ETV Bharat / bharat

এছ জয়শংকৰক ফোন কৰি কি আহ্বান জনালে আফগানিস্তানৰ মন্ত্ৰীয়ে ?

author img

By

Published : Aug 4, 2021, 1:06 PM IST

আফগানিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মহম্মদ হানিফ আটমাৰে (Mohammad Haneef Atmar) বিশেষ আহ্বান জনালে ভাৰতক । ফোনযোগে মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হয় ।

Afghanistan FM dials Jaishankar
আফগানিস্তানৰ প্ৰসংগত UNSCৰ জৰুৰী বৈঠকৰ আহ্বান

নেশ্যনেল ডেস্ক, ৪ আগষ্ট : ভাৰতৰ সভাপতিত্বত আৰম্ভ হৈছে ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক। অস্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে সভাপতিত্ব কৰি ভাৰতে সামুদ্ৰিক সুৰক্ষা (maritime security), শান্তি ৰক্ষা (peacekeeping) আৰু সন্ত্ৰাসবাদ বিৰোধী (counter-terrorism) বিষয়ক লৈ আলোচনা কৰিবলগীয়া এই ভাৰ্চুৱেল বৈঠকক লৈ সমগ্ৰ দেশতে চৰ্চা অব্যাহত আছে ।

ইয়াৰ মাজতে আফগানিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মহম্মদ হানিফ আটমাৰে (Mohammad Haneef Atmar) বিশেষ আহ্বান জনালে ভাৰতক । আফগানিস্তান সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (UNSC) এক বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

ইতিমধ্যে ফোনযোগে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ (S. Jaishankar) সৈতে কথা পাতিছে আফগানিস্তানৰ মন্ত্ৰীগৰাকীয়ে । তেওঁলোকে আফগানিস্তানত তালিবান আৰু বিদেশী সন্ত্ৰাসবাদী গোটৰ আক্ৰমণৰ দ্বাৰা হিংসা বৃদ্ধি হোৱা, ব্যাপক মানৱ অধিকাৰ উলংঘনৰ বিষয়ে কথা পাতে ।

  • Called Indian FM HE @DrSJaishankar to discuss convening an emergency UN Security Council Session on AFG. UN & int’l community must play a greater role to stop the unfolding tragedy in🇦🇫 due to Taliban violence & atrocities. Appreciate the lead role of🇮🇳 as current UNSC President. pic.twitter.com/SLaRlUKHxC

    — Mohammed Haneef Atmar محمد حنیف اتمر (@MHaneefAtmar) August 3, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মন্ত্ৰী মহম্মদ হানিফ আটমাৰে টুইটযোগে কয় যে, তালিবানৰ হিংসা আৰু অত্যাচাৰৰ ফলত আফগানিস্তানত সংঘটিত দুৰ্ঘটনা বন্ধ কৰিবলৈ ৰাষ্ট্ৰসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব । বৰ্তমানৰ ইউএনএছচিৰ সভাপতি হিচাপে ভাৰতৰ মুখ্য ভূমিকাৰো প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে ।

ইফালে হেৰাট, কান্দাহাৰ আৰু হেলমান্দকে ধৰি কেইবাখনো আফগান চহৰত আফগানিস্তান বাহিনী আৰু তালিবানৰ মাজত হোৱা তীব্ৰ সংঘৰ্ষৰ মাজতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে । জয়শংকৰৰ সৈতে আটমাৰে আফগান জনসাধাৰণৰ ওপৰত তালিবানৰ নিৰ্মম আক্ৰমণৰ অভূতপূৰ্ব বৃদ্ধিৰ বিষয়েও আলোচনা কৰে ।

এই ঘটনাবোৰৰ বাবে বহু সংখ্যক নাগৰিক নিহত হৈছে আৰু হাজাৰ হাজাৰ লোক পলায়ন কৰিছে । দেশখনত সংঘটিত আক্ৰমণ আৰু মানৱ অধিকাৰ আইন উলংঘনৰ বিষয়টোও মন্ত্ৰী দুগৰাকীয়ে আলোচনা কৰে । অঞ্চলটোত স্থিৰতা, নিৰাপত্তা আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে আটমাৰে আফগানিস্তান সম্পৰ্কীয় বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী কালীন বৈঠক আহ্বান কৰাৰ ওপৰত জয়শংৰক বিশেষভাৱে আহ্বান জনায় ।

জয়শংকৰে আফগানিস্তানত তালিবান আৰু সন্ত্ৰাসবাদীৰ দ্বাৰা হিংসা, নিৰাপত্তাহীনতা আৰু স্পষ্ট মানৱ অধিকাৰ উলংঘন বৃদ্ধিৰ ওপৰত ভাৰতৰ গভীৰ উদ্বেগ প্ৰকাশ কৰে । তেওঁ মানৱ অধিকাৰৰ অপব্যৱহাৰ তাৎক্ষণিকভাৱে বন্ধ কৰা আৰু আফগানিস্তান আৰু অঞ্চলটোত স্থায়ী শান্তি আৰু স্থিৰতা স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত কৰাটো গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে ।

তেওঁ আফগানিস্তানৰ প্ৰস্তাৱ পুনৰীক্ষণ আৰু প্ৰয়োজনীয় পৰামৰ্শ গ্ৰহণ কৰিব বুলি আফগানিস্তানৰ মন্ত্ৰীগৰাকীক আশ্বাস দিয়ে ।

লগতে পঢ়ক :২০২০ চনত JNUত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰসংগ উত্থাপন লোকসভাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.