নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ : অৰুণাচল প্ৰদেশৰ স্পৰ্শকাতৰ টাৱাং ছেক্টৰত কৰ্তব্যৰত ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, পূৱ লাডাখত পূৰ্বৰে পৰা অব্যাহত থকা পিপুলছ লিবাৰেছন আৰ্মীৰ আগ্ৰাসনৰ পিছৰে পৰা নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সীমান্ত আৰক্ষী তৎপৰ হৈ আছিল । টাৱাং ছেক্টৰত ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে নিয়ন্ত্ৰণ ৰেখাৰ পৰা চীনৰ ভূ-খণ্ড পৰ্যবেক্ষণ কৰিব পৰা স্থানলৈ আগুৱাই গৈ উচ্চ স্তৰীয় প্ৰস্তুতি চলোৱাৰ লগতে উক্ত স্থানত নিয়োগ বৃদ্ধি কৰিবলৈ আন্তঃগাঁঠনি উন্নয়ন কৰি আছে ।
ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ ৫৫ বেটেলিয়নৰ কামাণ্ডাৰ আই বি ঝাই প্ৰকাশ কৰা মতে, যেতিয়া লাডাখৰ দৰে পৰিস্থিতি সৃষ্টি হয়, তেতিয়া তেওঁলোকে হাই এলাৰ্ট জাৰি কৰে, যাতে অধিক সষ্টম হৈ থাকি তেওঁলোকে অশান্ত পৰিস্থিতি সৃষ্টি হোৱাত বাধা দিব পাৰে । প্ৰচণ্ড শীতৰ মাজতো জোৱানসকলে কৰ্তব্য পালন কৰি আছে আৰু সীমান্তত প্ৰতিটো মূহুৰ্ততে দৃষ্টি নিবদ্ধ কৰি ৰাখিছে ।
কোনেও আমাক ইয়াত আতৰ্কিতে আক্ৰমণ কৰিব নোৱাৰে । আমি দেশক প্ৰতিশ্ৰুতি দিছো যে, আমি মাতৃভূমিক ৰক্ষা কৰিম । সেয়ে, নিষ্ঠাৰে কৰ্তব্য পালন কৰাৰ লগতে উচ্চ স্তৰীয় প্ৰস্তুতিও চলাই আছো । ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীয়ে চীনৰ সৈতে সীমাক লৈ হৈ থকা সংঘৰ্ষৰ সময়ত লাডাখ আৰু অৰুণাচল প্ৰদেশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
পংগং হ্ৰদৰ ফিংগাৰ এলেকা আৰু ১৪,১৫,১৭ পইণ্টত চীনা সেনাই কৰা আগ্ৰাসনৰ প্ৰাৰম্ভিক পৰ্যায়ত ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে চীনা সৈন্যক উচিত প্ৰত্যুত্তৰ দিছিল । চীনা সেনাৰে হোৱা হতাহতিত বহু চীনা সেনাক ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে আহত কৰিছিল । কামাণ্ডাৰ ঝাই কয় যে, ভাৰত-তিব্বত সীমান্ত আৰক্ষী সাহসিকতাৰ পৰিচয় দিছে । এতিয়া টাৱাং ছেক্টৰত নিয়োজিত হৈ থকা আৰক্ষীয়ে জোৱানসকলে লাডাখৰ সীমান্ত আৰক্ষীৰ দৰে দেশৰ হকে যুঁজ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে বুলি মন্তব্য কৰে ঝাই ।
ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ বিষয়াগৰাকীয়ে কয় যে, নিয়ন্ত্ৰণ ৰেখাৰ ফালে আগবাঢ়ি যাওতে আৰক্ষী জোৱানসকলে জিৰ' পইণ্টৰ নিচেই কাষ পায়, যি ঠাইৰ পৰা চীনা পথবোৰ দেখা পোৱা যায় । অঞ্চলটোত তহল দিয়াৰ পিছত কামাণ্ডাৰগৰাকীয়ে কয় যে, ভাৰতীয় পক্ষৰ পৰা আন্তঃগাঁঠনি উন্নয়নৰ বাবে অনুমতি দিয়া হৈছে আৰু এতিয়া তেওঁলোকে টাৱাং ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ জিৰ' পইণ্টৰ নিচেই কাষলৈ যোৱাৰো অনুমতি লাভ কৰিছে । ভাৰতীয় সশস্ত্ৰ বলৰ বাহনো নিয়ন্ত্ৰণ ৰেখাৰ প্ৰায় ১০০ মিটাৰ দূৰত্বত দেখা পোৱা গৈছে ।
শেহতীয়াকৈ বহুতো কাম সম্পূৰ্ণ কৰা হৈছে সীমান্তত । সেনাৰ বাহনে নিয়ন্ত্ৰণ ৰেখাৰ নিচেই কাষলৈ আহিবলৈ অনুমতি লাভ কৰাৰ বাবে যিকোনো আকস্মিক আক্ৰমণৰ সময়ত ভাৰতৰ পক্ষৰ পৰা প্ৰত্যুত্তৰ দিয়াত সহায় কৰিব । ১৯৬২ৰ যুদ্ধৰ সময়ত টাৱাং ছেক্টৰ উত্তৰ-পূৱৰ ভিতৰতে আটাইতকৈ স্পৰ্শকাতৰ ছেক্টৰ হিচাপে বিবেচিত হৈছিল । চীনা সৈন্যই সীমান্তৰে প্ৰৱেশ কৰি ভাৰতৰ বহু ঠাই আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল । কিন্তু এতিয়া ভাৰতীয় সেনাই টাৱাং ছেক্টৰত সুৰক্ষা ব্য়ৱস্থা অধিক কটকটীয়া কৰি তুলিছে । তেজপুৰস্থিত গজৰাজ বাহিনী নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ অঞ্চলৰ চৌপাশে সষ্টম হৈ আছে ।
ভাৰতীয় সেনা বাহিনীয়ে উক্ত স্থানত উচ্চ স্তৰীয় প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে । লাডাখত চীনৰ আগ্ৰাসনৰ পিছতে ততাতৈয়াকৈ লেফটেনেণ্ট জেনেৰেল শান্তনু দয়ালৰ নেতৃত্বাধীন দলটোৱে নিজকে নিয়ন্ত্ৰণ ৰেখাৰ ফালে আগবাঢ়ি গৈ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰিছে । এতিয়া সীমান্তৱৰ্তী অঞ্চলত তুষাৰপাতো আৰম্ভ হৈছে । স্ন'চ্যুট পৰিধান কৰি ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে তহল দিছে সীমান্তত ।
লগতে পঢ়ক:কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত 1 সন্ত্ৰাসবাদীঃ আহত 2 জোৱান