ETV Bharat / bharat

Amarnath cloudburst: ডাৱৰ বিস্ফোৰণত আঘাতপ্ৰাপ্তৰ বুজ ল'লে ৰাজ্য়পালে - Amarnath cloudburst

জন্মু-কাশ্মীৰৰ ৰাজ্য়পাল লেফটেনেণ্ট মনোজ সিনহাই শনিবাৰে শ্বেৰ-ই-কাশ্মীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এছকেআইএমএছ )পৰিভ্ৰমণ কৰি অমৰনাথৰ পবিত্ৰ গুহাত ডাৱৰ বিস্ফোৰণত আঘাতপ্ৰাপ্ত যাত্ৰীসকলৰ অৱস্থাৰ বুজ লয়(LG meets injured victims at SKIMS hospital)। তেওঁ চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলৰ সৈতে কথোপকথন কৰি সকলো সুবিধাৰ আশ্বাস দিয়ে ।

ৰক
Cloudburst in JK:ডাৱৰ বিস্ফোৰণত আঘাতপ্ৰাপ্তৰ বুজ ল'লে ৰাজ্য়পালে
author img

By

Published : Jul 9, 2022, 9:06 PM IST

নেচনেল ডেস্ক, ৯জুলাই: জন্মু-কাশ্মীৰৰ ৰাজ্য়পাল লেফটেনেণ্ট মনোজ সিনহাই শনিবাৰে শ্বেৰ-ই-কাশ্মীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এছকেআইএমএছ )পৰিভ্ৰমণ কৰি অমৰনাথৰ পবিত্ৰ গুহাত ডাৱৰ বিস্ফোৰণত আঘাতপ্ৰাপ্ত যাত্ৰীসকলৰ অৱস্থাৰ বুজ লয় (LG meets injured victims at SKIMS hospital)। তেওঁ চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলৰ সৈতে কথোপকথন কৰি জন্মু-কাশ্মীৰ প্ৰশাসনৰ হৈ তেওঁলোকক সকলো সুবিধাৰ আশ্বাস দিয়ে ।

ইয়াৰ পাছতে ৰাজ্য়পাল লেফটেনেণ্ট মনোজ সিনহাই এছকেআইএমএছত ভৰ্তি হোৱা আন যাত্ৰীসকলৰো স্বাস্থ্যৰ বুজ লয় (Sher I Kashmir Institute of Medical Sciences)। এই পৰিদৰ্শনৰ সময়ত এছকেআইএমএছৰ সঞ্চালক অধ্যাপক পাৰভাইজ এ কুলে চিকিৎসাধীন লোকসকলৰ স্বাস্থ্য সম্পৰ্কীয় তথ্যসমূহ অৱগত কৰে । সঞ্চালকগৰাকীয়ে সামগ্ৰিকভাৱে ৫২ গৰাকী যাত্ৰীক এছকেআইএমএছত ভৰ্তি কৰোৱা আৰু ইয়াৰ ভিতৰত ৩৫গৰাকীক চিকিৎসা প্ৰদানৰ অন্তত যাবলৈ দিয়া হয় বুলি উল্লেখ কৰে । গুৰুতৰভাৱে আহত ১৭ গৰাকী ৰোগীৰ ভিতৰত এজনৰ চিকিৎসালয়ত মৃত্য়ু হোৱা আৰু এজনক এছকেআইএমএছ চিকিৎসা মহাবিদ্যালয়ৰ পৰা বেমিনালৈ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে ।

ইপিনে, যোৱা ২৪ ঘন্টাৰ ভিতৰত জন্মু-কাশ্মীৰত দ্বিতীয়টো ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হ'ল । জন্মু-কাশ্মীৰৰ ডোডা জিলাৰ থাথ্ৰীৰ ওপৰৰ অংশৰ গুণ্টিত শনিবাৰে পুৱা প্ৰায় ৪ বজাত ডাৱৰ বিস্ফোৰণ সংঘটিত হয় (Cloudburst occurred at Gunti in Janmu-Kashmir )। হঠাতে সংঘটিত হোৱা এই ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া গান্দেৰবালত চলি থকা অমৰনাথ যাত্ৰাৰ বালতাল আধাৰ শিবিৰত ডাৱৰ বিস্ফোৰণৰ ফলত কমেও ১৫গৰাকী যাত্ৰী নিহত হোৱাৰ লগতে আন কেইবাগৰাকী যাত্ৰী আহত হৈছিল(cloudburst struck Baltal base camp of Amarnath Yatra in Ganderbal )। এই বিস্ফোৰণত ২৫ টাকৈ যাত্ৰী শিবিৰ ধ্বংস হয় ৷

লগতে পঢ়ক:ভূমিস্খলনৰ ফলত সাময়িকভাৱে বন্ধ জম্মু-শ্ৰীনগৰ ঘাইপথ, অমৰনাথ যাত্ৰীক অন্য পথেৰে প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.