ETV Bharat / bharat

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল আৰক্ষী কনিষ্টবল - আটক

আহমেদাবাদত 31 ডিচেম্বৰত 50 লাখ টকা উৎকোচ লৈ থকা সময়তে হাতে-লোটে ধৰা পৰে এজন আৰক্ষী কনিষ্টবল ৷ আহমেদাবাদ দুৰ্নীতি নিবাৰক শাখা আৰু আনন্দ জিলাৰ স্থানীয় অপৰাধ শাখাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় কনিষ্টবলজন ৷

Police constable caught
আৰক্ষী কনিষ্টবল আটক
author img

By

Published : Jan 1, 2021, 9:43 AM IST

নেশ্যনল ডেস্ক,1 জানুৱাৰী : গুজৰাটৰ আহমেদাবাদত 31 ডিচেম্বৰত উৎকোচ লোৱা অৱস্থাত 50 লাখ টকা জব্দ কৰা হয় ৷ আহমেদাবাদ দুৰ্নীতি নিবাৰক শাখা আৰু আনন্দ জিলাৰ স্থানীয় অপৰাধ শাখাৰ যুটীয়া অভিযানত প্ৰকাশ সিং ৰাউল নামৰ এজন আৰক্ষী কনিষ্টবলক টকা উৎকোচ লৈ থকা অৱস্থাত আটক কৰা হয় ৷ প্ৰাথমিক তথ্য অনুসৰি, খামভাট সাৰ কেলেংকাৰীত জড়িত থকাৰ সন্দেহ কৰা হৈছে কনিষ্টবলজনক ৷

আহমেদাবাদ গ্ৰামীণ দুৰ্নীতি নিবাৰক শাখা (ACB) আৰু আনন্দ স্থানীয় অপৰাধ শাখা কাৰ্যালয় (LCB)য়ে অভিযুক্ত কনিষ্টবলজনক উৎকোচ লোৱাৰ অভিযোগত এক গোচৰ ৰুজু কৰে ৷ জানিব পৰা মতে, অভিযুক্ত প্ৰকাশে টকা উৎকোচ লৈ বহু সা-সম্পত্তিৰ পাহাৰ গঢ়িছে ৷

এচিবিয়ে এক অভিযান চলাই বিদ্যানগৰ পথত থকা এখন ৰেষ্টুৰেণ্টত প্ৰকাশক টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় ৷ উক্ত ঘটনাটো গুজৰাট আৰক্ষীৰ এক সফল অভিযান বুলি ক’ব পাৰি ৷

লগতে পঢ়ক : শৌৰ্য্য চক্ৰ বঁটা প্ৰাপকৰ হত্যাৰে জড়িত খালিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.