ETV Bharat / bharat

ভাৰতক কিয় প্ৰশংসা কৰিলে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে ?

পাকিস্তানে সচৰাচৰ ভাৰতক প্ৰশংসা কৰা দেখা নাযায় । কিন্তু এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে টুইটযোগে ভাৰতক যথেষ্ট প্ৰশংসা কৰিলে (Former Pakistan PM Imran Khan praises India)। কেৱল এয়াই নহয় নিজ দেশৰ চৰকাৰক আকৌ সমালোচনা কৰিলে নেতাগৰাকীয়ে । কিন্তু ভাৰতক কিহৰ বাবে প্ৰশংসা কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ?

author img

By

Published : May 22, 2022, 8:01 PM IST

Imran Khan praises India
ভাৰতক কিয় প্ৰশংসা কৰিলে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে

নেশ্যনেল ডেস্ক,২২ মে' : ভাৰতত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস পাইছে (Fuel prices reduced in India)। আবকাৰী শুল্ক হ্ৰাস কৰাৰ পাছতে প্ৰতি লিটাৰ পেট্ৰ'লত ৯.৫০ টকা আৰু ডিজেলত ৭ টকাকৈ হ্ৰাস হৈছে । চৰকাৰে ইন্ধনৰ আবকাৰী শুল্ক হ্ৰাস কৰাৰ লগে লগে কেৱল দেশবাসীৰ মাজতে প্ৰতিক্ৰিয়া হোৱা নাই । এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ পৰাও আহিছে প্ৰতিক্ৰিয়া ।

অৱশ্যে এইবাৰ ভাৰতক সমালোচনা নহয় প্ৰশংসা কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে (Imran Khan praises India)। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ এই সিদ্ধান্তক প্ৰশংসা কৰি কয় যে, ভাৰতৰ এক স্বতন্ত্ৰ বৈদেশিক নীতি আছে । যাৰ বাবে এয়া সম্ভৱ হৈছে (Imran Khan praises foreign policy of India)। তেওঁ উল্লেখ কৰা মতে কোৱাডৰ অংশ হোৱা স্বত্বেও আমেৰিকাৰ চাপ নেওচি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ভাৰতে নাগৰিকসকলক সকাহ দিছে ।

ইমৰান খানে ভাৰতক প্ৰশংসা কৰাৰ উপৰিও নিজ দেশৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে । ইমৰান খানে টুইটযোগে দাবী কৰে যে তেওঁৰ নেতৃত্বৰ পাকিস্তান চৰকাৰেও একে ধৰণৰ প্ৰচেষ্টা চলাই আছিল । কিন্তু দুৰ্ভাগ্যবশতঃ স্থানীয় মীৰ জাফৰ্ছ আৰু মীৰ চাদিকৰ বাবে চৰকাৰখনে ক্ষমতাৰ পৰিৱৰ্তনৰ সন্মুখীন হৈছিল । দেশখনৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি ইমৰান খানে লগতে কয় যে এতিয়া বৰ্তমানৰ পাকিস্তান চৰকাৰে এটা মুণ্ডহীন কুকুৰাৰ দৰে দৌৰি ফুৰিছে ।

উল্লেখ্য যে ইমৰান খানে ভাৰতক এয়াই প্ৰথম প্ৰশংসা কৰা নাই । ইয়াৰ পূৰ্বেও ভাৰতৰ লোকতন্ত্ৰ আৰু বৈদেশিক নীতি সম্পৰ্কে প্ৰশংসা কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Fuel price reduced : দ্বিতীয় দিনাও হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.