ETV Bharat / bharat

তালিবানত সেনাৰ যোগদানৰ লগে লগে আফগান সেনা প্ৰধানক সলনি - আফগান সেনা প্ৰধানক সলনি

কুন্দুজ(Kunduz)ত তালিবান(Taliban)ত যোগদান বহু সেনাৰ ৷ তালিবানত সেনাৰ যোগদানৰ লগে লগে সলনি কৰা হৈছে আফগান সেনা প্ৰধানক ৷ সেনা প্ৰধানজনক সলনি কৰাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ তথাপি আফগান সৈন্যই তালিবানৰ বিৰুদ্ধে একেবাৰে যুঁজ দিয়া নাই বুলি প্ৰচাৰিত খবৰেই ইয়াৰ অন্যতম কাৰণ বুলি সন্দেহ প্ৰকাশ ৷

Afghan army chief replaced as many troops join Taliban at Kunduz
তালিবানত সেনাৰ যোগদানৰ লগে লগে আফগান সেনা প্ৰধানক সলনি
author img

By

Published : Aug 12, 2021, 11:45 AM IST

নেশ্যনেল ডেস্ক, 12 আগষ্ট : আফগানিস্তানত তালিবানৰ আক্ৰমণ অবিৰতভাৱে অব্যাহত থকাৰ মাজতে বুধবাৰে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানি(Afghanistan’s President Ashraf Ghani)য়ে সেনাপ্ৰধান জেনেৰেল ৱালি আহমেদজাই(army chief of staff General Wali Ahmadzai )ৰ ঠাইত জেনেৰেল হিবাতুল্লা হলিজাই(General Hibatullah Alizai)ক নিযুক্তি দিয়ে ৷ উল্লেখ্য যে, তালিবানৰ দ্ৰুত অগ্ৰগতিৰ বাবেই জুন মাহত নিযুক্ত হোৱা জেনেৰেল আহমেদজাইয়ে যোৱা মাহত তেওঁৰ নতুন দিল্লী ভ্ৰমণ বাতিল কৰিছিল ৷

লগতে পঢ়ক : আফগানিস্তানত থকা ভাৰতীয় নাগৰিকক ভাৰতলৈ উভতি যোৱাৰ নিৰ্দেশ

হঠাৎ এই পদক্ষেপ কিয় লোৱা হ'ল সেই সন্দৰ্ভত এই পৰ্যন্ত কোনো কথা স্পষ্টকৈ কোনেও প্ৰকাশ কৰা নাই যদিও আফগান ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু সুৰক্ষা বাহিনী (Afghan National Defense and Security Forces) বা আফগানিস্তান চৰকাৰৰ নিয়মীয়া সৈন্য(regular Afghanistan government troops)ই একেবাৰে যুঁজ দিয়া নাই বুলি প্ৰচাৰিত খবৰ ইয়াৰ এক অন্যতম কাৰণ হোৱাৰ সম্ভাৱনা আছে ৷ ইফালে তালিবানত যোগদান কৰিবলৈ শ শ সেনাই অস্ত্ৰ-শস্ত্ৰৰ সৈতে তেওঁলোকৰ পদবী ত্যাগ কৰিছে বুলিও এক খবৰ পোৱা গৈছে ৷

ইয়াৰ মাজতে বুধবাৰে তালিবানে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ কুন্দুজ বিমানবন্দৰ অতিক্ৰম কৰে ৷ এনেবিলাক পৰিস্থিতিৰ বাবে সেনা প্ৰধানজনক সলনি কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক : সাংবাদিকক পণবন্দী কৰি ৰাখিছে তালিবানে

মন কৰিবলগীয়া যে, কুন্দুজ যুদ্ধৰ সময়ত তালিবানৰ হাতত পৰা যুদ্ধৰ সা-সঁজুলিসমূহৰ ভিতৰত অন্যতম আছিল আফগানিস্তান বায়ুসেনাৰ এখন M-35 হেলিকপ্টাৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, এই হেলিকপ্টাৰখন আফগানিস্তানক ভাৰতে উপহাৰস্বৰূপে প্ৰদান কৰিছিল ৷ ভাৰতে এতিয়ালৈকে ANDSF সেনা আৰু পুৰুষৰ প্ৰশিক্ষণ তথা অন্যান্য সামৰিক সহায় আগবঢ়োৱাৰ লগতে আফগানিস্তানক চাৰিখন হেলিকপ্টাৰ উপহাৰ দিছে ৷

লগতে পঢ়ক : তালিবানৰ বিৰুদ্ধে পুনৰ আফগান বায়ু সেনাৰ এয়াৰষ্ট্ৰাইক

কাবুলত আশ্ৰাফ ঘানি নেতৃত্বাধীন আফগানিস্তান চৰকাৰৰ বিৰুদ্ধে তালিবানে যি আক্ৰমণ চলাইছে, তালিবানৰ সেই বিশেষ বাহিনীৰ গোটটোকে চাৰা খেতা(Sara Kheta) বুলি জনা যায় ৷ উল্লেখ্য যে, 6 আগষ্টৰ পৰা আৰম্ভ কৰি যোৱা পাঁচ দিনত তালিবানে কুন্দুজ(Kunduz), ফৈজাবাদ(Faizabad), চৰ-ই-পোল(Sar-e Pol), তালোকান(Taloqan), জাৰাঞ্জ(Zaranj), শ্বেবাৰঘান(Sheberghan), পল-ই খোমৰি(Pol-e Khomri), ফাৰাহ চিটি(Farah city) আৰু আয়বাক(Aybak)কে ধৰি মুঠ ৩৪ খন প্ৰাদেশিক ৰাজধানীৰ দখল নিজৰ কবললৈ আনিছে ৷

লগতে পঢ়ক : আফগান সেনাৰ অভিযানত নিহত 254 তালিবানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.