মিজোৰাম, 21 এপ্ৰিল: পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ কবলত মিজোৰাম ৷ মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তথ্য অনুসৰি 20 এপ্ৰিলৰ দিনটোত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ ৰাজ্যখনত 42 গাহৰিৰ মৃত্যু হয় ৷ এই পৰ্যন্ত ৰাজ্যখনত মুঠ 1098 টা গাহৰিৰ মৃত্যু হৈছে ৷
মঙলবাৰে মিজোৰামৰ ৰাজ্যপালে পশুৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন 2009 (Prevention and Control of Infectious and Contagious Disease in Animals Act 2009) ৰ অধীনত আইজলৰ তিনিটা অঞ্চলৰ লগতে লুঙলেই, চাৰ্চিপ আৰু চিয়াহা আদি বিভিন্ন জিলাক আফ্ৰিকান ছোৱাইন ফিভাৰৰ কেন্দ্ৰবিন্দু হিচাপে ঘোষণা কৰে ৷
মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ভূপালস্থিত ICAR-NIHSAD লৈ প্ৰেৰণ কৰা টিচ্যু আৰু চেৰামৰ নমুনাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ অৱস্থিতি ধৰা পৰিছে বুলি ইতিমধ্যে নিশ্চিত কৰিছে ৷ 21 মাৰ্চত লুঙচেন গাঁৱত প্ৰথমবাৰৰ বাবে আফ্ৰিকান ছোৱাইন ফিভাৰৰ অৱস্থিতি ধৰা পৰিছিল ৷
লগতে পঢ়ক: মিজোৰামত সপ্তাহজোৰা লক ডাউন