ETV Bharat / bharat

Passenger Detained for Carrying Gold : বিমানবন্দৰত অবৈধভাৱে সোণ সৰবৰাহ কৰি আটক যাত্ৰী

author img

By

Published : Aug 18, 2023, 8:44 PM IST

এজন যাত্ৰীয়ে এটা লাগেজত সোণৰ নাট-বল্ট লগাই অবৈধভাৱে কঢ়িয়াই নিবলৈ চেষ্টা কৰি আটক হয় ৷ বেংগালুৰু শুল্ক বিভাগৰ বিষয়াসকলে যাত্ৰীজনক আটক কৰি বেগটো পৰীক্ষা কৰাৰ সময়ত সোণখিনি উদ্ধাৰ কৰে ৷

A passenger detained for carrying gold
অবৈধভাৱে সোণ সৰবৰাহ কৰি আটক যাত্ৰী

নিউজ ডেস্ক, 18 আগষ্ট : বৃহস্পতিবাৰে এজন যাত্ৰীয়ে এটা লাগেজত সোণৰ নাট-বল্ট লগাই অবৈধভাৱে কঢ়িয়াই নিবলৈ চেষ্টা কৰি আটক হয় ৷ এই সন্দৰ্ভত কিছু তথ্যৰ ভিত্তিত বেংগালুৰু শুল্ক বিভাগৰ বিষয়াসকলে যাত্ৰীজনক আটক কৰি বেগটো পৰীক্ষা কৰাৰ সময়ত সোণখিনি উদ্ধাৰ কৰে ৷

১৮ আগষ্টত দেৱনাহল্লীৰ কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ডুবাইৰ পৰা অহা এমিৰেটছৰ ৫৬৮ নম্বৰ বিমানত এজন যাত্ৰীয়ে অবৈধভাৱে সোণ কঢ়িয়াই অনাৰ তথ্য লাভ কৰিছিল বিভাগীয় কৰ্তৃপক্ষই ৷ সেই অনুসৰি আয়কৰ বিভাগৰ এয়াৰ ইণ্টেলিজেন্স ইউনিটে যাত্ৰীজনক আটক কৰি তেওঁৰ লাগেজ পৰীক্ষা কৰাৰ সময়তে এই ঘটনা পোহৰলৈ আহে ৷

লগতে পঢ়ক : Chhattisgarh Govt Aid For Himachal : হিমাচলৰ দুৰ্যোগপীড়িতৰ বাবে ছত্তীশগড় চৰকাৰৰ ১১ কোটি সাহায্য

যাত্ৰীজনে নিজৰ লাগেজত সোণৰ নাট-বল্ট লগাই বহিঃৰাষ্ট্ৰৰ পৰা সোণ সৰবৰাহৰ চেষ্টা চলাইছিল ৷ বেংগালুৰু শুল্ক বিভাগৰ বিষয়াই এই তথ্য লাভ কৰি যাত্ৰীজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ২৬৭ গ্ৰাম সোণ জব্দ কৰে ৷ বিভাগীয় বিষয়াসকলে জনোৱা মতে ঘটনা সন্দৰ্ভত তদন্ত চলি আছে ৷

A passenger detained for carrying gold
লাগেজত সোণৰ নাট-বল্ট লগাই অবৈধভাৱে সোণ সৰবৰাহৰ চেষ্টা

বেংগালুৰু শুল্ক বিভাগে টুইটাৰত এই সন্দৰ্ভত জনাই যে, প্ৰফাইলিঙৰ ভিত্তিত এ আই ইউ চি বেংগালুৰু কাষ্টমছে এমিৰেটছৰ বিমান ইকে ৫৬৮ যোগে অহা এজন যাত্ৰীক আটক কৰে ৷ যাত্ৰীজনৰ পৰা ২৬৭ গ্ৰাম সোণ পোৱা গৈছে ৷ পৰৱৰ্তী কাৰ্যবিধিৰ প্ৰক্ৰিয়া চলি আছে ৷

উল্লেখ্য যে, বিমানবন্দৰত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ কথাই প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ বিমানবন্দৰত মালেয়েছিয়াৰ পৰা অহা এজন যাত্ৰীয়ে বেগত অজগৰকে ধৰি আন কেইবাটাও সৰীসৃপ অবৈধভাৱে সৰবৰাহ কৰাৰ চেষ্টা কৰোতে বিমানবন্দৰত আটক কৰে বিভাগীয় বিষয়াই ৷

লগতে পঢ়ক : Kashmiri separatist leader Yasin Malik : য়াছিন মালিকৰ পত্নীক পাক প্ৰধানমন্ত্ৰীৰ তত্ত্বাৱধায়কৰ বিশেষ উপদেষ্টা নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.