ETV Bharat / bharat

AAP gets national party status: ৰাষ্ট্ৰীয় দল হ’ল আপ; মৰ্যাদা হেৰুৱালে তৃণমূল, এনচিপি, চিপিআইয়ে

author img

By

Published : Apr 10, 2023, 10:29 PM IST

ভাৰতৰ নিৰ্বাচন আয়োগে সোমবাৰে তৃণমূল কংগ্ৰেছ, এনচিপি আৰু চিপিআইক ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি আঁতৰাই দিয়াৰ লগতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি বা আপক ৰাষ্ট্ৰীয় দলৰ মৰ্যাদালৈ উন্নীত কৰে (AAP gets national party status)।

AAP gets national party status
আপ এতিয়া এটা ৰাষ্ট্ৰীয় দল

নেশ্যনেল ডেস্ক, 10 এপ্ৰিল : এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, ভাৰতৰ নিৰ্বাচন আয়োগে সোমবাৰে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ, নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি) আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই)ৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা প্ৰত্যাহাৰ কৰে । অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি বা আপক ৰাষ্ট্ৰীয় দলৰ মৰ্যাদালৈ উন্নীত কৰা হৈছে । আপ বৰ্তমান দুখন ৰাজ্য দিল্লী আৰু পঞ্জাৱত শাসনত আছে (AAP gets national party status) ।

সোমবাৰে জাৰি কৰা এক নিৰ্দেশত আয়োগে উত্তৰ প্ৰদেশৰ আৰ এল ডি, অন্ধ্ৰ প্ৰদেশৰ বি আৰ এছ, মণিপুৰৰ পি ডি এ, পুডুচেৰীত পি এম কে, পশ্চিম বংগৰ আৰ এছ পি আৰু মিজোৰামৰ এম পি চিক প্ৰদান কৰা ৰাজ্যিক দলৰ মৰ্যাদাও প্ৰত্যাহাৰ কৰে । আয়োগে কয় যে, দিল্লী, গোৱা, পঞ্জাৱ আৰু গুজৰাট এই চাৰিখন ৰাজ্যত নিৰ্বাচনী প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি আপক ৰাষ্ট্ৰীয় দল হিচাপে নামাকৰণ কৰা হৈছে ।

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটো দিল্লী আৰু পঞ্জাৱত শাসনত আছে । নিৰ্বাচনী পেনেলে কৈছিল যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে এনচিপি, চিপিআই আৰু তৃণমূল কংগ্ৰেছৰ মৰ্যাদা প্ৰত্যাহাৰ কৰা হ'ব । বিজেপি, কংগ্ৰেছ, চিপিআই(এম), বহুজন সমাজ পাৰ্টি (বিএছপি), নেশ্যনেল পিপলছ পাৰ্টি (এনপিপি) আৰু আপ এতিয়া ৰাষ্ট্ৰীয় দল ।

আয়োগে কৈছিল যে, শেহতীয়াকৈ সমাপ্ত বিধানসভা নিৰ্বাচনত তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি এনচিপি আৰু তৃণমূল কংগ্ৰেছক ক্ৰমে নাগালেণ্ড আৰু মেঘালয়ত ৰাজ্যিক দল হিচাপে স্বীকৃতি দিয়া হ'ব (National party status) । ইয়াৰ উপৰিও নাগালেণ্ডৰ লোক জনশক্তি পাৰ্টি (ৰাম বিলাস), মেঘালয়ৰ ভইচ অৱ দ্য পিপল পাৰ্টি আৰু ত্ৰিপুৰাত টিপ্ৰা মোথাক "স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক ৰাজনৈতিক দল"ৰ মৰ্যাদা প্ৰদান কৰে । অহা মাহত হ’বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ এবছৰ নৌহওঁতেই এই পৰিৱৰ্তন ঘটিছে ।

লগতে পঢ়ক : Amit Shah visit Arunachal Pradesh: কুমাও ৰেজিমেণ্টৰ বীৰত্বক প্ৰশংসা গৃহমন্ত্ৰী অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.