ETV Bharat / bharat

Sisodia Custody Extended: মোদীয়ে গণতন্ত্ৰত বিশ্বাস নকৰে, অহংকাৰী হৈ পৰিছে তেওঁ; ছিছোডিয়া

author img

By

Published : May 23, 2023, 9:43 PM IST

দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত মঙলবাৰে ৰৌজ এভিনিউ আদালতত হাজিৰ হোৱাৰ সময়ত ছিছোডিয়াক চোলাৰ কলাৰত ধৰাক লৈ আপ নেতা আৰু দিল্লী আৰক্ষীৰ বাকযুদ্ধ আৰম্ভ হৈছে । আপে দাবী কৰে যে, মণীষ ছিছোডিয়াৰ লগত আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে (AAP alleged delhi police misbehaved sisodia) । আনহাতে, এই কথা খণ্ডন কৰি দিল্লী আৰক্ষীয়ে কয় যে, আদালতত হাজিৰ হোৱাৰ সময়ত ছিছোডিয়াক আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰা বুলি উঠা অভিযোগ অপপ্ৰচাৰ ।

Sisodia Custody Extended
Sisodia Custody Extended
মোডীয়ে গণতন্ত্ৰত বিশ্বাস নকৰে

নিউজ ডেস্ক, ২৩ মে': দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াক মঙলবাৰে দিল্লীৰ এখন আদালতত হাজিৰ কৰোৱা হয় (manish sisodia liquor case) । আদালতে মঙলবাৰে ছিছোডিয়াৰ ন্যায়িক জিম্মা ১ জুনলৈ বৃদ্ধি কৰে (Sisodia custody extended) । ইয়াৰ পূৰ্বে আদালতে ছিছোডিয়াৰ ন্যায়িক জিম্মা ২৩ মে'লৈকে বৃদ্ধি কৰিছিল ।

আনহাতে, ছিছোডিয়াক আদালত চৌহদৰ পৰা কাৰাগাৰলৈ লৈ যোৱা এটা ভিডিঅ' পোহৰলৈ আহিছে । ভিডিঅ'টোত আৰক্ষীয়ে মণীষ ছিছোডিয়াক চোলাৰ কলাৰত ধৰি লৈ যোৱা দেখা গৈছে (AAP alleged delhi police misbehaved sisodia) । আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত ছিছোডিয়াই সাংবাদিকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰি আছিল । সাংবাদিকৰ অধ্যাদেশ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "মোডীজীয়ে গণতন্ত্ৰত বিশ্বাস নকৰে, তেওঁ অহংকাৰী হৈ পৰিছে ।"

আনহাতে, এইটো দাবী কৰা হৈছে যে সংবাদ মাধ্যমৰ সৈতে কথা পতাটো বাৰণ কৰিবলৈ আৰক্ষীয়ে ছিছোডিয়াক ডিঙিত ধৰি আগলৈ টানি নিছিল । কেজৰিৱালে এই ব্যৱহাৰৰ তীব্ৰ বিৰোধিতা কৰি এনেদৰে টুইট কৰিছে, "আৰক্ষীৰ মণীষৰ সৈতে এনেদৰে দুৰ্ব্যৱহাৰ কৰাৰ অধিকাৰ আছেনে ? আৰক্ষীক এনে কৰিবলৈ কোৱা হৈছে নেকি (delhi liquor scam) ?

  • क्या पुलिस को इस तरह मनीष जी के साथ दुर्व्यवहार करने का अधिकार है? क्या पुलिस को ऐसा करने के लिए ऊपर से कहा गया है? https://t.co/izPacU6SHI

    — Arvind Kejriwal (@ArvindKejriwal) May 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও টুইট কৰি কয় যে, আৰক্ষী গুণ্ডামিৰ শীৰ্ষত উপনীত হৈছে । ছিছোডিয়াৰ ডিঙিত ধৰি থকাৰ সময়ত আৰক্ষী বিষয়াজনে পাহৰি গৈছিল যে, তেওঁৰ বছক সন্তুষ্ট কৰিবলৈ যাওঁতে আদালতে তেওঁৰ চাকৰিও খাব পাৰে । আদালতে এই ঘটনাৰ ওপৰত গুৰুত্ব দিয়া উচিত । মোডীজী, সমগ্ৰ দেশে আপোনাৰ একনায়কত্ববাদ চাই আছে বুলিও তেওঁ উল্লেখ কৰে (AAP slams PM Modi) ।

আনহাতে, দিল্লীৰ শিক্ষা মন্ত্ৰী আতিশীয়েও টুইট কৰি লিখিছে, "মণীষৰ সৈতে দিল্লী আৰক্ষীৰ এই দুৰ্ব্যৱহাৰৰ বাবে মই হতবাক হৈছোঁ । দিল্লী আৰক্ষীয়ে তৎক্ষণাৎ এই আৰক্ষীজনক নিলম্বন কৰা উচিত । যিয়ে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষা মন্ত্ৰীৰ সন্মান লাভ কৰিছিল, সেই ছিছোডিয়াজীৰ সৈতে এনে আচৰণ কৰাৰ অধিকাৰ কোনে দিলে ? যিসকলে জনবিৰোধী ঘৃণাৰ ৰাজনীতিৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে তেওঁলোকক দমন কৰিবলৈ তেওঁলোকৰ লুণ্ঠনে সীমা অতিক্ৰম কৰিছে । দুৰ্ব্যৱহাৰ কৰা আৰক্ষীজনক তৎক্ষণাৎ নিলম্বিত কৰা উচিত ।"

  • राउज एवेन्यू कोर्ट में पेशी के समय श्री मनीष सिसोदिया के साथ पुलिस दुर्व्यवहार की बात दुष्प्रचार है।

    वीडियो में प्रचारित पुलिस की प्रतिक्रिया सुरक्षा की दृष्टि से अनिवार्य थी।

    न्यायिक अभिरक्षा में अभियुक्त द्वारा मीडिया को वक्तव्य जारी करना विधि विरुद्ध है।#DelhiPoliceUpdates

    — Delhi Police (@DelhiPolice) May 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য, দিল্লী আৰক্ষীয়ে আপে কৰা দুৰ্ব্যৱহাৰৰ অভিযোগক অপপ্ৰচাৰ বুলি বৰ্ণনা কৰিছে । ভিডিঅ'টোত প্ৰচাৰিত আৰক্ষীৰ উক্ত প্ৰতিক্ৰিয়া সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা বাধ্যতামূলক আছিল বুলি দিল্লী আৰক্ষীয়ে কয় । লগতে কয়, অভিযুক্তই ন্যায়িক জিম্মাত থকা অৱস্থাত সংবাদ মাধ্যমৰ ওচৰত বিবৃতি প্ৰদান কৰাটো আইনবিৰোধী ।

আনহাতে, বিজেপি নেতা মনজিন্দৰ সিং চিৰছাই কয় যে আপৰ নেতাসকলে মনত ৰাখিব লাগে যে তেওঁ কাৰাগাৰৰ মন্ত্ৰী বা কাৰাগাৰৰ মুখপাত্ৰ নহয় । সুৰা কেলেংকাৰীত ধন লোৱাৰ বাবেহে মণীষ ছিছোডিয়া কাৰাগাৰত আছে । তেওঁ কয় যে যদি তেওঁ মুখপাত্ৰ হিচাপে তেওঁ কথা ক'বলৈ ভালেই পায়, তেন্তে বেইমানী কৰিব নালাগিছিল ।

আইনৰ কথা উল্লেখ কৰি চিঞৰি থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি তেওঁৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ পিঠিত চপৰিয়াই কৈছে যে, তেওঁক অত্যাচাৰ কৰা হৈছে । উল্লেখ্য যে মণীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ১ জুনলৈ বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক :Manish Sisodia Money Laundering Case : মণীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ১ জুনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.