নিউজ ডেস্ক,৮ ফেব্ৰুৱাৰী: অতিমাৰী COVID-১৯ ত স্তব্ধ হৈ পৰিছিল সকলো । বন্ধ হৈছিল হোটেল, ৰেঁস্তোৰা, শিক্ষানুষ্ঠান আদি সকলো । তাৰ মাজতো অতিমাৰীৰ সংকটৰ কালচোৱাত আব্দুল কালাম কাৰিকৰী বিশ্ববিদ্যালয় চমুকৈ এ কে টি ইউৰ এক সিদ্ধান্তত জাঙুৰ খাই উঠিছে শিক্ষাৰ্থীসকলে । বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে । অতিমাৰীৰ সময়ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে শিক্ষাৰ্থীসকলে ।
অভিযোগ অনুসৰি, পৰীক্ষাৰ বাবে দূৰণিবটীয়া শিক্ষাৰ্থীসকলে সংকটৰ সময়তো বাটকুৰি বাই পৰীক্ষা দিব যাব লাগিব । সেয়া কোনোপধ্যেই সম্ভৱপৰ নহয় । অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ জাননী বাতিল কৰিবলৈ আহ্বান জনাইছে শিক্ষাৰ্থীসকলে ৷ কিয়নো বৰ্তমানেও COVID-১৯ ৰ সংক্ৰমণ অব্যাহত আছে । বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা অনলাইন পাঠদানকে আদি কৰি পৰীক্ষাসমূহ অনুষ্ঠিত হৈ অহাত এইসকল শিক্ষাৰ্থীয়েও অনলাইন পৰীক্ষাৰ আগ্ৰহ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: সৈনিকৰ পেঞ্চন হ্ৰাসঃ কেন্দ্ৰীয় চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ