ETV Bharat / bharat

সংবাদ প্ৰতিষ্ঠানক আক্ৰমণৰ ঘটনাক সমালোচনা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ - Tripura Assembly Election

আগৰতলাত সংবাদ প্ৰতিষ্ঠানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক নিন্দা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৷ এই কাৰ্যৰে জড়িত থকা দলক নিজে আগুৱাই আহি দোষীৰ বিৰুদ্ধে অনুশাসনসমূলক ব্যৱস্থা গ্ৰহণৰ দাবী ত্ৰিপুৰাৰ বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মনৰ ৷

Amit Shah, JP Nadda condemned attack on media: Tripura BJP MLA Sudip Roy Barman
ত্ৰিপুৰাত সংবাদ প্ৰতিষ্ঠানক আক্ৰমণৰ ঘটনাক সমালোচনা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ
author img

By

Published : Sep 14, 2021, 10:19 AM IST

আগৰতলা, 14 ছেপ্তেম্বৰ : আগৰতলাত সংবাদ প্ৰতিষ্ঠানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক নিন্দা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৷ মঙলবাৰে ‘প্ৰতিবাদী কলম’ নামৰ সংবাদ প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰি বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মনে কয়, ‘যেতিয়া এই ঘটনাটো সংঘটিত হৈছিল মই তেতিয়া দিল্লীত আছিলো ৷ মোৰ সৈতে বৈঠকখনত গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল ৷ মই তেওঁলোকক এই বিষয়ে অৱগত কৰো আৰু তেওঁলোকে এই ঘটনাক তীব্ৰভাষাৰে গৰিহণা দিয়ে’ ৷

Amit Shah, JP Nadda condemned attack on media: Tripura BJP MLA Sudip Roy Barman
ত্ৰিপুৰাত সংবাদ প্ৰতিষ্ঠানক আক্ৰমণৰ ঘটনাক সমালোচনা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ

সাংবাদিকক সম্বোধন কৰি সুদীপ ৰয় বৰ্মনে লগতে কয়, ‘এই ঘটনাৰ বিষয়ে ক’বলৈ মোৰ ভাষা নাই ৷ কোনো সংবাদ প্ৰতিষ্ঠানৰ ওপৰত চলোৱা এনেধৰণৰ আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷ যি ধৰণে অনুপ্ৰৱেশকাৰীসকলে ধুমুহাৰ বেগত অট্টালিকাৰ ভিতৰত প্ৰৱেশ কৰি হিংসাত্মক কাৰ্যত লিপ্ত হৈছে, ইয়াৰ পৰা এইটো সহজেই অনুমান কৰিব পাৰি যে এয়া পূৰ্ব পৰিকল্পিত’ ৷ অৱশ্যে তেওঁ এই ঘটনাৰে বিজেপি জড়িত হৈ থকা কথাটো নাকচ কৰে বিজেপি বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : AAPৰ ৰাষ্ট্ৰীয় সম্পাদকলৈ EDৰ চমনঃ প্ৰধানমন্ত্ৰীক সমালোচনা কেজৰিৱালৰ

তেওঁ কয় যে, মই নাভাবো দলে এনেধৰণৰ কাৰ্য-কলাপ কৰিব অথবা ইয়াৰ সমৰ্থন কৰিব ৷ চিচিটিভিত দুৰ্বৃত্তসকলক চিনাক্তকৰণ কৰা হৈছে ৷ মই আশা কৰো আৰক্ষীয়ে শীঘ্ৰে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব আৰু দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হ’ব ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথাও জনায় বিজেপি নেতাগৰাকীয়ে ৷ "যি দলেই এই কাৰ্যৰে জড়িত তেওঁলোক আগুৱাই আহিব লাগে আৰু ইয়াৰে জড়িত থকা লোকসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব ৷ মই ভাবো যে, এই কাৰ্যৰে সুবিধাবাদী কৰ্মকৰ্তা জড়িত হৈ আছে ৷ যিসকলে যিকোনো প্ৰকাৰে দলৰ প্ৰতি নিজৰ আনুগত্য প্ৰদৰ্শন কৰিব বিচাৰে ৷ এইসকল কৰ্মকৰ্তা কোনো কাৰণতে বিজেপিৰ হ’ব নোৱাৰে"- সুদীপ ৰয় বৰ্মনে কয় ৷

লগতে পঢ়ক : তৃণমূল, চিপিআইএমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.