-এছ মহেন্দ্ৰ দেৱ
উপাচাৰ্য, আই জি আই ডি আৰ, মুম্বাই
নিৰ্মলা সীতাৰমণৰ দ্বাৰা অলপতে ঘোষণা কৰা কেন্দ্ৰীয় বাজেটখনত বিকাশ আৰু সংস্থাপন, এই দুটি সমস্যাক সম্বোধন কৰা হ’ব বুলি আশা কৰা হৈছিল ৷ এই বাজেটত থকা ভাল দিশ কেইটা কি কি ? পোন প্ৰথমে, এই বাজেটখনে পূৰ্বতে বাজেট বৰ্হিঃভূত বিত্তীয় ঘাটিৰ সংখ্যা, বিশেষকৈ ভাৰতীয় খাদ্য নিগমক প্ৰদান ঋণৰ সংখ্যা অন্তৰ্ভুক্ত কৰি স্বচ্ছতা প্ৰদৰ্শন কৰিছে ৷ চলিত বৃত্তীয় বৰ্ষত চৰকাৰৰ সংশোধিত অনুমানৰ তুলনাত বাজেট অনুমানৰ ৰাজহ প্ৰাপ্তিৰ পৰিমাণ ২৩ শতাংশলৈ হ্ৰাস পাইছে ৷ এই বিত্তীয় বৰ্ষৰ বিত্তীয় ঘাটিৰ পৰিমাণ হ’ব ৯.৫ শতাংশ আৰু অনাগত বৰ্ষত হ’ব ৬.৮ শতাংশ ৷ দ্বিতীয়তে, এই বাজেটে সংস্কাৰৰ মাধ্যমেৰে নিৰ্দেশনাত্মক পৰিৱৰ্তন কৰিছে ৷ যেনে সম্পদৰ নগদীকৰণ, বেংক সমূহ ব্যক্তিগতকৰণ, বীমাত এফ ডি আইৰ বৃদ্ধি, সম্পদৰ পুনৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ স্থাপন ৷
তৃতীয়তে, এই বাজেটে মূলধন ব্যয় আৰু আন্তঃগাঁঠনিক গতি প্ৰদান কৰিছে ৷ মূলধন ব্যয়ক চলিত বৰ্ষৰ বাজেটৰ ৪.১ লাখ কোটি টকাৰ পৰা অহা বছৰৰ বাজেটৰ ৫.৫ শতাংশলৈ (প্ৰায় ৩৫ শতাংশ) বৃদ্ধি কৰা হৈছে ৷ তদুপৰি ৰাজ্য সমূহ আৰু স্বায়ত্ব শাসিত পৰিষদ সমূহে ব্যয় কৰিবৰ বাবে ২ লাখ কোটি টকাৰ মূলধন ব্যয় অৱন্টন দিয়া হৈছে ৷ এই বাজেটত বিনিয়োগক প্ৰসাৰতা দিবৰ বাবে ডি এফ আই, বিত্তীয় উন্নয়ন প্ৰতিষ্ঠানৰ ঘোষণা কৰা হৈছে ৷ বিত্তীয় মন্ত্ৰী গৰাকীয়ে কয় যে আন্তঃগাঁঠনি আৰু স্বাস্থ্য ক্ষেত্ৰলৈ উৎসাহ যোগোৱাটোৱেই হৈছে এই বাজেটৰ সংজ্ঞায়িত বৈশিষ্ট ৷ চতুৰ্থতে, বাজেটখনত কোনো অতিৰিক্ত কৰৰ কথা উল্লেখ নাছিল ৷ বজাৰ নাইবা পুনঃ বিনিয়োগৰ মাধ্যমেৰে ব্যয়ৰ বাবে ঋণ লোৱা হ’ব ৷
আন্তঃগাঁঠনিৰ ক্ষেত্ৰত, বিত্তীয় মন্ত্ৰী গৰাকীয়ে পুনৰ উল্লেখ কৰে যে এই বাজেটত কৃষি ক্ষেত্ৰৰ আন্তঃগাঁঠনিকো গতি প্ৰদান কৰা হৈছে ৷ কৃষি আয় বৃদ্ধিৰ বাবে আন্তঃগাঁঠনিৰ সমস্যা সমূহতো চকু দিয়াটো গুৰুত্বপূৰ্ণ ৷ ক’ভিড-১৯ অৰ ফলত কৃষি ক্ষেত্ৰ আৰু গাঁৱলীয়া অঞ্চল সমূহত পৰা কু-প্ৰভাৱ নগৰীয়া অঞ্চলতকৈ কম ৷ যি সময়ত ক’ভিড-১৯ ৰ বাবে দিয়া লকডাউনৰ ফলত অ-কৃষি খণ্ডৰ প্ৰদৰ্শনত নেতিবাচক প্ৰভাৱ পৰিছে, ঠিক তাৰ বিপৰীতে আকৌ ২০২০-২১ বৰ্ষত কৃষি খণ্ডৰ বিকাশ দৰ থাকিব ৩.৪ শতাংশৰ আশে পাশে ৷ যি নহওক, যিহেতু বাণিজ্যিক চৰ্ত সমূহ এতিয়াও কৃষি খণ্ডৰ পক্ষত নাই সেই বাবে কৃষি আৰু গ্ৰামীণ আয় এতিয়াও নিম্ন স্তৰতে আছে ৷ ‘ফাৰ্ম গেইট’ৰ মূল্য কমিছে ৷ প্ৰৱজনৰ সোঁত ওলোটাকৈ বোৱাৰ ফলত ‘ৰেমিটেঞ্চ’ হ্ৰাস পোৱা আৰু গ্ৰামীণ মজুৰিৰ লেহেমীয়া বৃদ্ধিৰ ফলতে গ্ৰামাঞ্চলবোৰত আয় কমি আছে ৷
ক’ৰণাৰ কালচোৱাত অসংগঠিত খণ্ড আৰু শ্ৰমিক শ্ৰেণীৰ লোকসকলে উপাৰ্জন তথা সংস্থাপন হেৰুৱাৰ ফলত যথেষ্ট জীয়াতু ভূগিব লগীয়া হৈছিল ৷ অন্য কথাত ক’বলৈ হ’লে, আমাৰ হাতত ‘কে’ আৰ্হিৰ পুনৰুদ্ধাৰৰ সুবিধা আছে আৰু এই অসমতাবোৰ গ্ৰামাঞ্চলত আৰু কৃষি খণ্ডতো প্ৰযোজ্য হয় ৷ অৰ্থনৈতিক সমীক্ষাই পুনৰুদ্ধাৰৰ বাবে বিত্তীয় হেঁচাৰ পক্ষে যুক্তি দিয়ে ৷ সেয়ে, বিকাশ আৰু সংস্থাপনহীনতাৰ উন্নতিৰ বাবে কৃষি যোজনা আৰু কৃষি তথা গ্ৰাম্য আন্তঃগাঁঠনিৰ বাবে অধিক আৱন্টন দিব বুলি আশা কৰা হৈছিল ৷ কৃষি কৰ্ম আৰু অনান্য সম্বন্ধীয় গতিবিধিবোৰত ২০২০-২১ বৰ্ষৰ ১৪৫,৩৫৫ কোটি টকাৰ পৰা ২০২১-২২ বৰ্ষত ১৪৮৩০১ কোটি টকাৰ সামান্য বৃদ্ধি অৰ্থাৎ, ২ শতাংশলৈ বৃদ্ধি কৰা হৈছিল ৷ আপুনি যদি যোৱা দুটা বৰ্ষৰ বাজেট বনাম বাজেট তুলনা কৰে তেনেহ’লে ৪.২ শতাংশৰ হ্ৰাস দেখিবলৈ পাব ৷ যি নহওক, এই বাজেটে চলিত বিত্তীয় বৰ্ষত গ্ৰামাঞ্চলৰ আন্তঃগাঁঠনি উন্নয়ন কোষ (আৰ আই ডই এফ)ৰ ধন ৩০ হাজাৰ কোটিৰ পৰা ৪০ হাজাৰ কোটিলৈ বৃদ্ধি কৰিছে ৷
অলপতে ঘোষিত হোৱা এই বাজেটখনৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট হ’ল এক কৃষি আন্তঃগাঁঠনি আৰু উন্নয়ন উপকৰ (এ আই ডি চি)ৰ ঘোষণা কৰাটো ৷ এই উপকৰৰ লক্ষ্য হ’ল কৃষি খণ্ডৰ উন্নয়ন সাধন কৰা যাতে আমি অধিক উৎপাদন কৰিব পাৰোঁ, লগতে উৎপাদিত সামগ্ৰী সমূহক কুশলতাৰে সংৰক্ষণ তথা প্ৰক্ৰিয়াকৰণ কৰিব পাৰোঁ ৷ এই পদক্ষেপে আমাৰ কৃষক সকলৰ মজুৰি বৃদ্ধি হোৱাটো নিশ্চিত কৰিব ৷ এই উদ্দেশ্যৰ বাবে সাধন সমূহ নিৰ্দ্ধাৰণ কৰিবলৈ বাজেটখনে খুবেই সীমিত সামগ্ৰীৰ ওপৰত এ আই ডি চিৰ প্ৰস্তাৱ দিছে ৷ যি নহওক, এই উপকৰ ধাৰ্য কৰিবলৈ যাওঁতে চৰকাৰে ধ্যান ৰাখিছে যাতে সৰহ সংখ্যক সামগ্ৰীতে উপভোক্তা সকলক অতিৰিক্ত বোজা জাপি দিয়া নহয় ৷
উপভোক্তা সকলৰ ওপৰত যাতে অতিৰিক্ত বোজা জাপি দিয়া নহয় বৃত্তমন্ত্ৰী গৰাকীয়ে সেই ব্যৱস্থা কেনেকৈ কৰিব ?
বাজেটৰ নথিত দেখিবলৈ পোৱা গৈছে যে বহু কেইবিধ সামগ্ৰীত ‘বেচিক কাষ্টম ডিউটি’ (বি চি ডি) হ্ৰাস কৰা হৈছে ৷ সোণ আৰু ৰূপত ২.৫ শতাংশৰ পৰা আৰম্ভ কৰি বুট জাতীয় শস্যত ৫০ শতাংশলৈকে এক লেখত ল’ব লগীয়া পৰিমাণৰ উপকৰ ধাৰ্য কৰি পাৰ্থক্য নিৰ্ধাৰণ কৰা হৈছে ৷ এই ক্ষেত্ৰত উদাহৰণ স্বৰূপে চয়াবিন তেলৰ কথাকে ল’ব পাৰি ৷ ইয়াত প্ৰাক-বাজেট বি চি ডি আছিল ৩৫ শতাংশ, ইয়াৰে ১০ শতাংশ সমাজ কল্যাণৰ উপকৰ আৰোপ কৰা হৈছিল ৷ সেইয়ে বাজেটৰ পূৰ্ৱে কেঁচা চয়াবিনৰ ওপৰত কাৰ্যকৰীভাৱে ৩৮.৫০ শতাংশ আমদানি শুল্ক আৰোপ কৰা হৈছিল ৷ যি নহওক, বাজেটৰ পাচত অপৰিশোধিত চয়াবিন তেলত ‘বেচিক কাষ্টম ডিউটি’ ১৫ শতাংশৰ পৰা বৰ্তমানৰ ৩৫ শতাংশলৈ কম কৰা হৈছিল ৷ লগতে ২০ শতাংশ অতিৰিক্ত উপকৰ অৰোপ কৰা হৈছিল আৰু এই অৰোপিত উপকৰ আৰু ১০ শতাংশ সমাজ কল্যাণ উপকৰ মিলি মুঠ আমদানি শুল্ক হয়গৈ ৩৮.৫০ শতাংশ ৷ তেন্তে দেখা গ’ল যে মূল্যত কোনো ধৰণৰ সাল সলনি নঘটিল ৷ একেদৰেই বাজেটৰ পূৰ্ৱে বুট জাতীয় সামগ্ৰীত বি চি ডি আছিল ৬০ শতাংশ ৷ কিন্তু ফেব্ৰুৱাৰীৰ ১ তাৰিখে ইয়াক ১০ শতাংশলৈ হ্ৰাস কৰা হৈছিল লগতে মাহ জাতীয় শস্যত ৫০ শতাংশ এ আই ডি চি আৰোপিত কৰি কাষ্টম ডিউটি ৬০ শতাংশতে অৰ্থাৎ পূৰ্ৱৰ দৰেই ৰখা হৈছিল ৷
আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে ২.৫ টকাৰ এ আই ডি চি প্ৰতি লিটাৰ পেট্ৰ’লত আৰু ৪ টকা প্ৰতি লিটাৰ ডিজেলত ধাৰ্য কৰা হৈছিল ৷ পেট্ৰ”ল আৰু ডিজেলত কৃষি খণ্ডৰ আন্তঃগাঁঠনি আৰু উন্নয়ন উপকৰ (এ আই ডি চি) ধাৰ্য কৰাৰ পৰণতি স্বৰূপে ‘বেচিক এক্সাইছ ডিউটি’ (বি ই ডি) আৰু ‘স্পেশ্বেল এডিশ্ব’নেল এক্সাইছ ডিউটি’ (এছ এ ই ডি)ৰ দৰ হ্ৰাস কৰা হৈছে যাতে উপভোক্তা সকলে কোনো ধৰণৰ অতিৰিক্ত বোজা বহন কৰিব লগা নহয় ৷ ফলস্বৰূপে, ব্ৰাণ্ডহীন পেট্ৰ’ল আৰু ডিজেলে প্ৰতি লিটাৰত যথাক্ৰমে ১.৪ টকা আৰু ১.৮ টকাৰ ‘বেচিক এক্সাইছ ডিউটি’ নিৰ্ধাৰিত হ’ব ৷
কৃষি খণ্ডৰ আন্তঃগাঁঠনি আৰু উন্নয়ন উপকৰৰ বিষয়ে উদ্বেগ :
উপভোক্তা সকলে যদিও কোনো ধৰণৰ বোজা বহন কৰিব লগাত নপৰে; তথাপি এই উপকৰৰ সৈতে কেইবাটাও সমস্যা জৰিত হৈ আছে আৰু এইবোৰেই উদ্বেগৰ কাৰণো হৈ পৰিছে ৷ এই ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল কৰ ৰাজহত ৰাজ্যবোৰৰ অংশবোৰ কৰ্তন কৰা হয়; কাৰণ বিত্তীয় আয়োগৰ মতে উপকৰ কেন্দ্ৰীয় গোট সমূহৰ অংশ নহয় আৰু ই ৰাজ্য সমূহৰ সৈতে ভগাই নলয় ৷ ইয়াৰ পূৰ্ৱে এই সামগ্ৰী সমূহৰ ওপৰত কাষ্টম ডিউটিৰ ৰূপত যিবোৰ সংগ্ৰহ কৰা হৈছিল সেইয়া কেন্দ্ৰীয় গোটটোৰ ভিতৰলৈ আহিব আৰু সেইবাবেই কেন্দ্ৰ আৰু ৰাজ্য সমূহৰ মাজত ভগাই দিয়া হ’ব ৷ কিন্তু ইয়াৰ পাচত এ আই ডি চি সম্পূৰ্ণ ৰূপে কেন্দ্ৰৰ ওপৰত ন্যস্ত থকাৰ বাবে কেৱল মাত্ৰ হ্ৰাস হোৱা বি চি ডিখিনিহে এই সমূহত প্ৰৱেশ কৰিব আৰু সেয়ে ইয়াৰ অংশও হ্ৰাস পাব ৷ ধৰা হওক বাজেটৰ পূৰ্ৱে কোনো এক সামগ্ৰীত ১০০ শতাংশ শুল্ক আনিব, ইয়াৰে বি চি ডি আছিল ৯৫ শতাংশ আৰু উপকৰ আছিল ৫ শতাংশ ৷ সেয়ে, ৫ শতাংশ গৈছিল কেন্দ্ৰীয় চৰকাৰৰ কোষ সমূহলৈ আনহাতে বাকী থকা ৯৫ শতাংশ ভাগ হৈছিল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকৰাৰ সমূহৰ মাজত ৷ এতিয়া, যদি সেই ৯৫ শতাংশ বি চি ডি ৯৩ শতাংশলৈ হ্ৰাস কৰা হয়, তেনেহ’লে উপকৰৰ সমূহ ৭ শতাংশলৈ বৃদ্ধি পাব ৷ এই অতিৰিক্ত ২ শতাংশ কেন্দ্ৰীয় চৰকাৰৰ একান্ট সমূহলৈ হস্তান্তৰিত হ’ব আৰু ৰাজ্য সমূহে ইয়াৰ পৰা লাভাৱান্বিত নহ’ব ৷ অপৰিশোধিত পাম তেলৰ ক্ষেত্ৰত, পূৰ্ৱে, ২৭.৫ শতাংশ বি চি ডিৰ পৰা হোৱা আয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সমূহৰ মাজত ভাগ হৈছিল ৷
কিন্তু নতুন চৰকাৰৰ অধীন মাত্ৰ ১৫ শতাংশহে দুয়ো চৰকাৰৰ মাজত ভাগ হৈছে, ইয়াৰে আকৌ ৩৭.৭৫ শতাংশৰ ২৭.৫ শতাংশই সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ যাব ৷ এ আই ডি চিৰ দ্বিতীয় সমস্যাটো হ’ল, ইয়াৰ দৰৰ ভিন্নতা ৷ সাধাৰণতে উপকৰ এক সমমূল্যত আৰোপ কৰা হয় ৷ কিন্তু সম্ভৱতঃ এইবাৰেই প্ৰথম হ’ব চাগে বিভিন্ন সামগ্ৰীত ২.৫ শতাংশৰ পৰা ৫০ শাতংশলৈকে বিভিন্ন ধৰণৰ উপকৰ আৰোপ কৰা হৈছে ৷ তৃতীয়তে, এ আই ডি চিৰ পৰা সংগৃহীত হ’ব লগীয়া উপকৰৰ পৰিমাণৰ বিষয়েও কোনো ধৰণৰ স্পষ্টতা নাই ৷ তথাপি কিছুমান প্ৰতিবেদনত প্ৰকাশ পাইছে যে এই পৰিমাণ ৩০,০০০ কোটি টকা পৰ্যন্ত হ’ব পাৰে ৷ তদুপৰি, এতিয়াও বহু প্ৰশ্ন থাকি যায় যে এ আই ডি চিৰ পৰা সংগ্ৰহ হোৱা ধন ব্যৱহাৰ হ’ব নে নাই ? কাৰণ ইয়াৰ পূৰ্ৱেও এনে প্ৰশ্ন উত্থাপিত হৈছিল যে যি উদ্দেশ্যেৰে উপকৰ সংগ্ৰহ কৰা হৈছিল তাৰ বাবে এই ধন ব্যৱহাৰ হৈছিল নে নাই ? উদাহৰণ স্বৰূপে, ২০১৮-১৯ চনত, ‘ক’ম্পট্ৰ’লাৰ এণ্ড অ’ডিটৰ অৱ ইণ্ডিয়া’ই নিজৰ প্ৰতিবেদনত ইংগিত দিছিল যে ৩৫ টা বিভিন্ন উপকৰ আৰু ২০১৮-১৯ চনৰ অনান্য শুল্কসমূহৰ পৰা সংগ্ৰহ কৰা ২৭৪,৫৯২ কোটি টকাৰ পৰা প্ৰায় ১৬৪,৩২২ কোটি টকাহে নিৰ্দিষ্ট কোষ/বৰ্ড সমূহ আৰু ‘কঞ্চ’লিডেটেড ফাণ্ড অৱ ইণ্ডিয়া’ত জমা কৰা হৈছিল ৷ যদি এই উপকৰ কৃষিৰ আন্তঃগাঁঠনি উন্নয়নৰ কৰাণেই ব্যৱহাৰ কৰা হৈছিল; তেনেহ’লে জলসিঞ্চন বা শস্য বিবিধকৰণ বা কৃষিৰ বজাৰৰ উন্নয়নৰ বাবে প্ৰকৃতাৰ্থত ইয়াৰ অৰ্থ কি আছিল সেইয়াও স্পষ্ট নহয় ৷
এই বাজেটত ১ লাখ কোটি টকাৰ কৃষি আন্তঃগাঁঠনি কোষৰ (এ আই এফ) ঘোষণা কৰা হৈছে ৷ এই ধন এ পি এম চি এছ (এগ্ৰিকালচাৰেল প্ৰ’ডিউচ মাৰ্কেটিং কমিটি)ৰ আন্তঃগাঁঠনি সবল কৰি তুলিবৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব ৷ ই এটা ভাল সিদ্ধান্ত আছিল ৷ এক মজবুত আন্তঃগাঁঠনিৰে এ পি এম চি এছক সবল কৰা উচিত ৷ কৃষি আন্তঃগাঁঠনি কোষৰ দ্ৰুত ব্যৱহাৰৰ বাবে উৎসাহ যুগুৱা উচিত ৷ একেদৰেই ক্ষুদ্ৰ আৰু দৰিদ্ৰ কৃষক সকলক সহায় কৰিবৰ বাবে কৃষি উৎপাদনকাৰী সন্থা সমূহৰো দ্ৰুত বৃদ্ধি কৰিব লাগিব ৷ এম এছ এম ইৰ প্ৰায় ৫১ শতাংশই আছে গ্ৰামাঞ্চলত ৷ তেওঁলোকক পুনৰুদ্ধাৰ কৰিব লাগিব ৷ ক’ভিড-১৯ এম এছ এম ইৰ বাবে আছিল এটা মোক্ষম আঘাত ৷ কৃষি আন্তঃগাঁঠনি কোষো প্ৰকৃত উদ্দেশ্যৰ বাবে ব্যৱহৃত হোৱা উচিত ৷ এক গতিশীল এম এছ এম ইৰ অবিহনে ভাৰতবৰ্ষ এখন ‘আত্মনিৰ্ভৰ ভাৰত’ হ’ব নোৱাৰে ৷
ওপৰত উল্লেখ কৰা উপায় সমূহ সফলতাৰে কাৰ্যকৰীকৰণ কৰাৰ ওপৰতহে নিৰ্ভৰ কৰে ৷ কৃষি ক্ষেত্ৰ আৰু গ্ৰামাঞ্চলৰ বিকাশ সাধন কৰি সামগ্ৰিক অৰ্থনীতিৰ বাবে চাহিদা সৃষ্টি কৰাটোও অতি গুৰুত্বপূৰ্ণ ৷ কৃষি হৈছে এক ৰাজ্যিক বিষয় আৰু কেন্দ্ৰই সমবায় সংভবাদৰ পৰিকাঠামোৰ ভিতৰত থাকি কাম কৰিব লাগিব ৷ এ আই ডি চিৰ পৰিকল্পনা ৰাজ্য সমূহৰ সৈতে পৰামৰ্শ লৈহে চূড়ান্ত ৰূপ দিয়া উচিত ৷ বিকাশ, সমতা আৰু বহনক্ষমতাৰ লক্ষ্য সমূহ ধ্যানত ৰাখি কৃষি আৰু গ্ৰামাঞ্চলৰ আন্তঃগাঁঠনিৰ ৰূপান্তৰ সাধিবলৈ হ’লে কেন্দ্ৰই ৰাজ্য সমূহৰে সৈতে মিলি কাম কৰিব লাগিব ৷ এই কথা লক্ষ্যণীয় হ’ব যে কৃষি খণ্ডৰ আন্তঃগাঁঠনি আৰু উন্নয়ন উপকৰ কোষে কৃষক সকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম নে নহ’ব ৷ বিকাশৰ পথত আগুৱাই যাওঁতে এই কোষ কেনেকৈ ব্যৱহাৰ কৰা হ’ব সি এক এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে ৷