ETV Bharat / bharat

Covid status of India : দেশত যোৱা ২৪ ঘণ্টাত ২২৩ গৰাকী লোকৰ কৰ'ণাত মৃত্যু

author img

By

Published : Mar 2, 2022, 12:24 PM IST

দেশত ক'ভিডৰ সংক্ৰমণ অব্যাহত আছে । যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৭,৫৫৪ গৰাকী লোক । দেশত ২২৩ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । মৃত্যু হোৱা সকলৰ ভিতৰত ১৬৮ গৰাকীয়ে কেৰালাৰ আৰু ১০ গৰাকী উত্তৰপ্ৰদেশৰ । এতিয়ালৈ দেশত ১৭৭.৭৯ কোটিৰো অধিক প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

Covid status of India
দেশত যোৱা ২৪ ঘণ্টাত ২২৩ গৰাকী লোকৰ কৰ'ণাত মৃত্যু

নেশ্যনেল ডেস্ক, ২ মাৰ্চ : ভাৰতত ক'ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ক'ভিডত নতুনকৈ আক্ৰান্ত হৈছে ৭,৫৫৪ গৰাকী লোক (India logged 7554 new corona virus infections)। ইয়াৰ লগে লগে দেশত আক্ৰান্তৰ সংখ্যা ৪,২৯,৩৮,৫৯৯ লৈ বৃদ্ধি পাইছে ।

বুধবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ২২৩ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । মৃত্যু হোৱা সকলৰ ভিতৰত ১৬৮ গৰাকীয়ে কেৰালাৰ আৰু ১০ গৰাকী উত্তৰপ্ৰদেশৰ । ইফালে দেশত মৃত্যুৰ সংখ্যা ৫,১৪,২৪৬ লৈ বৃদ্ধি পাইছে । তথ্য অনুসৰি মৃত্যুৰ হাৰ বৰ্তমান ১.২০ শতাংশ ।

  • " class="align-text-top noRightClick twitterSection" data="">

এতিয়ালৈ মহাৰাষ্ট্ৰত সৰ্বাধিক ১,৪৩,৭০৬ গৰাকী লোকৰ মৃত্যু হৈছে । কেৰালাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫,৫০১ গৰাকী, কৰ্ণাটকত ৩৯,৯৫৭ গৰাকী, তামিলনাডুত ৩৮,০০৬ গৰাকী, দিল্লীত ২৬,১২৬ গৰাকী, উত্তৰ প্ৰদেশত ২৩,৪৬৬ গৰাকী আৰু পশ্চিমবংগত ২১,১৭৮ গৰাকী । বৰ্তমান দেশত ক'ভিডৰ সক্ৰিয় ঘটনাৰ সংখ্যা ৮৫,৬৮০ টা । এই সংখ্যা মুঠ সংক্ৰমণৰ ০.২০ শতাংশ মাত্ৰ ।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দৈনিক আক্ৰান্তৰ হাৰ ০.৯৬ শতাংশ । আনহাতে সাপ্তাহিক আক্ৰান্তৰ হাৰ ১.০৬ শতাংশ । ক'ভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৩,৩৮,৬৭৩ লৈ বৃদ্ধি হৈছে । দেশত আৰোগ্যৰ হাৰ হৈছে ৯৮.৬০ শতাংশ ।

ক'ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি টীকাকৰণ অভিযানো তীব্ৰতৰ কৰি তোলা হৈছে । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এতিয়ালৈ দেশত ১৭৭.৭৯ কোটিৰো অধিক প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

ক'ভিড সংক্ৰমণৰ ইতিহাস যদি চোৱা হয় তেনেহ'লে দেখা যাব যে ২০২০ চনৰ ৭ আগষ্টত ক'ভিড আক্ৰান্তৰ সংখ্যা আছিল ২০ লাখ, ২৩ আগষ্টত আছিল ৩০ লাখ, ১৬ ছেপ্টেম্বৰত ৫০ লাখ অতিক্ৰম কৰিছিল । ১১ অক্টোবৰত এই সংখ্যা আছিল ৭০ লাখ আৰু ১৯ ডিচেম্বৰত ক'ভিড আক্ৰান্তৰ সংখ্যা এক কোটিৰ সীমা অতিক্ৰম কৰে । ৪ মে'ত দুই কোটি আৰু যোৱা বছৰৰ ২৩ জুনত ক'ভিড আক্ৰান্তৰ সংখ্যা তিনি কোটি অতিক্ৰম কৰে ।

লগতে পঢ়ক : Covid cases in India: দেশত নতুনকৈ ৬,৯১৫ গৰাকী লোক ক'ভিডত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.