ETV Bharat / bharat

অভিলেখ স্থাপনৰ দিশে চাৰধাম যাত্ৰা; ভক্তপ্ৰাণ ৰাইজৰ লানি নিছিগা ভিৰ - Highest number of 34 lakh devotees had visited

2019 চনত সৰ্বাধিক 34 লাখ ভক্তই চাৰধাম ভ্ৰমণ কৰিছিল ৷ বিগত ডেৰমাহত উত্তৰাখণ্ডত চাৰধাম যাত্ৰাত ভক্তৰ সংখ্যা 25 লাখ অতিক্ৰম কৰিছে (Uttarakhand Chardham Yatra has crossed 25 lakhs ) ৷ আগন্তুক দিনত ভক্তৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷

after-crossing-25-lakh-devotees-chardham-yatra-set-for-a-new-record
অভিলেখ স্থাপনৰ পথত চাৰি ধাম যাত্ৰা
author img

By

Published : Jun 26, 2022, 8:41 AM IST

নেশ্যনেল ডেস্ক, 26 জুন : চলিত বছৰত প্ৰতিকূল বতৰৰ মাজতো চাৰধাম যাত্ৰাত ভক্তপ্ৰাণ ৰাইজৰ লানি নিছিগা ভিৰ দেখা গৈছে ৷ বিগত তিনিবছৰৰ অভিলেখ ভংগ কৰি এইবাৰ নতুন অভিলেখ স্থাপনৰ দিশে অগ্ৰসৰ হৈছে চাৰধাম যাত্ৰা (Chardham yatra set for a new record) ৷ এতিয়াও লাখ লাখ ভক্তই উত্তৰাখণ্ডত ভিৰ কৰিছেহি চাৰধাম যাত্ৰাৰ বাবে ৷

গংগোত্ৰী-যমুনোত্ৰী ধামৰ দুৱাৰ মুকলি হোৱাৰ পিছতে যোৱা 3 মে'ৰ পৰা উত্তৰাখণ্ড চাৰধাম যাত্ৰা আৰম্ভ হৈছিল । বিগত দুইবছৰ কৰ'ণা মহামাৰীৰ বাবে চাৰধাম যাত্ৰা বন্ধ কৰা ৰখা হৈছিল ৷ এইবাৰ চাৰধামত ভক্তৰ সোঁতে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব বুলি প্ৰকাশ কৰে কৰ্তৃপক্ষই ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে 2019 চনত চাৰধাম যাত্ৰাত সৰ্বাধিক 34 লাখ ভক্তই ভ্ৰমণ কৰিছিল (Highest number of 34 lakh devotees had visited) ৷ ইয়াৰ পিছতে চলিত বৰ্ষত মাত্ৰ ডেৰ মাহতে উত্তৰাখণ্ড চাৰধাম যাত্ৰাত ভক্তৰ সংখ্যাই 25 লাখ অতিক্ৰম কৰিছে (Uttarakhand Chardham Yatra has crossed 25 lakhs ) ৷ আগন্তুক দিনত ভক্তৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷

দুৱাৰ খোলাৰ প্ৰথম দুসপ্তাহত প্ৰতিদিনে প্ৰায় 50ৰ পৰা 60,000 ভক্তই দৰ্শনৰ বাবে চাৰধামত উপস্থিত হৈছিল । এতিয়া পাঁচটা ধামত (কেদাৰনাথ, বদ্ৰীনাথ, যমুনোত্ৰী, গঙ্গোত্ৰী আৰু হেমকুণ্ড চাহিব) প্ৰায় 30ৰ পৰা 35,000 ভক্তই দৰ্শনৰ বাবে উপস্থিত হৈছেহি ৷ আগন্তুক বাৰিষাৰ দিনত এই সংখ্যা আৰু হ্ৰাস পাব পাৰে যদিও ছেপ্টেম্বৰত বতৰ স্বাভাৱিক হোৱাৰ লগে লগে উত্তৰাখণ্ড চাৰধাম যাত্ৰা পুনৰ এবাৰ শীৰ্ষত উপনীত হোৱাৰ সম্ভাৱনা আছে ।

চলিত বৰ্ষত চাৰধাম যাত্ৰাৰ বাবে সৰ্বাধিক সংখ্যক ভক্ত বদ্ৰীনাথ ধামত উপস্থিত হৈছে ৷ যোৱা ৮ মে'ত বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি কৰা হৈছিল ৷ ইয়াৰ পিছতে ২৫ জুনলৈকে প্ৰায় ৮.৪৭ লাখতকৈও অধিক ভক্তই ধাম ভ্ৰমণৰ বাবে আহে ৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে কেদাৰনাথ ধাম ৷ 6 মে'ত মুকলি কৰা হৈছিল কেদাৰনাথ ধামৰ দুৱাৰ ৷ এতিয়ালৈকে মুঠ 8,12,424 জন ভক্তই কেদাৰনাথ ভ্ৰমণ কৰিছে।

একে সময়তে, 3 মে'ত যমুনোত্ৰী আৰু গঙ্গোত্ৰীৰ দুৱাৰ মুকলি কৰা হৈছিল । এতিয়ালৈকে মুঠ 4,16,583 জন ভক্তই গঙ্গোত্ৰী ধামত আৰু 3,23,225 জন ভক্তই যমুনোত্ৰী ধাম দৰ্শন কৰিছে ।

লগতে পঢ়ক: নগাঁৱৰ শেনছোৱাত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ট্ৰেভেলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.