ETV Bharat / bharat

কেৰালাত উপস্থিত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দল

author img

By

Published : Sep 16, 2022, 12:50 PM IST

কেৰালাৰ কোল্লামত এদিনৰ বাবে বিশ্ৰাম ল'লে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দলটোৱে (Congress Bharat Jodo Yatra)। ৰাহুল গান্ধীৰ নেতৃত্বত শুকুৰবাৰে পুৱা পুনৰ যাত্ৰা আৰম্ভ দলটোৰ । ৰাহুল গান্ধীেয়ে জিলাখনৰ নীন্দাকাৰাৰ সমুদ্ৰ তীৰত কিছু সময়ৰ বাবে পুনৰ জিৰণি ল'ব ।

Rahul
কেৰালাত উপস্থিত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দল

নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে (Bharat Jodo Yatra)। ইতিমধ্যে কেৰালাৰ কোল্লাম জিলাত উপস্থিত হৈছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দল । কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নেতৃত্বত দলৰ জ্যেষ্ঠ নেতা আৰু শ শ কৰ্মীয়ে এদিনৰ বিশ্ৰামৰ অন্তত শুকুৰবাৰে কেৰালাৰ কোল্লাম জিলাৰ পালায়াথোডুৰ পৰা ভাৰত জোড়ো যাত্ৰা পুনৰ আৰম্ভ কৰে (Bharat Jodo Yatra proceeds from Kollam)।

ৰাজ্যিক বিধানসভাৰ বিৰোধী দলৰ নেতা ভি ডি চেথিচান, এআইচিচিৰ সাধাৰণ সম্পাদক (সংগঠন) কে.চি. বেণুগোপাল, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেশ চেন্নিথালা আৰু কে মুৰলীধৰ, RSP দলৰ নেতা এন কে প্ৰেমচন্দ্ৰনক ৰাহুল গান্ধীৰ সৈতে এই যাত্ৰাত ভাগ লোৱা দেখা গৈছে ।

ভাৰত জোড়ো যাত্ৰা সম্পৰ্কে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে ১৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পাছত ৰাহুল গান্ধীয়ে জিলাখনৰ নীন্দাকাৰাৰ সমুদ্ৰ তীৰত কিছু সময়ৰ বাবে জিৰণি ল'ব (Congress leader Jairam Ramesh at Bharat Jodo Yatra)। কাজু উদ্যোগৰ সৈতে জড়িত শ্ৰমিক, কাজু ঔদ্যোগী, ট্ৰেড ইউনিয়ন আৰু আৰএছপি আৰু ফৰৱাৰ্ড ব্লকৰ নেতাসকলৰ সৈতে বিয়লি তেওঁ বৈঠকত মিলিত হ'ব ।

  • केरल: कांग्रेस सांसद राहुल गांधी ने पार्टी नेताओं और कार्यकर्ताओं के साथ कोल्लम से 'भारत जोड़ो यात्रा' फिर से शुरू की। pic.twitter.com/14lP5hG40Y

    — ANI_HindiNews (@AHindinews) September 16, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ৭ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাত ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি লোৱা হ'ব । ভাৰত জোড়ো যাত্ৰাৰ দলটো ১০ ছেপ্টেম্বৰৰ সন্ধিয়া কেৰালাত উপস্থিত হৈছিল । তথ্য অনুসৰি, দলটোৱে কেৰালাত ৪৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব আৰু এই সময়ছোৱাত ১৯ দিনৰ ভিতৰত সাতখন জিলা সামৰি লোৱা হ'ব । ইয়াৰ পাছত, ভাৰত জোড়ো যাত্ৰাৰ দলটো ১ অক্টোবৰত কৰ্ণাটকত উপস্থিত হ'ব ।

উল্লেখ্য যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৩,৫০০ কিলোমিটাৰ 'ভাৰত জোড়ো যাত্ৰা' ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছে (Kanyakumari to Kashmir Congres padyatra)। এই যাত্ৰা প্ৰায় ১৫০ দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু প্ৰায় ১২ খন ৰাজ্যক সামৰি লোৱা হ'ব । লগতে এই পদযাত্ৰা কাশ্মীৰত সমাপ্ত হ'ব ।

লগতে পঢ়ক :ত্ৰিপুৰাত আৰক্ষী মুখ্য কাৰ্যালয় ঘেৰাও তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.