ETV Bharat / bharat

যোগী-হিমন্তৰ শাসনৰ দৰেই হ’ব নেকি ত্ৰিপুৰাত ?

দেশজুৰি অসম আৰু উত্তৰ প্ৰদেশৰ জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক(population control bill) আৰু গো সংৰক্ষণৰ বিধেয়(cattle preservation bill)কে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰি আছে ৷ এনে সময়তে, ত্ৰিপুৰাৰ বিধান সভাতো আগন্তুক বাৰিষাৰ অধিৱেশনত একেটা বিষয় উত্থাপন কৰিবলৈ সাজু হৈছে ত্ৰিপুৰাৰ এজন যুৱ বিজেপি নেতা ৷

After UP and Assam Tripura BJP MLA to raise population control cow protection demands in state assembly
যোগী-হিমন্তৰ পথ ল’ব নেকি ত্ৰিপুৰাই ?
author img

By

Published : Jul 23, 2021, 11:26 AM IST

আগৰতালা, 23 জুলাই : উত্তৰ প্ৰদেশ আৰু অসম বিধানসভাত জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক আৰু গো সংৰক্ষণৰ বাবে কাম কৰাৰ ওপৰত তীব্ৰ বিতৰ্ক চলি আছে ৷ একে সময়তে ত্ৰিপুৰাৰ ফতিক ৰয় বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক সুধাংশু দাসেও ব্যক্তিগত সদস্য প্ৰস্তাৱ বা কলিং জাননী( calling attention notice)ৰ জৰিয়তে ত্ৰিপুৰা বিধানসভাৰ আগন্তুক বাৰিষাৰ অধিৱেশনত একেটা বিষয় উত্থাপন কৰিবলৈ সাজু হৈছে । ভাৰতীয় জনতা পাৰ্টি(BJP)ৰ এজন যুৱ নেতা দাসে দেশৰ বৰ্ধিত জনসংখ্যাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে জনসংখ্যা সংকটৰ মোকাবিলা কৰিবলৈ আইন থাকিব লাগে ।

গো-সংৰক্ষণ সন্দৰ্ভত তেওঁ কয়, ত্ৰিপুৰাৰ কৌশলগত অৱস্থানৰ বাবে গৰুৰ চোৰাং ব্যৱসায়(Illegal cattle trading) এক ডাঙৰ ভাবুকি হিচাপে সমুখলৈ আহিছে ৷ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ অধীনত বাওঁপন্থী শাসনকালত ই অবিৰতভাৱে চলিছিল । আনকি মুকলিকৈ গো-হত্যা(cattle slaughter ) প্ৰতিৰোধ কৰাৰ কোনো ব্যৱস্থা নাছিল ৷ যিটো ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অনুভূতিৰ বিৰোধী ।

After UP and Assam Tripura BJP MLA to raise population control cow protection demands in state assembly
বিধায়ক সুধাংশু দাস

তেওঁ কয় যে চৰকাৰে সংখ্যাগৰিষ্ঠ লোকসকলৰ অনুভূতিৰ পক্ষত থিয় দিব লাগিব আৰু এনে ধৰণৰ প্ৰথা প্ৰতিৰোধ কৰিবলৈ আইন প্ৰণয়ন কৰিব লাগি ৷ উনাকোটি জিলাৰ অন্তৰ্গত তেওঁৰ গৃহ সমষ্টিৰ পৰা ফোনযোগে বক্তব্য ৰাখি দাসে কয়, ভাৰত চৰকাৰে সন্মুখীন হোৱা জনসংখ্যা সংকট হৈছে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ।

বিশেষকৈ, ক’ভিড 19 ৰ দৰে ৰাজহুৱা স্বাস্থ্য সংকটৰ সময়ত সকলোৱে প্ৰত্যক্ষ কৰিছে যে, কেনেদৰে চৰকাৰে যোগ্য লোকসকলক টিকাকৰণ কৰাত কেইবাটাও বাধাৰ সন্মুখীন হৈছে । আনহাতে, কম জনসংখ্যা থকা দেশবোৰে ইতিমধ্যে তেওঁলোকৰ সৰ্বাধিক জনসংখ্যাৰ টিকাকৰণ কৰিছে । সকলো বাধাৰ স্বত্বেও, প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰদৰ্শন ক’ভিড মেনেজমেণ্ট(covid management)ত অত্যন্ত আকৰ্ষণীয় বুলিও মন্তব্য কৰে বিধায়ক জনে । কেন্দ্ৰীয় আঁচনি সমূহৰ কাৰ্যকৰী ৰূপায়ণৰ হেতু জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আইন অনাৰ দায়িত্ব এতিয়া ৰাজ্যসমূহৰ ওপৰত আছে বুলিও মন্তব্য কৰে তেওঁ ৷

গৰু-সুৰক্ষাৰ দিশত আগবাঢ়ি তেওঁ কয়, হিন্দু সমাজত গৰুক মাতৃ হিচাপে শ্ৰদ্ধা কৰা হয় গাঁও সমূহত গৰুবোৰ পৰিয়ালৰ সদস্যৰ দৰে । এতিয়া যদি গৰুবোৰ মুকলিকৈ হত্যা কৰা হয়, ই সংখ্যাগৰিষ্ঠ লোকৰ অনুভূতিৰ বিৰুদ্ধে কৰা কাম হ’ব । আমি সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অনুভূতিক আঘাত কৰিব নালাগে যিয়ে আমাক ক্ষমতালৈ নিৰ্বাচিত কৰে বুলি উল্লেখ কৰে যুৱনেতা জনে । ইয়াৰ উপৰিও, বাওঁপন্থী শাসনকালত ৰাজ্যখনত বৃদ্ধি পোৱা গৰুৰ চোৰাং ব্যৱসায় বিফল কৰিব লাগে বুলিও মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Pegasus কাণ্ড : তালিকাত সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.