ETV Bharat / bharat

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংক উপস্থিত থাকিব ।

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন
Aligarh Muslim University illuminated for its centenary celebrations
author img

By

Published : Dec 18, 2020, 2:21 PM IST

উত্তৰ প্ৰদেশ, ১৮ ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ ঐতিহ্যমণ্ডিত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকীৰ উপলক্ষ্যে ভৱনসমূহ বিভিন্ন ৰঙৰ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে । ২২ ডিচেম্বৰত বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হ'বলগীয়া শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে অংশগ্ৰহণ কৰিব ।

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া ওমৰ চেলেম পীৰজাডাই শতবাৰ্ষিকী অনুষ্ঠানত যিকোনো বিশ্ববিদ্যালয়ৰ ইতিহাসৰ ঐতিহাসিক বুলি উল্লেখ কৰি ক'ভিড প্ৰট'কল অনুসৰণ কৰি অনুষ্ঠানটো আয়োজন কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে । তেঁও লগতে শতবাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি ৱেবমিনাৰ, চেমিনাৰ আৰু বিভিন্ন কাৰ্যসূচী আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে ।

জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে বিশ্ববিদ্যালয়ৰ সমৃদ্ধি আৰু অতুলনীয় ঐতিহ্য দেখুৱাবলৈ ঐতিহাসিক ভৱন আৰু প্ৰশাসনিক খণ্ডৰ লগতে গেটসমূহক বিভিন্ন ৰঙৰ লাইটেৰে সজ্জিত কৰি তোলাৰ কথা উল্লেখ কৰে । শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৈতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকও উপস্থিত থাকিব ।

লগতে পঢ়কঃ কৃষি আইন সাময়িকভাৱে স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.