ETV Bharat / bharat

বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে পুডুচেৰীত সংখ্যালঘু হ'ল কংগ্ৰেছ - বিধান সভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণ

কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে কংগ্ৰেছৰ মাজত লাগিছে অথন্তৰ ৷ কিয়নো আন এগৰাকী কংগ্ৰেছী বিধায়কে বিধায়কে পদত্যাগ প্ৰত্ৰ প্ৰেৰণ কৰিছে ৷ যাৰ ফলত বিধানসভাত ভি নাৰায়ণস্বামীৰ নেতৃত্বাধীন চৰকাৰৰ সংখ্যাগৰিষ্ঠতা নোহোৱা হৈছে ৷

বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে পুডুচেৰীত কংগ্ৰেছ সংখ্যালঘুলত পৰিণত

author img

By

Published : Feb 16, 2021, 2:17 PM IST

Updated : Mar 2, 2021, 2:14 PM IST

নিউজ ডেস্ক,16 ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে কংগ্ৰেছৰ মাজত লাগিছে অথন্তৰ ৷

কিয়নো আন এগৰাকী কংগ্ৰেছী বিধায়কে বিধায়কে পদত্যাগ প্ৰত্ৰ প্ৰেৰণ কৰিছে ৷ যাৰ ফলত বিধানসভাত ভি নাৰায়ণস্বামীৰ নেতৃত্বাধীন চৰকাৰক সংখ্যাগৰিষ্ঠতা আসনৰ সংখ্যা হ্ৰাস পাইছে ৷

উল্লেখযোগ্য যে, কংগ্ৰেছ বিধায়ক এ জন কুমাৰে মঙলবাৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোত "কংগ্ৰেছ চৰকাৰৰ প্ৰতি অসন্তুষ্টি হৈ দলৰ পৰা পদত্যাগ কৰা বুলি সদৰি কৰিছে ৷ কুমাৰ হৈছে কামৰাজ নগৰ বিধান সভা সমষ্টিৰ বিধায়ক ৷

ৰাহুল গান্ধীৰ ভ্ৰমণ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোত কেইমাহ মান পিছতে বিধান সভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিধায়ক জনৰ পদত্যাগে কংগ্ৰেছক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে ৷

মনকৰিব লগীয়া যে,30 খন আসন থকা কেন্দ্ৰীয় শাসিত অঞ্চলটোত কুমাৰে পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছৰ বিধায়কৰ সমখ্যা ১০ লৈ হ্ৰাস পালে। উল্লেখযোগ্য যে, বিগত নিৰ্বাচনত কংগ্ৰেছে ১৪ খন লাভ কৰি দুজন ডিএমকে আৰু এজন নিৰ্দলীয়া বিধায়কৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিলি ৷ কুমাৰৰ পূৰ্ৱে সোমবাৰে পুডুচেৰীৰ স্বাস্থ্য মন্ত্ৰী মল্লাদি কৃষ্ণ ৰাৱে, ৰাজ্যিক কেবিনেটৰ পদৰ পৰা পদত্যাগ কৰিছিল।

আনহাতে বিগত মাহত, কংগ্ৰেছ দলটোৱে তেওঁক "দল বিৰোধী কাৰ্যকলাপৰ বাবে প্ৰাথমিক সদস্যপদৰ পৰা নিলম্বিত কৰাৰ পিছত ৰাজ্য খনৰ PWD মন্ত্ৰী এ নমচিভায়ামে ৰাজ্যিক কেবিনেট আৰু বিধানসভাৰ পৰাও পদত্যাগ কৰিছিল। তাৰ সমান্তৰালভাবে কংগ্ৰেছ বিধায়ক ই টিপেইনচনেও বিধায়ক পদৰ পৰা পদত্যাগ কৰিছিল ৷

লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated : Mar 2, 2021, 2:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.