ETV Bharat / bharat

পশ্চিমবংগৰ উপ-নিৰ্বাচন: নিৰ্বাচন আয়োগৰ কাষ চাপিব TMCৰ নেতা - উপ নিৰ্বাচন

পশ্চিমবংগৰ উপ-নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰিবলৈ ভাৰতীয় নিৰ্বাচনী আয়োগ(Election Commission of India)ক আহ্বান জনাব তৃণমূল কংগ্ৰেছে(Trinamool Congress) । বৃহস্পতিবাৰে শাসকীয় দল তৃণমূল কংগ্ৰেছৰ কেইগৰাকীমান শীৰ্ষ নেতাই ভাৰতীয় নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰিব । ৰাজ্যখনৰ সাতটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন আগতীয়াকৈ অনুষ্ঠিত কৰিবলৈ আহ্বান জনাব তৃণমূল কংগ্ৰেছৰ নেতৃত্বই ।

a team of Trinamool Congress will approach ECI for quick completion of by elections
ভাৰতীয় নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিব তৃণমূল কংগ্ৰেছৰ নেতৃত্বই
author img

By

Published : Jul 15, 2021, 5:13 PM IST

নেশ্যনেল ডেস্ক, ১৫ জুলাই : বৃহস্পতিবাৰে আবেলি তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও সাংসদে ভাৰতীয় নিৰ্বাচনী আয়োগ(Election Commission of India)ক সাক্ষাৎ কৰিব । পশ্চিমবংগৰ সাতটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন আগতীয়াকৈ অনুষ্ঠিত কৰিবলৈ আহ্বান জনাব নেতাসকলে । ভাৰতীয় নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰিবলগীয়া এই দলটোত আছে সুদীপ বন্দোপাধ্যায়, সৌগত ৰয়, কল্যাণ বন্দোপাধ্যায়, ড৹ কাকলী ঘোষ দস্তিদাৰ আৰু ডেৰেক অ'ব্ৰাইন ।

উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পশ্চিমবংগৰ সাতটা বিধানসভা সমষ্টিৰ ভিতৰত আছে দক্ষিণ কলকাতাৰ ভৱানীপুৰ বিধানসভা সমষ্টি । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সেই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে । বৰ্তমান বিজেপি দলৰ নেতা সুভেন্দু অধিকাৰীয়ে নন্দীগ্ৰাম বিধানসভা সমষ্টিত পৰাজিত কৰাৰ পাছতো মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷

সংবিধানৰ নীতি অনুসৰি মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল অব্যাহত ৰাখিবলৈ দায়িত্ব লোৱাৰ ছয় মাহৰ ভিতৰত যিকোনো বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা প্ৰয়োজন । তৃণমূল কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী সোৱণদেৱ চট্টোপাধ্যায়ে ইতিমধ্যে সেই সমষ্টিৰ পৰা পদত্যাগ কৰিছে ৷ যাতে মমতা বেনাৰ্জীয়ে ২০১১ চনৰ পৰা দুবাৰকৈ প্ৰতিনিধিত্ব কৰা আসনখনত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে ।

উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আন ছয়টা সমষ্টি হৈছে খাৰদা, গোচাবা, ছমচেৰগঞ্জ, জংগীপুৰ, শান্তিপুৰ আৰু দিনহাটা । উপ-নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰিবলৈ দাবী জনাই নিৰ্বাচনী আয়োগৰ কাষ চাপিবলৈ ওলোৱা বাবে বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে তৃণমূল কংগ্ৰেছক সমালোচনা কৰে । ৰাজ্যখনৰ শাসকীয় দলে উপ-নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰিবলৈ কিয় ইমান আগ্ৰহী বুলিও অধিকাৰীয়ে প্ৰশ্ন উত্থাপন কৰে ।

যি সময়ত উপ-নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে, সেই সময়তে একেখন তৃণমূল শাসিত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাই থকা কাৰ্যক তেওঁ লজ্জাজনক আখ্যা দিয়ে । তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সদস্য ছুক্যিহেণ্ডু শেখৰ ৰয়ে কয় যে, ৰাজ্যখনৰ ক'ভিড-১৯ পৰিস্থিতি এতিয়া যথেষ্ট নিয়ন্ত্ৰণত আছে ৷ সেয়ে সেই সময়তে উপ-নিৰ্বাচন অনুষ্ঠিত কৰা উচিত ।

লগতে পঢ়ক: আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু TIPRA মথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.