ETV Bharat / bharat

Hijab Controversy: দাক্ষিণাত্যৰ পাচত এইবাৰ ত্রিপুৰাত হিজাব বিতৰ্ক - লংকাকাণ্ড

হিজাবক লৈ শুকুৰবাৰে ত্ৰিপুৰাৰ বিশালগড়ত সংঘটিত হয় লংকাকাণ্ড। শান্তিপূৰ্ণ পৰিৱেশক বিঘ্নিত কৰাৰ প্ৰয়াসৰ অভিযোগ স্থানীয় সচেতন লোকৰ।

after-karnataka-hijab-controversy-in-tripura
দাক্ষিণাত্যৰ পাচত এইবাৰ ত্রিপুৰাত হিজাব বিতৰ্ক
author img

By

Published : Aug 4, 2023, 10:28 PM IST

দাক্ষিণাত্যৰ পাচত এইবাৰ ত্রিপুৰাত হিজাব বিতৰ্ক

আগৰতলা, 4 আগষ্ট : মণিপুৰৰ পিচতে এইবাৰ ত্ৰিপুৰাত উত্তপ্ত পৰিস্থিতি ৷ কৰ্ণাটকৰ হিজাব বিতৰ্কৰ পিচতে এইবাৰ ত্রিপুৰাত হিজাব বিতৰ্ক ৷ হিজাবক লৈ শুকুৰবাৰে ত্ৰিপুৰাৰ বিশালগড়ত সংঘটিত হয় লংকাকাণ্ড। শান্তিপূৰ্ণ পৰিৱেশক বিঘ্নিত কৰাৰ প্ৰয়াসৰ অভিযোগ স্থানীয় সচেতন লোকৰ।

ধৰ্মীয় অসহিষ্ণুতাই উত্তপ্ত কৰি তুলিছে বিজেপি শাসিত হাৰিয়ানা ৷ ত্ৰিপুৰাত হিজাব বিতৰ্কক লৈ দুয়োটা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী বিভাজিত হৈ পৰে। দুয়োটা সম্প্ৰদায়ৰ অভিভাৱকে বিষয়টোত হস্তক্ষেপ কৰিছে যদিও এই বিতৰ্কই অনাগত দিনত ভয়ংকৰ ৰূপ ল’ব পাৰে বুলি সচেতন মহলে আশংকা কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি প্ৰথমে বিদ্যালয়ত হিজাব পিন্ধা ছাত্ৰী এগৰাকীক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ কোনো দুষ্কৃতিকাৰীয়ে বিদ্যালয়ৰ পৰা এগৰাকী ছাত্ৰক উলিয়াই আনি তীব্ৰভাৱে প্ৰহাৰ কৰে ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ সন্মুখতে এই ঘটনা সংঘটিত হয় ৷

প্ৰধান শিক্ষকগৰাকীয়ে কয় যে, কিছুদিন পূৰ্বে বিশ্ব হিন্দু পৰিষদে এগৰাকী ছাত্ৰীক হিজাব পৰিধান কৰা বন্ধ কৰিবলৈ দাবী জনাইছিল। তেওঁ নিজেই বিদ্যালয়ত শিক্ষাৰ্থীয়ে হিজাব পৰিধান কৰাৰ সমৰ্থন নকৰে ৷ ইয়াৰ পিচতে এনেদৰে ছাত্ৰগৰাকীক প্ৰহাৰ কৰাৰ ঘটনাৰ বাবে বিদ্যালয়ৰ বাহিৰত বহু লোক সমবেত হয়।

এই সমগ্ৰ ঘটনাৰ আঁৰত হিজাব বিৰোধী দাবী বিষয়টো জড়িত থকা বুলি গম পোৱাৰ পিচতে প্ৰধান শিক্ষকগৰাকীও আচৰিত হৈ পৰে ৷ তাৰ পিচতে ক্ষুব্ধ ৰাইজে প্ৰধান শিক্ষকৰ কোঠা ভাঙি, বিদ্যালয়ৰ আচবাবো ভাঙি চুৰমাৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Cough syrup seized: প্ৰায় 3.50 কো‌টি টকাৰ ফেন্সি‌ডাইল কফ চিৰাপ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.