ETV Bharat / bharat

পৰিম্প'ৰাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

author img

By

Published : Jun 28, 2021, 9:28 PM IST

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । এইবাৰৰ স্থান শ্ৰীনগৰ । সোমবাৰে বিয়লি প্ৰথমে মালহোৰা অঞ্চলত গুলীচালনা আৰম্ভ হয় আৰু পৰিম্প'ৰা অঞ্চলতো দুয়ো পক্ষই গুলীবৰ্ষণ কৰে ।

An encounter broke out between security forces and militants in Srinagar
শ্ৰীনগৰৰ পৰিম্প'ৰাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ২৮ জুন : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ মালহোৰা অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সোমবাৰে বিয়লি মালহোৰা আৰু পৰিম্প'ৰা অঞ্চলত গুলীচালনা হয় । সম্প্ৰতি নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে । এতিয়াও নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণৰ অব্যাহত আছে ।

শেহতীয়াকৈ শ্ৰীনগৰত লস্কৰ-ই-তৈবাৰ এজন শীৰ্ষ কমাণ্ডাৰক গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীয়ে দাবী কৰিছিল আৰু এই সন্ত্ৰাসবাদী কেইবাটাও কূটাঘাতমূলক ঘটনাৰে জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে । কাশ্মীৰৰ আৰক্ষী মহা পৰিদৰ্শক বিজয় কুমাৰে টুইটযোগে জনোৱা মতে, আৰক্ষীৰ বাবে এয়া এক বৃহৎ সফলতা । ধৃত সন্ত্ৰাসবাদীটো নাদিম আব্ৰাৰ বুলি জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে । আনহাতে, দেওবাৰে পুৱতি নিশা প্ৰায় ১.৪০ বজাত আৰু ১.৪৬ বজাত সাতৱাৰীৰ বায়ু সেনা বাহিনীৰ ষ্টেচনত দুটা বিস্ফোৰণ সংঘটিত হয় ।

হেলিকপ্টাৰ পাৰ্কিং এলেকাৰ ওচৰত এই বিস্ফোৰণ সংঘটিত হয় । বিস্ফোৰণত বায়ুসেনা বাহিনীৰ এজন বিষয়া আৰু এজন এয়াৰমেন আহত হয় । অৱশ্যে বায়ু সেনা বাহিনীৰ কোনো সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা নাই ।

চোৰাংচোৱা সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, বোমা দুটা সম্ভৱতঃ ড্ৰোণৰ দ্বাৰা দলিয়াই দিয়া হৈছে । কিয়নো আকাশমাৰ্গত লাইটৰ পোহৰ ঘূৰি যেন দেখা পোৱা গৈছিল । নিৰাপত্তা প্ৰতিষ্ঠানৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, যদি এই বিস্ফোৰণ ড্ৰোণৰ দ্বাৰা কৰিলেহেঁতেন তেন্তে ওচৰৰ কোনো ঠাইৰ পৰা স্থানৰ পৰা কৰিলেহেঁতেন ।

আন্তৰ্জাতিক সীমান্ত পাৰ হৈ এনেদৰে পাকিস্তানৰ পৰা ড্ৰোণেৰে বোমা বিস্ফোৰণ কৰাতো কঠিন হ'ব বুলি তেওঁ মন্তব্য কৰে । আই এ এছ এফ ঘাটিৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ আকাশী দূৰত্বত আছে পাকিস্তানৰ চহৰ । আন্তঃৰাষ্টীয় সীমান্ত জম্মুৰ পৰা দূৰত্ব প্ৰায় ১৯০ কিলোমিটাৰ আৰু জম্মু আৰু কাশ্মীৰ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ কেন্দ্ৰীয় অঞ্চলত নিয়ন্ত্ৰণ ৰেখা প্ৰায় ৮৬০ কিলোমিটাৰ দীঘল ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ ৰাজনগৰত চিপিআইএম-বিজেপি কৰ্মীৰ প্ৰচণ্ড সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.