ETV Bharat / bharat

ইভিএম বিকলৰ বিৰুদ্ধে এআইএডিএমকেৰ প্ৰতিবাদ - প্ৰমাণীকৃত নথি

তামিলনাডুৰ মাদুৰাইত ইভিএম বিকল হোৱাৰ অভিযোগ তুলি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে এআইএডিএমকে-ৰ মন্ত্ৰী ছেল্লুৰ ৰাজুৱে । মঙলবাৰে মাদুৰাইৰ মীনাক্ষী চৰকাৰী কলা মহাবিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

মাদুৰাইত ইভিএম বিকল হোৱাৰ অভিযোগ তুলি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰীৰ

author img

By

Published : Apr 6, 2021, 7:45 PM IST

নেশ্যনেল ডেস্ক,৬ এপ্ৰিল: মঙলবাৰে তামিলনাডুত অনুষ্ঠিত হয় ১৬ সংখ্যক বিধানসভা নিৰ্বাচন । কিন্তু ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে মাদুৰাইৰ মীনাক্ষী চৰকাৰী কলা মহাবিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় । ভোটগ্ৰহণ কেন্দ্ৰটোত ইভিএম বিকল হোৱাৰ অভিযোগ তুলি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে এআইএডিএমকে-ৰ মন্ত্ৰী ছেল্লুৰ ৰাজুৱে ।

ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ অভিযোগ উত্থাপন কৰে যে, তেওঁ প্ৰমাণীকৃত নথি লাভ কৰা নাই । ইয়াৰ পিছতে দলটোৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে নিৰ্বাচনী বিষয়াৰ ওচৰত এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰে ।

এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে মণ্ডল বিষয়াগৰাকী ঘটনাস্থলীত উপস্থিত হয় ৷ বিষয়াগৰাকীয়ে মন্ত্ৰীগৰাকীৰ ভোটদান বেলটৰ জৰিয়তে সম্পন্ন হোৱাতো নিশ্চিত কৰে । অৱশেষত মন্ত্ৰীগৰাকীয়ে ভোটকেন্দ্ৰ এৰি গুছি যায় ।

লগতে পঢ়ক: পুৰী ভ্ৰমণ কৰা 12খন ৰাজ্যৰ পৰ্যটকলৈ নিৰ্দেশনা ওড়িশা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.