ETV Bharat / bharat

Rebellion in NCP : শাৰদ পাৱাৰক সাক্ষাৎ অজিত পাৱাৰসহ বিদ্ৰোহী নেতাৰ - Ajit Pawar meet Sharad Pawar

মহাৰাষ্ট্ৰৰ নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ বিদ্ৰোহৰ পাছত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন । তাৰ পূৰ্বে এনচিপিৰ বিদ্ৰোহী নেতাসকলে দেওবাৰে দলৰ মুৰব্বী শাৰদ পাৱাৰক সাক্ষাৎ কৰে । এই সাক্ষাৎকাৰক লৈ ব্যাপক প্ৰতিক্ৰিয়া ।

Rebellion in NCP
শৰদ পাৱাৰক সাক্ষাৎ অজিত পাৱাৰসহ বিদ্ৰোহী নেতাৰ
author img

By

Published : Jul 16, 2023, 2:28 PM IST

Updated : Jul 16, 2023, 3:25 PM IST

নেশ্যনেল ডেস্ক,১৬ জুলাই : শেহতীয়া কিছু দিন ধৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিত বহু উত্থান পতন দেখিবলৈ পোৱা গৈছে । দলীয় বিদ্ৰোহৰ ৰাজনীতিয়ে একপ্ৰকাৰ চৰ্চাত ৰাখিছে মহাৰাষ্ট্ৰক । শিৱসেনাৰ পাচত এনচিপিৰ বিদ্ৰোহেও ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইয়াৰ মাজতে পুনৰ এক বৃহৎ ৰাজনৈতিক উত্থান দেখিবলৈ পোৱা গৈছে । কিয়নো নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ বিদ্ৰোহী নেতাসকলে দলৰ মুৰব্বী শাৰদ পাৱাৰক সাক্ষাতৰ বাবে আগবাঢ়ি আহিছে ।

বিদ্ৰোহী নেতাসকলে পাৱাৰক সাক্ষাৎ কৰিবলৈ দেওবাৰে ৱাইবি কেন্দ্ৰত উপস্থিত হৈছে । মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিদ্ৰোহী নেতাসকলে দলৰ মুৰব্বী শাৰদ পাৱাৰক সাক্ষাৎ কৰা বিষয়টোৱে এতিয়া ৰাজনৈতিক মহলত কৌতূহলৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে এনচিপিত বিভাজনৰ পাছত অজিত পাৱাৰে তেওঁৰ কেইজনমান সহযোগী বিধায়কৰ সৈতে মহাৰাষ্ট্ৰৰ শিৱসেনা-বিজেপি মিত্ৰজোঁট চৰকাৰত যোগদান কৰে । অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী আৰু আন ৮ গৰাকী বিধায়কে শপত গ্ৰহণ কৰে । ইয়াৰ পাচত অজিত পাৱাৰ গোটে এনচিপি দল আৰু প্ৰতীকৰ বাবে দাবী উত্থাপন কৰি নিৰ্বাচন আয়োগলৈ পত্ৰও প্ৰেৰণ কৰিছে ।

কিন্তু এইবোৰৰ মাজতে দেওবাৰে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে তেওঁৰ ৮ সহযোগীৰ সৈতে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰক সাক্ষাৎ কৰে আৰু সকলোকে আচৰিত কৰি তোলে ।

ইফালে বিদ্ৰোহী এনচিপি নেতা প্ৰফুল পেটেলে সাংবাদিকৰ আগত কয় যে তেওঁলোকে শাৰদ পাৱাৰৰ আশীৰ্বাদ বিচাৰি তালৈ গৈছিল । এনচিপিৰ মুৰব্বীগৰাকী কেন্দ্ৰত থাকিব বুলি খবৰ পোৱাৰ পাচতে তেওঁলোকে কোনো অনুমতি নোলোৱাকৈ তাত উপস্থিত হৈছে । তেওঁলোকে শাৰদ পাৱাৰক অনুৰোধ কৰিছে যাতে এনচিপি ঐক্যবদ্ধ হৈ থাকে । এই সন্দৰ্ভত শাৰদ পাৱাৰে কোনো প্ৰতিক্ৰিয়া দিয়া নাই যদিও তেওঁলোকৰ কথা অতি মনোযোগেৰে শুনিছে বুলিও পেটেলে উল্লেখ কৰে ।

এনচিপিৰ মন্ত্ৰী হাছান মুছৰিফ, অদিতি তাতকাৰে আৰু দিলীপ ৱালছে পাটিলেও বৈঠকত অংশগ্ৰহণ কৰে । শাৰদ পাৱাৰ শিবিৰৰ সূত্ৰই জনোৱা মতে এনচিপিৰ ৰাজ্যিক সভাপতি জয়ন্ত পাটিল আৰু দলৰ নেতা জিতেন্দ্ৰ আৱাদ এই বৈঠকৰ সময়ত তাত উপস্থিত আছিল ।

লগতে পঢ়ক :ADR report : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আছে ১৩ টা গোচৰ

Last Updated : Jul 16, 2023, 3:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.