্য চৰকাৰ আৰু আৰক্ষীয়ে দাখিল কৰা আপীল খাৰিজ কৰি তেওঁলোকক মাৰ্গদৰ্শী চিট ফাণ্ড কোম্পানীৰ তিনিটা শাখাৰ বেংক একাউণ্ট ৰক্ষণাবেক্ষণ (ডিফ্ৰীজ) কৰাৰ অনুমতি দিয়ে ।

চৰকাৰ আৰু আৰক্ষীৰ আপীল ৰক্ষণাবেক্ষণযোগ্য নহয় । বিচাৰপীঠে এইদৰে কয় । লগতে স্পষ্ট কৰি দিয়ে যে মাৰ্গদৰ্শী চিটফাণ্ড গোচৰৰ একক ন্যায়াধীশে প্ৰদান কৰা অন্তৰ্ৱৰ্তীকালীন আদেশসমূহ ফৌজদাৰী আইনৰ ধাৰাৰ অধীনত আপীলযোগ্য নহয় । আদালতে চৰকাৰ আৰু আৰক্ষীক একক ন্যায়াধীশৰ সন্মুখত গোচৰবোৰত কাউণ্টাৰ দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে । লগতে এইটো আশা কৰা হৈছে যে একক ন্যায়াধীশে যিমান সম্ভৱ সোনকালে মূল গোচৰবোৰৰ শুনানি গ্ৰহণ কৰিব । ন্যায়াধীশ ইউ দুৰ্গাপ্ৰসাদ ৰাও আৰু ন্যায়াধীশ এ ভি ৰবীন্দ্ৰ বাবুক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে শুকুৰবাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে ।

আনহাতে, যোৱা বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ৰ একক ন্যায়াধীশে বিশাখাপট্টনম অঞ্চলৰ চিৰালা, বিশাখাপট্টনম আৰু সীথামপেটাত অৱস্থিত মাৰ্গদৰ্শী চিট ফাণ্ডৰ তিনিটা শাখাৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ বাবে অন্ধ্ৰপ্ৰদেশ আৰু ৰাজ্যিক আৰক্ষীয়ে পৃথকে জাৰি কৰা জাননীসমূহ স্থগিত ৰাখিছিল । এই সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ চুব্বা ৰেড্ডীয়ে অন্তৰ্ৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰে । লগতে সংশ্লিষ্ট বেংক মেনেজাৰসকলক চিটফাণ্ড গ্ৰাহকৰ সুবিধাৰ বাবে মাৰ্গদৰ্শী শাখাৰ মেনেজাৰসকলে পৰিচালনা কৰা একাউণ্টবোৰ ডিফ্ৰীজ কৰিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে অন্ধ্ৰপ্ৰদেশত মাগদৰ্শী চিটফাণ্ডক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈ আছে । আনহাতে, এই সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু আৰক্ষীৰ ভূমিকাক লৈয়ো যথেষ্ট চৰ্চা হৈছে ।

লগতে পঢ়ক :Amit Shah Northeast on Insurgency : উত্তৰ-পূৰ্বাঞ্চলত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৬৫ শতাংশ হ্ৰাস; অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.