শেহতীয়াকৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২১ সম্বোধন কৰি কয় যে, তেখেতৰ চৰকাৰ খনে দেশক এক ব্লু ইকনমী হিচাবে তুলিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ । সাম্প্ৰতিক সময়ত তেখেতৰ এই বিশ্বাস যথাযথ ভাৱে প্ৰতিফলিত হোৱাও দেখা যায়।
চৰকাৰখনে লোৱা সাগৰমালা প্ৰকল্প, যিয়ে দেশৰ উপকূল সমূহৰ যথাযথ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিছে, সেয়া প্ৰথম বাৰৰ বাবে শুনা গৈছিল অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত । যদিও তদানীন্তন ইউ পি এ চৰকাৰে ইয়াৰ বাবে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে, বৰ্তমানৰ মোদী চৰকাৰে যোৱা ছবছৰত সাগৰমালা প্ৰকল্পটো পুনৰ কাৰ্যত প্ৰতিফলিত কৰাৰ ব্যৱস্থা হাতত লৈছে। সেই সময়ত এই প্ৰকল্পৰ অধীনত বন্দৰ সমূহৰ আধুনিকীকৰণৰ জৰিয়তে আৰু বন্দৰ সমূহৰ এটাক আনটোৰ সৈতে সংলগ্ন কৰি উপকূল সমূহত অৰ্থনৈতিক জ'ন হিচাপে গঢ় দিয়াৰ লক্ষ্য হাতত লোৱা হৈছিল।
কিন্তু ক'ভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পিছত যেতিয়া সমস্ত পৰিকল্পনা ওলট পালট হৈ গ'ল, তাৰ পিছতে চৰকাৰখনে কিছু সময়োচিত পৰিকল্পনাৰ জৰিয়তে মেৰিটাইম ভিজন, ২০৩০ হাতত লৈছে, যাতে সাগৰ মালা পৰিকল্পনাৰ যথোচিত লাভালাভ গ্ৰহণ কৰিব পৰা যায় ।
ভাৰতৰ সামুদ্ৰিক ইতিহাসৰ পৰিমণ্ডল বহু হেজাৰ বছৰ পুৰণি।পূৰ্বতে ভাৰতৰ বহু ঐতিহাসিক বন্দৰ এক গুৰুত্বপূৰ্ণ ব্যৱসায়িক কেন্দ্ৰ হিচাপে ব্যৱহাৰ হৈছিল। দেশত থকা ৭,৫০০ কি:মি: উপকূল ৰেখাৰ ভিতৰত ১২টা প্ৰধান বন্দৰ আৰু ২০০ৰো ওপৰত চিহ্নিত ক্ষুদ্ৰ আৰু সৰু বন্দৰ আছিল । এই বন্দৰ সমূহৰ জৰিয়তে ১৪০ কোটি টন সামগ্ৰী পৰিবহণ কৰা হৈছিল । প্ৰধান মন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, তেখেতৰ চৰকাৰখনে ভাৰতৰ এই প্ৰাকৃতিক সামুদ্ৰিক শক্তিৰ সঠিক ব্যৱহাৰ কৰাৰ বাবে জলপথ, চিপ্লেন সেৱা আৰু ইয়াৰ জৰিয়তে পৰ্যটনৰ বিকাশৰ বাবে বদ্ধ পৰিকৰ । তেওঁ লগতে উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰে ২০৩৫ চনৰ ভিতৰত এই প্ৰধান বন্দৰ সমূহৰ পৰিকাঠামো উন্নয়নৰ বাবে দেশীয় আৰু বৈদেশিক বিনিয়োগৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে ।
এক দশক পূৰ্বতেই যদি চৰকাৰে এই মূখ্য বন্দৰ সমূহক সংলগ্ন কৰণৰ জৰিয়তে বাণিজ্যিক কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰিব পাৰিলে হেঁতেন, তেন্তে পশ্চিম বংগ, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ, কেৰেলা, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গুজাটৰ বন্দৰ সমূহ ইতিমধ্যেই সামুদ্ৰিক নীলা অৰ্থনীতিলৈ পৰিৱৰ্তিত হ'লহেঁতেন।
সামুদ্ৰিক বন্দৰ সমূহ বিভিন্ন দেশৰ মাজত সাগৰীয় পথেৰে হোৱা বাণিজ্যৰ বাবে খুবেই প্ৰয়োজনীয়। এনে বন্দৰ সমূহে বহু দেশতেই সবল উন্নয়নৰ বাবে কাম কৰে । চীন দেশত থকা বন্দৰ সমূহৰ দ্বাৰা হোৱা অৰ্থনৈতিক উন্নয়ন ইয়াৰ এক জলন্ত উদাহৰণ । চীনৰ এই বন্দৰ সমূহৰ ওচৰত কিছু অৰ্থনৈতিক ক্লাষ্টাৰ (cluster) গঢ় দিয়া হৈছে, যিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে । এই ব্যৱস্থাই ওচৰৰ ঠাই সমূহৰো উন্নয়ন সম্ভৱ কৰি তুলিছে ।
আধুনিক ইতিহাসেও প্ৰমাণ কৰে যে, আমেৰিকা আৰু জাপানৰ নিচিনা দেশ সমূহেও তেওঁলোকৰ দেশৰ সামুদ্ৰিক পৰিকাঠামো উন্নয়নৰ জৰিয়তে যথোচিত উন্নতি লাভ কৰিবলৈ সক্ষম হৈছে । উন্নত দেশ সমূহে তেওঁলোকৰ উন্নত মানৰ আভ্যন্তৰীণ জল পৰিবহনৰ বাবে জনাজাত। ভাৰততো ১৪,৫০০ কিমি জলপথ আছে যদিও ইয়াৰ এক সামান্য অংশইহে ৰাষ্ট্ৰীয় জলপথৰ মৰ্যাদা লাভ কৰিছে। কেৰালা হ'ল দেশৰ একমাত্ৰ ৰাজ্য যিয়ে আভ্যন্তৰীণ জল পথৰ সদব্যৱহাৰৰ জৰিয়তে কিছু পৰিমানে অৰ্থনৈতিক উপাৰ্জন কৰিবৰ বাবে সক্ষম হৈছে। মৎস্য ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰতৰ মাত্ৰ ৮ শতাংশ ভাগহে আছে । ভাৰতত সমূদ্ৰৰ সঠিক ব্যৱহাৰৰ জৰিয়তে মৎস্য ৰপ্তানিৰ বাবে যথেষ্ট খিনি সুযোগ দেখিবলৈ পোৱা যায় ।
জলপথৰ জৰিয়তে হোৱা পৰিবহণত স্থল পৰিবহণৰ ব্যয়ৰ মাত্ৰ এক পঞ্চমাংশ ব্যয়হে হয় । তেনে ক্ষেত্ৰত জলপথৰ উন্নয়ন খুবেই প্ৰয়োজনীয়। সমভাৱেই প্ৰয়োজন বন্দৰ সমূহৰ উন্নয়ন, যিয়ে নিয়োগৰো সৃষ্টি কৰিব পাৰে। তাৰোপৰি বন্দৰ সমূহক ৰে'ল আৰু স্থল পথেৰে সংযোজিত কৰাটোও প্ৰয়োজনীয় । সঠিক পৰিকল্পনা আৰু চৰকাৰৰ সময়োচিত তদাৰকৰ জৰিয়তে যদিহে আগবঢ়া যায়, তেন্তে সামুদ্ৰিক উদ্যোগ সমূহৰ বিকাশৰ জৰিয়তে আমি যথেষ্ট সম্পদৰ সৃষ্টি কৰিব পাৰো ।