ETV Bharat / bharat

চৰ্চাত কাৰাবন্দীৰে পৰিচালিত এটা বেণ্ড, ঘণ্টাত লয় 2500 টকা

author img

By

Published : Dec 13, 2020, 9:07 PM IST

বেণ্ডৰ বুকিং ঘণ্টায় 2500 টকা হিচাপত হয় ৷ এই বেণ্ডৰ জৰিয়তে কাৰাবন্দী সকলে সমাজৰ সৈতে জড়িত হোৱাৰ সুবিধাও লাভ কৰে ৷ বেণ্ডৰ শিক্ষক সুৰেন্দ্ৰ কুমাৰে কয় যে, এই বেণ্ডৰ বুকিং কেৱল মাত্ৰ দুই ঘণ্টাৰ বাবে লোৱা হয় ৷

adarsh-karagar-band-is-unique-band-run-by-prisoners
চৰ্চাত কাৰাবন্দীৰে পৰিচালিত এটা বেণ্ড, ঘণ্টাত লয় 2500 টকা

নিউজ ডেস্ক, 13 ডিচেম্বৰ : "কাৰাবন্দী" এই শব্দটো শুনিলেই মানুহৰ মনত এক ভয় আৰু নিচ ভাৱনাৰ অৱধাৰণ হয় ৷ কিন্তু উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্নৌৰ আদৰ্শ কাৰাগাৰৰ একাংশ কাৰাবন্দীয়ে তেওলোকৰ প্ৰতি থকা মানুহৰ ধাৰণা সলনি কৰিবলৈ সক্ষম হৈছে ৷ উক্ত কাৰাগাৰৰ কাৰাবন্দীসকলে নিজৰ প্ৰতিভা আৰু সততাৰ বলত জেল আৰু জেলৰ বাহিৰত এক পৃথক পৰিচয় গঢ়িবলৈ সক্ষম হৈছে ৷ তেওঁলোক আদৰ্শ কাৰাগাৰ বেণ্ড নামেৰে জনাজাত হৈ পৰিছে ৷ ৰাইজে কয় যে, যদি চৰকাৰে তেওঁলোকক সুবিধা দিছে তেন্তে আমি এক সুযোগ কিয় নিদিম ৷

উল্লেখ্য যে, আদৰ্শ কাৰাগাৰ লক্ষ্নৌত বৰ্তমান 441 গৰাকী লোক কাৰাবন্দী হৈ আছে ৷ জেলখনৰ আদৰ্শ বেণ্ড বিগত 10 বছৰৰ পৰা সঞ্চালিত হৈ আহিছে ৷ এই বেণ্ডত 12 জন কাৰাবন্দী আৰু এজন প্ৰশিক্ষক অন্তৰ্ভূক্ত হৈ আহিছে ৷ তেওঁলোক বাহিৰৰ বেণ্ডৰ পৰা সম্পূৰ্ণ পৃথক ৷ কিয়নো সেই বেণ্ডটো কোনো সাধাৰণ মানুহে পৰিচালনা নকৰে ৷ সেই বেণ্ড যাৱজ্জীৱন কাৰাবাসত থকা এদল কাৰাবন্দীয়ে পৰিচালনা কৰে ৷ সেই কাৰাবন্দী সকলক ইমানেই স্বাধীনতা দিয়া হৈছে যে তেওঁলোকে বেলেগৰ বিয়াত গৈয়ো নিজৰ প্ৰতিভা দেখুৱাব পাৰে ৷

এই বেণ্ডৰ বুকিং ঘণ্টাত 2500 টকা হিচাপত হয় ৷ সেই বেণ্ডৰ জৰিয়তে কাৰাবন্দী সকলে সমাজৰ সৈতে জড়িত হোৱাৰ সুবিধাও লাভ কৰে ৷ বেণ্ডৰ শিক্ষক সুৰেন্দ্ৰ কুমাৰে কয় যে, এই বেণ্ডৰ বুকিং কেৱল মাত্ৰ দুঘণ্টাৰ বাবে লোৱা হয় ৷ বুকিঙৰ দিনত এখন বাছত বহাই গন্তব্য স্থানত কাৰাবন্দী সকলক লৈ যোৱা হয় ৷ তেওঁলোকৰ লগত সুৰক্ষাৰ নামত দুজন মাত্ৰ সুৰক্ষাকৰ্মী থাকে ৷

লগতে পঢ়ক: কৃষি মন্ত্ৰীৰ নেতৃত্বত গৃহমন্ত্ৰীক সাক্ষাৎ মন্ত্ৰীমণ্ডলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.