ETV Bharat / bharat

World Father's Day : পিতৃ দিৱসৰ দিনটোত কিয় চৰ্চিত হৈছে চুৰাটৰ ৰামলখন ? - Fathers day

ফুটপাথত চাহৰ দোকান দিয়া পিতৃয়ে ৩ কন্যাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে । পিতৃৰ কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামক প্ৰশংসা বিভিন্নজনৰ । পিতৃ দিৱসত চৰ্চিত অন্য এটা নাম হৈছে ৰামলখন ।

World Fathers Day
পিতৃ দিৱসৰ দিনটোত কিয় চৰ্চিত হৈছে চুৰাটৰ ৰামলখন
author img

By

Published : Jun 18, 2023, 6:12 PM IST

নেশ্যনেল ডেস্ক,১৮ জুন : আজি বিশ্বজুৰি পালন কৰা হৈছে পিতৃ দিৱসৰ । পিতৃসকলক সন্মান জনোৱাৰ উদ্দেশ্যে পালন কৰা এই বিশেষ দিনটোতে চৰ্চালৈ আহিছে চুৰাটৰ এগৰাকী ব্যক্তি । ফুটপাথত অতি সাধাৰণ এখন চাহৰ দোকান দি পৰিয়াল পোহপাল দিয়া লোকজনৰ তিনিওগৰাকী কন্যাই আজি ৰাষ্ট্ৰীয় প্ৰেক্ষপটত উজলিছে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে লোকজনৰ কন্যা সন্তানকেইগৰাকীয়ে । পিতৃৰ সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ বাবে আজি দেশত সৃষ্টি হৈছে তিনিগৰাকী মল্লযুঁজাৰুৰ ।

দিনদোলীত বাস কৰা চৰ্চিত লোকজন হৈছে ৰামলখন ৰায়কৱাৰ । উধানা ঔদ্যোগিক এলেকাত এখন ঠেলা চাহ-বিস্কুট বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিছে ৰামলখনে । ৰামলাখনৰ তিনিগৰাকী কন্যা সন্তানক এই সৰু দোকানখন চলাইছে ডাঙৰ দীঘল কৰিছে । আজি তেওঁৰ তিনিওগৰাকী কন্যা ক্ৰমে নীলম, সোনো আৰু মনুৱে মল্লযুঁজৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিছে । পিতৃ হিচাপে ৰামলখন আজি গৌৰৱান্বিত । কেৱল পিতৃৰে নহয় মাতৃৰো দায়িত্ব পালন কৰিছে ৰামলখনে ।

কঠোৰ সংগ্ৰাম কৰিয়ে ৰামলখনে কন্যাই দেখা সপোনটো পূৰণ কৰিছে । ৰামলাখনৰ এজন পুত্ৰও আছে । ৰামলাখনৰ কন্যা মনু ৰায়কৱাৰ এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ । মনু আৰু সোনোৱেও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কেইবাটাও সোণৰ পদক অৰ্জন কৰিছে ।

সফলতাৰ আঁৰৰ কাহিনী বৰ্ণনা কৰি মনুৱে কৈছে যে, তেওঁ জীৱনত যি অৰ্জন কৰিছে, সেয়া শিক্ষাতে হওক বা মল্লযুঁজতে হওক, কেৱল মাত্ৰ পিতৃৰ বাবে সম্ভৱ হৈছে । যিখন সমাজে কন্যা সন্তানক মল্লযুঁজৰ দৰে ক্ৰীড়াৰ বাবে অনুমতি নিদিয়ে সেইখন সমাজক প্ৰত্যাহ্বান জনাই ৰামলখনে তিনিওগৰাকী কন্যাকে মল্লযুঁজাৰু কৰি তুলিছে ।

পিতৃ ৰামলখনেও তিনিওগৰাকী কন্যাৰ সফলতাত আনন্দিত । তেওঁ উল্লেখ কৰা মতে উত্তৰ প্ৰদেশৰ পৰা কামৰ সন্ধানত তেওঁ তালৈ গৈছিল । প্ৰথমে শ্ৰমিক হিচাপে কাম কৰি কিছু টকা সংগ্ৰহ কৰি তেওঁ এই চাহৰ দোকানখন আৰম্ভ কৰিছিল । সন্তানৰ সকলো আশা পূৰণ কৰাৰ বাবে দিন ৰাতি কষ্ট কৰিছিল ৰামলখনে । তেওঁৰ মতে এগৰাকী কন্যা সন্তান পুত্ৰতকৈ কোনো গুণে কম নহয় ।

সেয়েহে তেওঁলোকক শিক্ষিত কৰাৰ লগতে প্ৰতিটো ক্ষেত্ৰতে অনুপ্ৰেৰণা দিব লাগে বুলিও কয় ৰামলখনে । এনে এগৰাকী পিতৃৰ কঠোৰ পৰিশ্ৰম আৰু সাহসক আজি দেশবাসীয়ে প্ৰশংসা কৰিছে । পিতৃ দিৱসৰ দিনটোত সেয়ে আজি চৰ্চিত হৈ পৰিছে ৰামলখন ।

লগতে পঢ়ক :Happy Father's Day 2023: প্ৰতিগৰাকী পিতৃৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.