1) ২০২১-২২ বৰ্ষত ১৬৩ লাখ কৃষকৰ পৰা ১২০৮ লাখ মেট্ৰিক টন ঘেঁহু আৰু ধান ক্ৰয়ৰ লক্ষ্য ৷ য’ত ২.৩৭ লাখ কোটি টকাৰ নূন্যতম সমৰ্থন মূল্য পোনপটীয়াকৈ কৃষকসকলক পৰিশোধ কৰা হ'ব ৷
2) ৰাসায়নিক সাৰমুক্ত কৃষি (জৈৱিক খেতি) ওপৰত গুৰুত্ব আৰোপ ৷ প্ৰথম পৰ্যায়ত গংগা নদীৰ কাষৰ 5 কিল’মিটাৰ ব্যাসাৰ্ধৰ ভূমিত প্ৰকল্প লোৱা হৈছে ৷
3) ২০২৩ বৰ্ষত আন্তৰ্জাতিক মিলেট বৰ্ষ (Year of Millets) হিচাপে ঘোষণা কৰা হৈছে ৷ শস্য চপোৱাৰ পিছত মূল্য সংযোজন, ঘৰুৱা ব্যৱহাৰ বৃদ্ধিৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মিলেটৰ ব্ৰেণ্ডিঙৰ ব্যৱস্থা কৰা হ'ব ৷
4) তৈলবীজৰ আমদানি হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ ৷ তৈলবীজৰ ঘৰুৱা উৎপাদনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে আঁচনি ৰূপায়ণ ৷
5) কৃষকসকলক ডিজিটেল আৰু হাই-টেক সেৱা প্ৰদানৰ বাবে আঁচনি আৰম্ভ কৰা হ'ব ।
6) শস্যৰ মূল্যায়ন, ভূমি ৰেকৰ্ড, কীটনাশক প্ৰয়োগ আদিৰ বাবে 'কিষাণ ড্ৰোন'ৰ ব্যৱহাৰ বৃদ্ধি ৷
7) কৃষি বিশ্ববিদ্যালয়সমূহৰ পাঠ্যক্ৰম সংশোধন ৷
8) কৃষি আৰু গ্ৰাম্য উদ্যোগসমূহৰ বিত্তীয় যোগান, যন্ত্ৰপাতি, তথ্য-প্ৰযুক্তি আদিৰ পুঁজি নাবাৰ্ডৰ জৰিয়তে যোগান ধৰা হ’ব ৷
9) নদী সংযোগ প্ৰকল্পৰ ৰূপায়ণৰ বাবে আনুমানিক 44,605 কোটি টকা ব্যয়ৰ লক্ষ্য ৷ এই প্ৰকল্পৰ জৰিয়তে ৯.০৮ লাখ হেক্টৰ কৃষকৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান, ৬২ লাখ লোকৰ বাবে খোৱাপানী যোগান, ১০৩ মেগাৱাট হাইড্ৰ' আৰু ২৭ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ বাবে ২০২১-২২ বৰ্ষৰ বাবে ৪,৩০০ কোটি টকা আৰু ২০২২-২৩ বৰ্ষৰ বাবে ১,৪০০ কোটি টকা আৱণ্টন দিয়া হৈছে ৷
10) গংগাৰ কৰিডৰত জৈৱিক কৃষিকাৰ্যৰ সম্প্ৰসাৰণ কৰা হ'ব ৷
লগতে পঢ়ক: কেন্দ্ৰীয় চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেট