ETV Bharat / bharat

ধনৰ লেনদেনৰ ভয়ংকৰ পৰিণতি, চিপ লৈ আত্মহত্যা কৰিলে একে পৰিয়ালৰ 4 গৰাকী লোকে - জঘন্য ঘটনা

(Andhra Pradesh Family Suicide Case) উত্তৰ প্ৰদেশৰ বাৰাণসীত ভয়ংকৰ ঘটনা ৷ ধাৰ লোৱা ধন পৰিশোধ কৰিব নোৱাৰি এটা পৰিয়ালৰ চাৰি গৰাকী লোকে আত্মহননৰ দৰে চৰম পথ বাচি লৈছে ৷

Andhra Pradesh Family Suicide Case
চিপ লৈ আত্মহত্যা কৰিলে একে পৰিয়ালৰ 4 গৰাকী লোকে
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 11:40 AM IST

নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ দেৱনাথপুৰৰ কাশী কৈলাশ ভৱনৰ এছ 6 নং কোঠাত জঘন্য ঘটনা সংঘটিত হৈছে ৷ এটা পৰিয়ালৰ 4 গৰাকী লোকে আত্মহত্যাৰ পথ বাচি লোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ পৰিয়ালটোৱে মৃত্যুৰ পূৰ্বে এখন ছুইচাইড নোট লিখি থৈ গৈছে ৷ ছুইচাইড নোটখনৰ অনুসৰি পৰিয়ালটো অন্ধ্ৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ তদন্ত অনুসৰি, অন্ধ্ৰ প্ৰদেশৰ পৰিয়ালটোৱে তিনিজন বেলেগ বেলেগ লোকৰ পৰা 12 লাখ টকা ধাৰ হিচাপে লৈছিল। পৰিয়ালটোৱে 6 লাখ টকা খৰচ কৰাৰ পিচত বাকী ৰোৱা 6 লাখ টকা উভতাই দিবলৈ গৈছিল ৷ কিন্তু ধন দাতাই পৰিয়ালটোক গোটেই ধনৰ পৰিমাণটো সূদসহ ঘূৰাই দিবলৈ কৈছিল। ইফালে সূদৰ পৰিমাণো বেছি আছিল ৷ ফলত পৰিয়ালটোক লোৱা ধনতকৈ অধিক পৰিমাণৰ ধন ঘূৰাই দিবলৈ কৈছিল ৷ তেতিয়াৰ পৰা পৰিয়ালটোত ধনৰ চিন্তাত বেমেজালিৰ সৃষ্টি হৈছিল ৷

লগতে নোটত উল্লেখ কৰা হৈছিল যে, ধন ধাৰে দিয়া লোকসকলে তেওঁলোকক প্ৰায় ভাবুকি দি আহিছিল ৷ ধনখিনি সোনকালে উভতাই নিদিলে পৰিয়ালটোক মৃত্যুৰ ভাবুকি দিছিল। যাৰ বাবে পৰিয়ালটো বিবুদ্ধিত পৰিছিল ৷ মৃতকেইগৰাকী কোণ্ডা বাবু (50), কোণ্ডা বাবুৰ পত্নী লাৱণ্য (45) বৰপুত্ৰ ৰাজেশ (25) আৰু কণিষ্ঠ পুত্ৰ জয়ৰাজ (23) বুলি চিনাক্ত কৰা হৈছে ৷ পৰিয়ালটোৱে লগ হৈ একেটা কোঠাতে আত্মহত্যা কৰিছিল ৷

লক্ষণীয় যে, পৰিয়ালটোৱে মৃত্যুৰ পূৰ্বে সকলো সামগ্ৰী ওচৰৰ দোকানৰ পৰা ক্ৰয় কৰি আনিছিল ৷ পৰিয়ালটোৱে আত্মহত্যা কৰাৰ উদ্দেশ্যে কাশীত বসবাস কৰিবলৈ আহিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে ৷

এতিয়ালৈকে কৰা অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি, পিতৃ-মাতৃ আৰু সৰু পুত্ৰকে ধৰি তিনিজন লোকে প্ৰথমে আত্মহত্যা কৰিছিল, তাৰ পিচতহে জ্যেষ্ঠ পুত্ৰই আত্মহত্যা কৰিছিল ৷

লগতে পঢ়ক: ওড়িশাত আয়কৰ বিভাগৰ অভিযান, ৩০০ কোটিতকৈও অধিক নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.