নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল: সোমবাৰে দক্ষিণ কাশ্মীৰৰ ছ'পিয়ানৰ জেইপ'ৰাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এক সংঘৰ্ষ সংঘটিত হয় । আৰক্ষী, সেনা আৰু চি আৰ পি এফে প্ৰথমে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অঞ্চলটোত তালাচী অভিযান চলায় ।
![Gunfight breaks out in Shopian](https://etvbharatimages.akamaized.net/etvbharat/prod-images/jk-pul-101-sambooraencounter-jk10020_02042021071725_0204f_1617328045_208_0204newsroom_1617329382_982.jpg)
প্ৰাপ্ত তথ্য অনুসৰি, সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা স্থানৰ দিশে নিৰাপত্তা বাহিনীৰ দলটো আগবঢ়ি অহাৰ সময়তে সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰে । ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষী, সেনা আৰু চি আৰ পি এফেও গুলীচালনা কৰে ।
বৰ্তমানেও আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে । অঞ্চলটোত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ গোপন তথ্য লাভ কৰাৰ পিছতে অভিযান চলোৱা হৈছিল ।
লগতে পঢ়ক:দিল্লীত অক্সিজেন, ৰেমডেচিবিৰৰ যোগান নিৰীক্ষণৰ বাবে বিষয়া নিয়োগ