ETV Bharat / bharat

Boycotting Parliament Building Inauguration : বিৰোধীক একাষৰীয়া কৰি প্ৰধানমন্ত্ৰীক শুভেচ্ছা অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : May 25, 2023, 11:34 AM IST

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে কয় যে নতুন সংসদ ভৱনৰ উদ্বোধন বৰ্জন কৰাটো গণতন্ত্ৰৰ প্ৰকৃত চেতনাত নহয় (AP CM on boycotting parliament inauguration) ।

AP CM on boycotting parliament inauguration

নিউজ ডেস্ক, ২৫ মে' : ১৯ বিৰোধী দলৰ নতুন সংসদ ভৱন উদ্বোধন অনুষ্ঠানৰ বৰ্জনৰ সিদ্ধান্তৰ লগতে আন বিৰোধী দলকো এই কাৰ্যসূচী বৰ্জনৰ আহ্বান জনাইছে । কিন্তু তাৰ মাজতে বুধবাৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এই আহ্বানক ভেঙুচালি কৰি উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণৰ কথা ঘোষণা কৰিছে । এইবাৰ বিৰোধীৰ এই আহ্বানক একাষৰীয়া কৰি মোডী চৰকাৰলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে (Andhra Pradesh CM YS Jagan Mohan Reddy) ।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নতুন সংসদ ভৱন উদ্বোধনৰ বাবে অভিনন্দন জনায় (YS Reddy congratulated PM Modi on new parliament) । তেওঁ কয় যে নতুন সংসদ ভৱনৰ উদ্বোধন বৰ্জন কৰাটো গণতন্ত্ৰৰ প্ৰকৃত চেতনাত নাই । টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী ৰেড্ডীয়ে কয়, "বিশাল, ৰাজকীয় আৰু প্ৰশস্ত সংসদ ভৱনটো দেশবাসীক উৎসৰ্গা কৰাৰ প্ৰাকক্ষণত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীজীক অভিনন্দন জনাইছোঁ । সংসদ গণতন্ত্ৰৰ মন্দিৰ হোৱাৰ বাবে আমাৰ দেশৰ আত্মা প্ৰতিফলিত কৰে । আমাৰ দেশৰ জনসাধাৰণ আৰু সকলো ৰাজনৈতিক দল ইয়াৰ অন্তৰ্গত ।"

"এনে এক শুভ ঘটনা বৰ্জন কৰাটো গণতন্ত্ৰৰ প্ৰকৃত চেতনাত নহয় । মই অনুৰোধ জনাইছো যে সকলো ৰাজনৈতিক পাৰ্থক্য আঁতৰাই ৰাখি সকলো ৰাজনৈতিক দলে এই গৌৰৱময় অনুষ্ঠানত উপস্থিত থাকক । গণতন্ত্ৰৰ প্ৰকৃত চেতনাৰে মোৰ দলে এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থাকিব ।" তেওঁ টুইটটোত কয় । উল্লেখ্য, ইয়াৰ পূৰ্বে যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছ পাৰ্টীৰ (Yuvajana Shramika Rythu Congress Party, YSRCP) সাংসদ বিজয় সাই ৰেড্ডীয়ে নিশ্চিত কৰে যে তেওঁলোকৰ দলে ২৮ মে'ত দিল্লীত নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব (new Parliament Building inauguration programme) ।

উল্লেখ্য, ইতিমধ্যে কংগ্ৰেছকে ধৰি আন ১৯ টা বিৰোধী দলে নতুন সংসদ ভৱনৰ উদ্বোধন কাৰ্যসূচী বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে (opposition parties boycott Parliament inauguration) । এক যুটীয়া বিবৃতিত দলকেইটাই কয় যে ই "ৰাষ্ট্ৰপতিৰ উচ্চ পদক অপমান আৰু সংবিধানৰ পত্ৰ আৰু আত্মাক উলংঘা কৰে" । ইয়াৰ পূৰ্বে টিএমচি, আপ আৰু চিপিআইএমে ২৮ মে'ত নতুন সংসদ ভৱনৰ উদ্বোধন কাৰ্যসূচী বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল ।

উল্লেখ্য যে অহা ২৮ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নতুন সংসদ ভৱনটো দেশবাসীক উৎসৰ্গা কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২০ চনৰ ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল । এক উচ্চ মানদণ্ডৰ নিৰ্মাণশৈলীৰে এই সংসদ ভৱনটো অভিলেখ সময়ত নিৰ্মাণ কৰি উলিওৱা হৈছে ।

সংসদৰ বৰ্তমানৰ ভৱনটোত লোকসভাত ৫৪৩ জন আৰু ৰাজ্যসভাত ২৫০ জন সদস্যৰ আসনৰ ব্যৱস্থা আছে । ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সংসদৰ নৱনিৰ্মিত ভৱনটোত লোকসভাত ৮৮৮ জন সদস্য আৰু ৰাজ্যসভাত ৩৮৪ জন সদস্যৰ আসনৰ ব্যৱস্থা কৰা হৈছে । দুয়োখন সদনৰ যুটীয়া অধিবেশন লোকসভা কক্ষত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :New Parliament Inauguration : সংসদ ভৱন উদ্বোধন বৰ্জন কৰিব ১৯ বিৰোধী দলে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.