নেশ্যনেল ডেস্ক , 26 ছেপ্টেম্বৰ : বেদখলকাৰীৰ বিৰুদ্ধে অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিক তীব্ৰ ভাষাৰে গৰিহণা দি সৰ্বভাৰতীয় কিষাণ সভা(All India Kisan Sabha)ই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে ৷ এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি AIKSৰ সাধাৰণ সম্পাদক হান্নান মোল্লা(Hannan Mollah), সভাপতি ড৹ অশোক ধাৱালে(Dr Ashok Dhawale), যুটীয়া সম্পাদকদ্বয় এন কে শুক্লা(NK Shukla), বিজু কৃষ্ণন(Vijoo Krishnan) আৰু বিত্ত সচিব পি কৃষ্ণপ্ৰসাদে(P Krishnaprasad) উচ্ছেদৰ সময়ত দৰঙৰ ধলপুৰ-গৰুখুটিত সংঘটিত গুলীচালনাৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে ৷
গৃহ পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাক এই ঘটনাৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰি কিষাণ সভাই মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে ৷ এক বিবৃতিযোগে সভাই কয়, "AIKS এ হত্যাকাণ্ডৰ বাবী দায়ী কৰ্তৃপক্ষক বৰ্খাস্ত কৰাৰ লগতে এই ঘটনাৰ বাবে পোনপটীয়াকৈ দায়ী গৃহ পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ বিচাৰিছে" ৷
লগতে পঢ়ক : ৰোহিনী আদালত কাণ্ড : ঘটনাৰে জড়িত দুজনক গ্ৰেপ্তাৰ
উচ্চ ন্যায়ালয়ৰ এগৰাকী sitting Judgeৰ দ্বাৰা সমগ্ৰ ঘটনাটোৰ ন্যায়িক তদন্তও উচ্চ ন্যায়ালয়ে দাবী কৰিছে ৷ এক বিবৃতিযোগে AIKSএ ধলপুৰ-গৰুখুটি অঞ্চলৰ হাজাৰ হাজাৰ দৰিদ্ৰ কৃষকক বলপূৰ্বক উচ্ছেদ কৰিবলৈ নিৰ্মম শক্তি ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে অসম চৰকাৰৰ এই উচ্ছেদ অভিযানক লৈ আশ্বৰ্য আৰু ক্ষোভ প্ৰকাশ কৰে ৷
অঞ্চলটোৰ ৰাইজক পৰ্যাপ্ত জাননী নিদিয়াকৈ আৰু এই বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ সময়তে সংঘটিত উচ্ছেদ অভিযানে নাগৰিকৰ বাবে সমতা আৰু নিৰাপত্তাৰ সাংবিধানিক নিশ্চয়তা উলংঘা কৰিছে বুলিও AIKSএ অভিযোগ কৰে ৷
মুছলিম সম্প্ৰদায়ৰ লোকসকলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰি সভাই ইয়াৰ সকলো গোটক কৃষকৰ ওপৰত চলা হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান জনাইছে ৷ অতি শীঘ্ৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ্সংস্থাপন সুনিশ্চিত কৰাৰ দাবী জনাই উচ্ছেদ অভিযান তাৎক্ষণিকভাৱে বন্ধ কৰাৰ বাবেও সভাই অনুৰোধ জনাইছে ৷ ইয়াৰ লগতে মৃতকৰ পৰিয়ালৰ বাবে 25 লাখ টকা আৰু গুৰুতৰভাৱে আহতসকলৰ বাবে 5 লাখ টকাৰ ক্ষতিপূৰণ সভাই দাবী কৰিছে ৷
লগতে পঢ়ক : তালিবানী বিজেপি...গেৰুৱা দলটোক প্ৰত্যক্ষ আক্ৰমণ মমতা বেনাৰ্জীৰ