ETV Bharat / bharat

ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধুৰীৰ - Air Chief Marshal VR Chaudhari in Shilong

৭ৰ পৰা ৯ ছেপ্টেম্বৰলৈ শ্বিলঙত অনুষ্ঠিত হৈছে ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ বাৰ্ষিক কমাণ্ডাৰ্ছ কনফাৰেন্স ৷ ইয়াৰ বাবে শ্বিলঙত থকা ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয় (Headquarters of Eastern Air Command) পৰিদৰ্শন কৰে এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধুৰীয়ে ৷

Air Chief Marshal VR Chaudhari
Air Chief Marshal VR Chaudhari
author img

By

Published : Sep 8, 2022, 10:55 PM IST

তেজপুৰ, 8 ছেপ্টেম্বৰ: ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ বাৰ্ষিক কমাণ্ডাৰ্ছ কনফাৰেন্সৰ বাবে ৭ৰ পৰা ৯ ছেপ্টেম্বৰলৈ শ্বিলঙত থকা ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয় (Headquarters of Eastern Air Command) পৰিদৰ্শন কৰে এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধুৰীয়ে ৷ তেজপুৰস্থিত সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াই এই কথা জানিবলৈ দিয়ে (Annual Eastern Air Command Commanders’ Conference)।

তিনিদিনীয়া এই সন্মিলনৰ আজি দ্বিতীয় দিন । শ্বিলঙত উপস্থিত হোৱাৰ লগে লগে ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চীফ এয়াৰ মাৰ্শ্বাল ডি কে পাটনায়কে এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধুৰীক আদৰণি জনায় । কমাণ্ডাৰসকলক উদ্দেশ্যি দিয়া ভাষণত এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধুৰীয়ে অপাৰেচনেল প্ৰস্তুতি বৃদ্ধিৰ বাবে জটিল বিশ্লেষণ আৰু ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে (Air Chief Marshal VR Chaudhari in Shilong) ।

Headquarters of Eastern Air Command
ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধুৰীৰ

তেখেতে কমাণ্ডাৰসকলক বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি, ভূ-ৰাজনৈতিক পৰিস্থিতি, আৰু বিভিন্ন আকস্মিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ভাৰতীয় বায়ু সেনাৰ ভূমিকা সম্পৰ্কে অৱগত কৰে বুলি ৱালিয়াই কয় ।

Headquarters of Eastern Air Command
ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ বাৰ্ষিক কমাণ্ডাৰ্ছ কনফাৰেন্স

এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধুৰীয়ে ২৪ ঘণ্টাই উচ্চ কাৰ্যকৰী প্ৰস্তুতি বজাই ৰখা আৰু সামৰ্থ বৃদ্ধিৰ ওপৰত মনোনিৱেশ বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে । পৰিচালনা, ৰক্ষণাবেক্ষণ, আৰু প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰাৰ বাবে তেওঁ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডক ট্ৰফী প্ৰদান কৰে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণত আপোচ নকৰে চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.