ETV Bharat / bharat

PM Modi on Special Session : ভাৰতীয়ৰ সাফল্য এতিয়া সৰ্বত্ৰে আলোচিত; প্ৰধানমন্ত্ৰী মোদী - PM Modi on success of Chandrayaan3

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে কয় যে ভাৰতীয়সকলৰ সাফল্যৰ বিষয়ে এতিয়া সকলো ঠাইতে আলোচনা কৰা হৈছে । এয়া হৈছে দেশৰ সংসদীয় ইতিহাসৰ ৭৫ বছৰীয়া ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফল ।

PM Modi on Special Session
PM Modi on Special Session
author img

By ANI

Published : Sep 18, 2023, 1:40 PM IST

নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ : সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বিশেষ অধিবেশন । আৰম্ভণি দিনটোত লোকসভাক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লোকসভাত 'সাফল্য, অভিজ্ঞতা, স্মৃতি আৰু শিক্ষা'ৰ পৰা আৰম্ভ কৰি '৭৫ বছৰীয়া সংসদীয় যাত্ৰা' সন্দৰ্ভত আলোচনা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চন্দ্ৰযান-৩ৰ সফলতাই কেৱল ভাৰতকে নহয়, বিশ্বক গৌৰৱান্বিত কৰিছে ।

তেওঁ কয়, "ই ভাৰতৰ শক্তিৰ এক নতুন ৰূপ কঢ়িয়াই আনিছে যি প্ৰযুক্তি, বিজ্ঞান, আমাৰ বিজ্ঞানীসকলৰ সম্ভাৱনা আৰু দেশৰ ১৪০ কোটি লোকৰ শক্তিৰ সৈতে সম্পৰ্কিত ।" প্ৰধানমন্ত্ৰীয়ে সংসদৰ বিশেষ অধিবেশন দ্বিতীয়দিনা মঙলবাৰৰ পৰা সংসদ নতুন ভৱনলৈ স্থানান্তৰিত হোৱাৰ কথাও উল্লেখ কৰে । উল্লেখ্য যে এই অধিবেশন ২২ ছেপ্টেম্বৰলৈকে চলিব ।

"আমি সকলোৱে এই ঐতিহাসিক ভৱনটোক বিদায় জনাইছোঁ । স্বাধীনতাৰ পূৰ্বে এই সদনেই ইম্পেৰিয়েল বিধান পৰিষদৰ স্থান আছিল । স্বাধীনতাৰ পিছত ই সংসদ ভৱনৰ পৰিচয় লাভ কৰে ।" তেওঁ কয় ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "এইটো সঁচা যে এই ভৱনটো নিৰ্মাণৰ সিদ্ধান্ত বিদেশী শাসকসকলে লৈছিল । কিন্তু আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু গৌৰৱেৰে ক'ব পাৰোঁ যে নিৰ্মাণকাৰ্যত হোৱা ব্যয়, কঠোৰ পৰিশ্ৰম আৰু ধন মোৰ দেশবাসীৰ আছিল ।"

উল্লেখ্য যে নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সফলতাৰ কথাও উল্লেখ কৰে । "আজি সকলো ভাৰতীয়ৰ সাফল্যৰ বিষয়ে সকলো ঠাইতে আলোচনা কৰা হৈছে । এইটো আমাৰ সংসদৰ ইতিহাসৰ ৭৫ বছৰৰ সময়ছোৱাত আমাৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফলাফল । চন্দ্ৰযান-৩ৰ সফলতাই কেৱল ভাৰতকে নহয়, বিশ্বক গৌৰৱান্বিত কৰিছে । ই ভাৰতৰ শক্তিৰ এক নতুন ৰূপক আলোকপাত কৰিছে যি প্ৰযুক্তি, বিজ্ঞান, আমাৰ বিজ্ঞানীসকলৰ সম্ভাৱনা আৰু দেশৰ ১৪০ কোটি লোকৰ শক্তিৰ সৈতে সম্পৰ্কিত । আজি মই পুনৰ আমাৰ বিজ্ঞানীসকলক অভিনন্দন জনাব বিচাৰোঁ ।" তেওঁ কয় ।

লগতে পঢ়ক :PM Vishwakarma Yojana 2023 : পিএম বিশ্বকৰ্মা আঁচনিখনৰ বিশেষত্ব কি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.