ETV Bharat / bharat

অচিৰেই ভাৰত ডাইনামিক্সৰ পৰা এয়াৰ মিছাইল লাভ কৰিব ভাৰতীয় বায়ু সেনাই

মঙলবাৰে হায়দৰাবাদৰ কাঞ্চনবাগ গোটৰ পৰা MRSAMৰ প্ৰথমটো ফায়াৰিং গোটৰ প্ৰথমটো মিছাইল উদ্বোধন কৰে ভাৰত ডাইনামিক্স লিমিটেডে(Bharat Dynamics Ltd) । ভাৰতীয় বায়ু সেনাক প্ৰদান কৰাৰ বাবে এই এয়াৰ মিছাইল প্ৰস্তুত কৰা হৈছে ।

Air Force to get surface to air missile from Bharat Dynamics
অচিৰেই ভাৰত ডাইনামিক্সৰ পৰা এয়াৰ মিছাইল লাভ কৰিব ভাৰতীয় বায়ু সেনাই
author img

By

Published : Jul 22, 2021, 6:39 AM IST

নেশ্যনেল ডেস্ক, ২১ জুলাই : হায়দৰাবাদৰ কাঞ্চনবাগ গোটৰ পৰা মিডিয়াম ৰেঞ্জ ছাৰফেচ এয়াৰ মিছাইল(Medium Range Surface to Air Missile)ৰ প্ৰথমটো ফায়াৰিং গোটৰ প্ৰথমটো মিছাইল উদ্বোধন কৰিলে ভাৰত ডাইনামিক্স লিমিটেডে(Bharat Dynamics Ltd) । মঙলবাৰে উদ্বোধন কৰা এই এয়াৰ মিছাইল ভাৰতীয় বায়ু সেনাক প্ৰদান কৰা হ'ব । এই এয়াৰ মিছাইলবোৰ ইজৰাইলৰ সহযোগত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (Defence Research and Development Organisation)ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে । মিছাইলবোৰ ভাৰত ডাইনামিক্স লিমিটেডে নিৰ্মাণ কৰিছে ।

ডাইনামিক্স লিমিটেডে ইতিমধ্যে নৌসেনাৰ নিৰ্দেশৰ কাম সম্পূৰ্ণ কৰিছে । বৰ্তমান একে সময়তে স্থল সেনা আৰু বায়ু সেনাই দিয়া নিৰ্দেশ সম্পূৰ্ণ কৰাৰ বাবে কাম কৰি আছে । মধ্যম দূৰত্বৰ এয়াৰ মিছাইলটো শত্ৰুৱে আকাশমাৰ্গৰ পৰা দিব পৰা ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে নিৰ্মাণ কৰা হৈছে । হাই-টেক আধুনিক ৰেডিঅ' ফ্ৰিকুৱেন্সী সংলগ্ন এই মিছাইলে শত্ৰুৰ বিমান, হেলিকপ্টাৰ, গাইডেড বোমা আৰু ক্ৰুজ মিছাইল ধ্বংস কৰিব পাৰে ।

সৰ্বাধিক ৭০ কিলোমিটাৰ দূৰত্বৰ পৰা শত্ৰুৱে কৰা আক্ৰমণ প্ৰতিহত কৰিব পাৰে এয়াৰ মিছাইলে । ভাৰত ডাইনামিক্স লিমিটেডৰ এগৰাৰকী বিষয়াই জনোৱা মতে, MRSAM স্বদেশীভাৱে বিকশিত দ্বৈত-পালচ ৰকেট মটৰ আৰু টাৰ্মিনেল পৰ্যায়ত প্ৰয়োজনীয় কৌশল প্ৰদানৰ বাবে দ্বৈত নিয়ন্ত্ৰণ প্ৰণালীৰ দ্বাৰা চালিত মিছাইল । অৱশ্যে, এই মিছাইলবোৰ ভাৰতীয় বায়ু সেনাক কেতিয়া হস্তান্তৰ কৰা হ'ব সেই বিষয়ে কোনো কথা সদৰি কৰা নাই বিষয়াগৰাকীয়ে । মুঠতে আকাশমাৰ্গতো শত্ৰুক প্ৰতিহত কৰিবলৈ সাজু হৈছে ভাৰতৰ প্ৰতিৰক্ষা বাহিনী ।

লগতে পঢ়ক:যোৱা ২৪ ঘণ্টাত ভাৰতত ৩,৯৯৮ জনৰ ক’ভিডত মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.